নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

Village of Deaf: এই গাঁৱৰ কোনোৱে কানেৰে শুনা নাপায়, কথা কয় মাথো হাতৰ ইংগিতত!

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ  পাহাৰ, জংঘলেৰে আবৃত অপৰূপ প্রাকৃতিক সৌন্দর্যৰে ভৰপুৰ এই গাঁওখনত প্রায় ৩,০০০ মানুহে বাস কৰে। এই গাঁৱৰ অধিকাংশ বাসিন্দাই অত্যন্ত দৰিদ্র। অপৰূপ প্রাকৃতিক সৌন্দর্যৰে ভৰা গাঁওখনক এটি বিশেষ কাৰণে এতিয়া জানে বিশ্বৰ বিভিন্ন প্রান্তৰ লোকে। সেই বিশেষ কাৰণটো হ’ল, এই গাঁৱৰ প্রায় সকলো লোকেই বধিৰ, নোশুনে কানেৰে। লগতে তেওঁলোকে পৰস্পৰৰ সৈতে কথা পাতে বিশেষ সাংকেতিক ভাষাত!
এই গাঁৱৰ প্রায় ৩,০০০ মানুহৰ পৰস্পৰৰ সৈতে যি সাংকেতিক ভাষাত কথা পাতে তাক ‘কাতা কোলক’ নামৰে পৰিচিত। এই গাঁৱৰ সকলোৱেই যে বধিৰ, তেনে কিন্তু নহয়! কিন্তু বেছিভাগ বাসিন্দাই মূক-বধিৰ হোৱাসকলৰ দৰেই ‘কাতা কোলক’-পদ্ধতিৰে পৰস্পৰৰে সৈতে কথাবার্তা পাতে।
ইন্দোনেছিয়াৰ বালি দ্বীপৰ উত্তৰে অৱস্থিত বিচিত্র এই গাঁৱৰ নাম বেংকালা (Bengkala)। অৱশ্যে বিশ্বৰ বিভিন্ন প্রান্তৰ হাজাৰ হাজাৰ মানুহৰ বাবে এই গাঁওখন ‘The Village Of Deaf’ নামেৰেহে অধিক পৰিচিত!
মূলত, পশুপালনেই হৈছে এই গাঁৱৰ বাসিন্দাসকলৰ প্রধান জীবিকা। কিন্তু প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই গাঁৱলৈ অহা বিদেশী পর্যটকৰ বাবেও আংশিক উপার্জন হয় গাঁওবাসীৰ। এই গাঁৱলৈ অহা পর্যটকসকলৰ সৈতেও ইংগিততে ‘কথা’ পাতে বেংকালা গাঁৱৰ বাসিন্দাসকলে।
বেংকালা গাঁৱৰ অবিচ্ছেদ্য অংশ হৈ উঠিছে ‘কাতা কোলক’ নামৰ এই বিশেষ সাংকেতিক ভাষাটো। ইপিনে এই গাঁৱৰ মানুহৰ আন্তর্জাতিক সাংকেতিক ভাষাও শিকিবলৈ আৰম্ভ কৰিছে। দেশ-বিদেশৰ পৰা অহা পর্যটকসকলৰ মূল আকর্ষণ হ’ল ‘জাঞ্জেৰ কোলক’ বা বধিৰ নৃত্য।
বিজ্ঞানীসকলে মতে, এই গাঁৱৰ অধিকাংশ বাসিন্দাই বিৰল এক জিনগত ত্রুটিৰ চিকাৰ। এই বিশেষ জিনগত ত্রুটিক বিজ্ঞানীসকলে চিহ্নিত কৰিছে DFNB3 নামেৰে। এই জিনগত ত্রুটিৰ কাৰণে মানুহৰ শ্রবনশক্তি অত্যন্ত ক্ষীণ হৈ যায় বা তেওঁলোক বধিৰ হৈ যায়। DFNB3-ৰ কাৰণেই মূলত বেংকালা গাঁৱৰ অধিকাংশ বাসিন্দাই বধিৰ।
You might also like