নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাভিমানী অসমীয়াই ভোট নিদিয়ে এআইইউডিএফ–কংগ্রেছক্

ছিপাঝাৰত পৃষ্ঠাপ্রমুখ সন্মিলনত ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ উপস্থিতিত ৫ শতাধিক বিজেপিলৈ

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ আগন্তুক বিধানসভা নির্বাচনৰ ৰণডংকা বজাই আজি ছিপাঝাৰত অনুষ্ঠিত হয় বিজেপিৰ প্রথমখন পৃষ্ঠাপ্রমুখ সন্মিলন৷ ছিপাঝাৰ বিধানসভা সমষ্টিৰ প্রায় চাৰে তিনি হাজাৰ পৃষ্ঠাপ্রমুখ কার্যকর্তাক লৈ ছিপাঝাৰ একাডেমী খেলপথাৰত অনুষ্ঠিত সভাখনত অংশ লৈ দলটোৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে আগন্তুক নির্বাচনত ভাৰতীয় জনতা পার্টীৰ চৰকাৰ নিশ্চিত বুলি দাবী কৰে৷ কংগ্রেছ, এ আই ইউ ডি এফ আৰু বাঁওপন্থী দলসমূহক কঠোৰ ভাষাৰে সমালোচনা কৰি এই দলসমূহৰ মিত্রতাই ভাৰতীয় জনতা পার্টীক তিলমানো ক্ষতি কৰিব নোৱাৰে বুলি উল্লেখ কৰি কোনো স্বাভিমানী অসমীয়াই কংগ্রেছ–ইউ ডি এফক ভোট নিদিয়ে বুলি মন্তব্য কৰে৷ একেদৰে ভাৰতীয় জনতা পার্টীৰ চৰকাৰৰ দিনত কোনো এগৰাকী মুছলমান লোকে হাৰাশাস্তিৰ সন্মুখীন নোহোৱাৰ বাবেই সংখ্যালঘু লোকসকলো দলটোৰ প্রতি আকর্ষিত হৈছে বুলি প্রকাশ কৰি ৰাজ্যিক সভাপতিগৰাকীয়ে বিবেকৱান মুছলমানে কংগ্রেছ, এ আই ইউ ডি এফক আৰু ভোট নিদিয়ে বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে৷ তদুপৰি এইবাৰ সংখ্যালঘু মূলৰ লোকৰ বসতিপূর্ণ চাৰিটা বিশেষ সমষ্টিত ভাৰতীয় জনতা পার্টীয়ে প্রার্থী থিয় কৰোৱাৰ বাবে ইতিমধ্যে চাৰিগৰাকী প্রার্থী ঠিক কৰা বুলিও অৱগত কৰে৷

চৰকাৰৰ বিভিন্ন আঁচনিত উপকৃত হোৱা নব্বৈ লাখ হিতাধিকাৰীৰ আশীর্বাদ এইবাৰ নির্বাচনৰ মূলধন হ’ব বুলি বক্তব্য ৰাখি ৰঞ্জিত দাসৰ স্পষ্ট মত– ‘এইবাৰ ৰাইজে আৰু আৱেগ চাই ভোট নিদিয়ে৷ বিগত পঞ্চায়ত আৰু লোকসভা নির্বাচনৰ ফলাফলেই প্রমাণ কৰিছে অসমৰ ৰাইজে প্রকৃততে কি বিচাৰে৷’ ইফালে প্রতিগৰাকী পৃষ্ঠাপ্রমুখক নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাই আগন্তুক ৭ ফেব্রুৱাৰীৰ ভিতৰত ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিতেই এই পৃষ্ঠাপ্রমুখ সন্মিলন অনুষ্ঠিত হ’ব বুলিও উল্লেখ কৰে৷ দৰং জিলা ভাৰতীয় জনতা পার্টীৰ সভাপতি অমৰ শর্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত দলটোৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই আগন্তুক নির্বাচনে খিলঞ্জীয়া ৰাইজৰ ভৱিষ্যৎ নিৰূপণ কৰিব বুলি উল্লেখ কৰি বিগত সময়ত অসমৰ জাতীয় সমস্যাসমূহ চৰকাৰে পেলাই থোৱাৰ পিছত ভাৰতীয় জনতা পার্টীৰ চৰকাৰেহে প্রতিটো জাতীয় সমস্যাই সমাধান কৰে বুলি উল্লেখ কৰে৷ আনহাতে জাতি–বর্ণ তথা ধর্ম নির্বিশেষে প্রতিগৰাকী লোকৰ বাবেই বিজেপি চৰকাৰে কাম কৰা বুলি দাবী কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সবল নেতৃত্বকো প্রশংসা কৰে৷ সভাত দলীয় কর্মীসকলৰ উৎসাহ দেখি অভিভূত হৈ পৰে দুয়োগৰাকী নেতা, আনকি পূর্বতকৈও অধিক ভোটত জয়ী হ’ব বুলিও নিশ্চিতি দিয়ে৷ দলটোৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শর্মায়ো সাংগঠনিক দিশ সন্দর্ভত বক্তব্য ৰখা সভাখনত একালৰ অগপ নেতা তথা বর্তমানৰ কংগ্রেছ নেতা, জিলা পৰিষদৰ প্রাক্তন সদস্য হেমন্ত ডেকা, জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ দৰং জিলা সমিতিৰ প্রাক্তন সভাপতি–সম্পাদক ভূপেন কুমাৰ নাথ আৰু চন্দন শইকীয়া, নির্দলীয় ঐক্যমঞ্চৰ নেতা দিলীপ ডেকাকে ধৰি কংগ্রেছ, অগপৰ পৰা ৫৪৫ নেতা–কর্মীয়ে ভাৰতীয় জনতা পার্টীৰ কাম–কাজ আৰু ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ প্রতি আনুগত্য প্রকাশ কৰি দলটোত যোগদান কৰে৷ ইফালে নিজৰ বক্তব্যত ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিগত চাৰে চাৰি বছৰীয়া কালছোৱাত ছিপাঝাৰক নগৰ ঘোষণা, বাট–পথৰ উন্নয়ন, ছিপাঝাৰত গডাকাপ্ঢানী সংমণ্ডল, ছিপাঝাৰ ষ্টেডিয়াম আদিকে ধৰি উন্নয়নৰ খতিয়ান দাঙি ধৰি আজিৰে পৰা প্রতিগৰাকী কার্যকর্তাক নির্বাচনলৈ টঙালি বান্ধিবলৈ আহ্বান জনায়৷ একেদৰে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাসে বিজেপিৰ কাম–কাজৰ বাবেই অসমৰ ৰাইজে আজি হূদয়েৰে দলটোক আঁকোৱালি লোৱা বুলি উল্লেখ কৰে৷ লক্ষণীয় যে জিলা সম্পাদক মিহিৰ চহৰীয়াই আঁত ধৰা অনুষ্ঠানত মৰাণ ছাত্র সন্থাৰ প্রাক্তন সভাপতি অৰুণজ্যোতি মৰাণ, কেন্দ্রীয় নেতা অমিয় ভূঞা, জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্র ডেকা, ৰাজ্যিক কার্যনির্বাহক মনোজ চহৰীয়া, নীলিমা দেৱীকে ধৰি দলীয় নেতা–কর্মী উপস্থিত থাকে৷

You might also like