ছোনিয়াৰ নির্দেশত গুৱাহাটীত উপস্থিত এআইচিচিৰ তিনি শীর্ষ নেতা
নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে ১০+ আসন দখল কৰি ৰাজ্যত পুনৰ চৰকাৰ গঠনৰ লক্ষ্যক বাস্তৱ ৰূপ দিয়াৰ বাবে কার্যক্ষেত্রত নামি পৰাৰ সময়তে অসমত কংগ্রেছ দলৰ স্থিতিক লৈ সাংঘাতিক ধৰণে উদ্বিগ্ণ হৈ পৰিছে হাইকমাণ্ড৷ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰাই ৰাজ্যখনলৈ সঘনাই আহি বিভিন্ন দলীয় কার্যসূচীত অংশগ্রহণ কৰি দলক গতিশীল কৰাত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে৷ এইক্ষেত্রত তত্ত্বাৱধায়ক সিঙৰ সহায়ক হোৱাকৈ এ আই চি চিৰ চাৰিগৰাকীকৈ সম্পাদকক সহঃ তত্ত্বাৱধায়ক হিচাপে হাইকমাণ্ডে যোৱাবছৰৰ ডিচেম্বৰ মাহতে নিযুক্তি দিয়ে৷ সহঃ তত্ত্বাৱধায়ককেইগৰ বিগত দিনসমূহত ৰাজ্যখনৰ বিভিন্ন জিলালৈ গৈ দলীয় নেতা–কর্মীৰ সৈতে মিলিত হয়৷ শেহতীয়াকৈ কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীয়ে এ আই চি চিৰ তিনি জ্যেষ্ঠ নেতা চত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেল, মুকুল ৱাচনিক আৰু চাকিল আহমেদ খানক অসমত পর্যবেক্ষক হিচাপে নিযুক্তি দিয়ে৷
ৰাজ্যখনত কংগ্রেছ দলৰ স্থিতি আৰু নির্বাচনী প্রস্তুতিৰ বুজ লোৱাৰ বাবে আজি গুৱাহাটীত আহি উপস্থিত হৈছে তিনিওগৰাকী জ্যেষ্ঠ পর্যবেক্ষক৷ তেওঁলোকৰ সৈতে আহিছে প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙো৷ গুৱাহাটীত উপস্থিত হৈয়েই চত্তিশগড়ৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেল কামাখ্যা মন্দিৰলৈ গৈ পূজা–র্চনা আগবঢ়ায়৷ সন্ধিয়াৰ ভাগত মহানগৰীৰ হোটেল পেলেচি’ত পর্যবেক্ষককেইগৰাক্ প্রদেশ কংগ্রেছৰ নেতৃবৃন্দৰ লগতে প্রমুখ সংগঠনসমূহৰ নেতৃবৃন্দৰ লগত মত বিনিময় কৰে৷ কাইলৈ দিনৰ ভাগত তেওঁলোকে প্রতিটো ব্লক কংগ্রেছৰ নেতৃবৃন্দকে ধৰি সকলো কংগ্রেছ নেতা–কর্মীৰ সৈতে মত বিনিময় কৰিব৷
প্রদেশ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, তিনিওগৰাকী পর্যবেক্ষকে এই যাত্রাতেই তৃণমূল পর্যায়ৰ পৰা শীর্ষ পর্যায়ত নেতৃত্বৰ সৈতে মত বিনিময় কৰি ৰাজ্যখনৰ কোনখন জিলাৰ কোন সমষ্টিত বর্তমান দলৰ স্থিতি কেনেধৰণৰ, আসন্ন বিধানসভা নির্বাচনত যুঁজাৰ বাবে কিমান সাজু, নির্বাচনী ৰণনীতি কেনেদৰে যুগুতাইছে সেই সকলো দিশ পর্যালোচনা কৰাৰ লগতে মিত্রতাৰ প্রাসংগিকতাৰ ওপৰতো পর্যালোচনা কৰিব৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি অসমৰ পৰা উভতি গৈ তিনি পর্যবেক্ষকে হাইকমাণ্ডক দাখিল কৰা প্রতিবেদনৰ আধাৰতে আসন্ন বিধানসভা নির্বাচনত কংগ্রেছে কোন কোন দলৰে মিত্রতা কৰিব, সেয়া নিশ্চিত হ’ব৷