নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড়ত মুখ্যমন্ত্রীৰ বাসগৃহৰ সমীপতে চাহ শ্রমিকৰ বিশাল প্রতিবাদী সমাৱেশ

নিয়মীয়া বাৰ্তা, ১৯ জানুৱাৰীঃ ডিব্রুগড় চহৰ আজি কঁপি উঠিল চাহ শ্রমিকৰ বিশাল বিক্ষোভত৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ বাসগৃহৰ নিলগৰ মানকটা খেলপথাৰত শ্রমিক সংগঠন এচিএমএছৰ উদ্যোগত উজনি অসমৰ চাৰিখন জিলাৰ চাহ শ্রমিকৰ গর্জন কার্যসূচীত কঁপি উঠিল ডিব্রুগড়৷ চাহ শ্রমিকৰ মজুৰিবৃদ্ধিকে ধৰি অন্যান্য বিভিন্ন দাবী সন্দর্ভত অচল হ’ল উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ, তিনিচুকীয়া আৰু ডিব্রুগড়ৰ কেইবাশ চাহ বাগিচা৷বাগিচাৰ কামবন্ধ কৰি হাজাৰ হাজাৰ চাহ শ্রমিক ওলাই আহিল প্রতিবাদস্থলীলৈ৷

ৰাজ্যখনৰ লক্ষ লক্ষ চাহ শ্রমিকৰ নূ্যনতম মজুৰিৰ এক সুস্থিৰ সিদ্ধান্ত গ্রহণ কৰি তাক কার্যকৰী কৰাত চূডান্তভাৱে বিজেপি চৰকাৰ বিফল হোৱাৰ অভিযোগ কৰে৷ ২০১৭ চনৰ ছেপ্ঢেম্বৰত চাহ শ্রমিকৰ নূ্যনতম মজুৰি সন্দর্ভত এক নির্দেশনা জাৰি কৰাৰ লগতে তদানীন্তন মুখ্য সচিব এম জি কে ভানুৱে সেই সময়ত চাহ শ্রমিকৰ মজুৰি ৩৫১ টকা হ’ব বুলি এক প্রস্তাৱ দাখিল কৰিছিল৷ সেই প্রস্তাৱ পৰৱর্তী ২০১৮ চনৰ পহিলা জানুৱাৰীৰ পৰা কার্যকৰী হ’ব বুলি অসম চাহ মজদুৰ সংঘকে ধৰি অন্যান্য ড্রেড ইউনিয়ন আৰু সকলো চাহ শ্রমিকেও আশাৰে বাট চাইছিল যদিও বাস্তৱত কার্যকৰী নহ’ল৷ এবছৰ পাৰ হৈ যোৱাৰ পাছত উক্ত প্রস্তাৱ কার্যকৰী নকৰাত এচিএমএছে (অসম চাহ মজদুৰ সংঘ) অন্তর্ৱর্তীকালীন এক সাহায্য দিয়াৰ দাবী জনায়৷

চৰকাৰ, মালিক পক্ষৰ সৈতে কেইবালানি আলোচনাৰ অন্তত ৰাজ্যৰ শ্রমমন্ত্রীয়ে পূর্বনির্ধাৰিত অন্তর্ৱর্তীকালীন ভাত্তা ৫০ টকাৰ সলনি ৩০ টকাহে ধার্য কৰি পহিলা জানুৱাৰীৰ পৰিৱর্তে মার্চৰ পৰা দিয়াৰ ব্যৱস্থা কৰে৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বাবে ৰাজ্যৰ প্রতিগৰাকী শ্রমিকে ১,৫৬০ টকাকৈ হেৰুৱাব লগা হয়৷ ফলত ৰাজ্যৰ ৮ লাখ শ্রমিকৰ সর্বমুঠ ১২৪ কোটি টকা চাহ উদ্যোগসমূহক বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰে ৰেহাই দিয়াটোৱে যথেষ্ট ৰহস্যৰ সৃষ্টি কৰা বুলি এচিএমএছে অভিযোগ কৰে৷ এগৰাকী মুখ্য সচিবৰ দিনত যদি নূ্যনতম মজুৰি ৩৫১ টকা নির্ধাৰণ কৰা হয়, সেই একে চৰকাৰৰ মুখ্য সচিব সঞ্জয় কৃষ্ণৰ দিনত ১৯৪ টকা ধার্য কৰাটো মুখ্যমন্ত্রী সোণোৱালৰ শ্রমিকবিৰোধী নীতি বুলি তীব্র ক্ষোভ উজাৰে৷ সমগ্র বিষয়বস্তুৰ ওপৰত এচিএমএছে তীব্র বিৰোধিতা কৰি আহিছে যদিও চৰকাৰে শ্রমিকক আভুৱা–ভাঁৰি আহিছে৷ এতিয়া বিজেপি চৰকাৰে দুখীয়া শ্রমিকৰ ন্যায্য প্রাপ্য প্রদান নকৰি তেওঁলোকৰ একাউণ্টত মাত্র ২–৩ হাজাৰ টকা ভৰাই ৰাজনীতি কৰিছে বুলি প্রতিক্রিয়া প্রকাশ কৰে৷

আনহাতে, ক্ষুদ্র চাহ খেতিয়কৰ লগত থকা প্রায় ৫ লাখ চাহ শ্রমিকৰ কোনো নির্দিষ্ট মজুৰি নাই, নাই কোনো পিএফ, স্বাস্থ্য সেৱা, বোনাছ, গ্রেছুইটী আদি৷ ৰাজ্য চৰকাৰৰ ৱেজ ব’র্ডেও ২৪০ টকা ধার্য কৰি দিছিল যদিও একাংশ ৰাজনীতিকৰ পৃষ্ঠপোষকতাত থকা বাগানসমূহে আজিও শ্রমিকক শোষণ কৰি বঞ্চিত কৰি আহিছে৷ আজিৰ তাৰিখত চাহ শ্রমিকসকলৰ নূ্যনতম মজুৰি কিমান সেয়া সুস্পষ্ট হ’ব লাগে, সেয়া প্রতিগৰাকী শ্রমিকেও জনা উচিত বুলি দাবী কৰে এচিএমএছৰ সভাপতি তথা প্রাক্তন কেন্দ্রীয় মন্ত্রী পৱন সিং ঘাটোৱাৰে৷ শ্রমিকসকলৰ বিভিন্ন সমস্যাক লৈ সেয়ে চাহ শ্রমিক এতিয়া ক্ষুব্ধ বুলি কৈ স্বয়ং মুখ্যমন্ত্রীৰবাসগৃহ্ কিছু নিলগতে এনে বিশাল গণ সমাৱেশৰ আয়োজন কৰা হয়৷ বিক্ষোভ কার্যসূচীত প্রায় এক লাখ লোকৰ সমাৱেশ হোৱাৰ লগতে নির্বাচনৰ পূর্বে বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্রেছৰ বি টীম হিচাপে পৰিচিত এচিএমএছে আজি নিজৰ শক্তি প্রদর্শন কৰে বুলি বহুল চর্চিত হৈছে৷ আনহাতে, অহা ২১ জানুৱাৰীত বিশ্বনাথত আৰু ২৮ জানুৱাৰীত যোৰহাটত ন্যায্য প্রাপ্যৰ দাবীত বিশাল শ্রমিক বিক্ষোভ কার্যসূচী অনুষ্ঠিত কৰা হ’ব৷

You might also like