বিধানসভা নির্বাচনত যুঁজিবলৈ সম্পূর্ণ সাজু ইউপিপিএল
নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ নিখিল বড়ো ছাত্র সন্থা চমুকৈ এবছু হ’ল বড়ো জাতিৰ ৰাজহাড়৷ বডোসকলৰ আর্থ–সামাজিক, শৈক্ষিক, সাংস্কৃতিক আদি বিভিন্ন দিশৰ উন্নয়নৰ বাবে এবছুৱে উল্লেখযোগ্য ভূমিকা গ্রহণ কৰি আহিছে৷ –এই মন্তব্য বিটিআৰৰ মুখ্য কার্যবাহী প্রমোদ বড়োৰ৷ আজি কোকৰাঝাৰ জিলাৰ চিম্বৰগাঁৱৰ মাইনাও নৌগৌৰ পথাৰত অনুষ্ঠিত কোকৰাঝাৰ জিলা এবছুৰ ৫২সংখ্যক অধিৱেশনৰ মুকলি সভাত বিশেষ অতিথি হিচাপে অংশগ্রহণ কৰি প্রমোদ বডোৱে এই মন্তব্য কৰে৷ লগতে এবছুৰ গঠনমূলক কাম–কাজত পৰিষদীয় চৰকাৰে সহযোগিতা আগবঢ়াই যাব বুলি মত প্রকাশ কৰি প্রমোদ বডোৱে বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি–জনগোষ্ঠীয় ছাত্র সংগঠনৰ নেতৃবৃন্দকো জাতি, সমাজৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ আহ্বান জনায়৷ আনহাতে প্রমোদ বডোৱে সংবাদ মাধ্যমৰ আগত কয়– সুস্থ, হিংসামুক্ত, শান্তিৰ সমাজ আমাৰ সকলোৰে কাম্য৷ বিগত ২০–৩০টা বছৰে অঞ্চলটোত বিভিন্ন ঘটনা সংঘটিত হ’ল৷ এতিয়া সকলোকে লৈ সকলো দিশত উন্নয়ন কৰাই হ’ল আমাৰ লক্ষ্য৷ অকল এবছুৱে নহয়, সমাজৰ উন্নয়নৰ বাবে কাম কৰা প্রতিটো ছাত্র সংগঠন, জাতীয় সংগঠনৰ স’তে আমি সহযোগিতাৰে কাম কৰিম বুলি মন্তব্য কৰিছে প্রমোদ বডোৱে৷ সাংবাদিকে সোধা এক প্রশ্ণোত্তৰত প্রমোদ বডোৱে বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী তথা বর্তমান কাৰাবন্দী হৈ থকা ৰঞ্জন দৈমাৰীৰ লগতে আন সকলো সংগ্রামীক আইনগত পদ্ধতিৰে মুকলি কৰি দিবলৈ চৰকাৰক আহ্বান জনায়৷ এনডিএফবিৰ কেছসমূহ নিষ্পত্তি কৰিবলৈ ৪খন বিশেষ ক’ট বহুওৱাৰ অনুমতি বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়লৈ প্রস্তাৱ পঠিওৱা কার্যক আদৰণি জনাইছে প্রমোদ বড়ো৷
এনডিএফবিৰ গোচৰসমূহ নিষ্পত্তি হোৱাৰ আশা প্রকাশ কৰি প্রমোদ বডো়ৱে অসম চৰকাৰে এনডিএফবিৰ সদস্যসকলক পুনৰ সংস্থানৰ বাবে লোৱা পদক্ষেপক কৃতজ্ঞতা জনাইছে৷ তদুপৰি সাংবাদিকৰ আন এক প্রশ্ণোত্তৰত প্রমোদ বডোৱে আগন্তুক বিধানসভা নির্বাচনত যুঁজিবলৈ ইউপিপিএল দল সম্পূর্ণৰূপে সাজু বুলি মন্তব্য কৰে৷ ইপিনে এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ ৫২সংখ্যক অধিৱেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এবছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে অহা ২৪ জানুৱাৰীৰ পৰা ২৭ জানুৱাৰীলৈকে তিনিদিনীয়া কার্যসূচীৰে বিটিআৰ চুক্তি দিৱস উদ্যাপন কৰা হ’ব৷ প্রথম দিনা গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত থাকিব আৰু এনডিএফবিৰ গোচৰ নিষ্পত্তিৰ পদ্ধতিগত প্রাৰম্ভিক তালিকা ঘোষণা কৰাৰ সম্ভাৱনা আছে৷ বিটিআৰ চুক্তিৰ ৯.৪নং দফাত এনডিএফবিৰ গোচৰ নিষ্পত্তিকৰণৰ কথা উল্লেখ আছে বুলি মন্তব্য কৰি লৰেঞ্চ ইছলাৰীয়ে প্রথমবাৰৰ বাবে অসম চৰকাৰে এনডিএফবি সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে লোৱা পদক্ষেপক আদৰণি জনাইছে৷ আনহাতে ইয়াৰ পূর্বে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে অধিৱেশনৰ সৈতে সংগতি ৰাখি চিম্বৰগাঁও অঞ্চলত এবছুৰ সৈতে জডিত থাকি শ্বহীদবৰণ কৰা ৭গৰাকী শ্বহীদৰ স্মৃতিত নির্মাণ কৰিবলগীয়া শ্বহীদ বেদীৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে কালিৰে পৰা দুদিনীয়া কার্যসূচীৰে অনুষ্ঠিত এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ ৫২সংখ্যক অধিৱেশনৰ আজি অনুষ্ঠিত প্রতিনিধি সভাৰ জৰিয়তে কৃপেশ দৈমাৰীক সভাপতি আৰু খাম্পা বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ এবছুৰ কোকৰাঝাৰ জিলাৰ ২৭জনীয়া নতুন সমিতিখন গঠন কৰা হয়৷ আজি সামৰণি পৰা কোকৰাঝাৰ জিলা এবছুৰ অধিৱেশনৰ অন্যান্য কার্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে জিলা এবছুৰ সভাপতি জনক উজিৰে আৰু শ্বহীদ তর্পণ কৰে জিলা এবছুৰ উপ–সভাপতি মনীন বসুমতাৰীয়ে৷ উল্লেখ্য যে অধিৱেশনৰ মুকলি সভাত এবছুৰ উপৰি আছু, বিটিআৰ গোর্খা সমাজ, বিটিআৰ অনুসূচিত জাতি ছাত্র পৰিষদ, নিখিল ৰাভা ছাত্র সন্থা, সদৌ ৰাভা মহিলা পৰিষদ, গাৰো ছাত্র সন্থা, নেমছু, এবিএমছু, পশ্চিমবংগৰ আলিপুৰ জিলা এবছুৰ নেতৃবর্গৰ উপৰি আন আন দল–সংগঠনৰ প্রতিনিধি আৰু জিলাখনৰ বিভিন্ন প্রান্তৰ পৰা অহা সহস্রাধিক লোকে অংশগ্রহণ কৰে৷