নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনগোষ্ঠীয় নৃত্য–গীতেৰে মুখৰ খাগ্রাবাৰী–নৌলৌবাৰী পথাৰ

ওদালগুৰি জিলা এবছুৰ তিনিদিনীয়া অধিৱেশন

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ খাগ্রাবাৰীৰ নৌলৌবাৰী ফৌথাৰত চলি থকা ওদালগুৰি জিলা নিখিল বডো ছাত্র সন্থাৰ সোণালী জয়ন্তী বর্ষ অধিৱেশনৰ আজি দ্বিতীয় দিনৰ কার্যসূচীমর্মে পুৱা সংগঠনটোৰ পতাকা উত্তোলন কৰে জিলা সভাপতি আনন্দ দৈমাৰীয়ে৷ ইয়াৰ পিছত বডোফাৰ প্রতিমূর্তিত মাল্যার্পণ আৰু শ্রদ্ধাঞ্জলি জনায় এবছুৰ প্রাক্তন উপ–সভাপতি ৰবীন্দ্র মছাহাৰীয়ে৷ বিশেষ অতিথি হিচাপে শ্রদ্ধাঞ্জলি জনায় খৈৰাবাৰী স্নাতক কলেজৰ অধ্যক্ষ দেৱব্রত সেনে৷ অভ্যর্থনা সমিতিৰ দ্বাৰা প্রকাশিত স্মৃতিগ্রন্থ ‘খাগাৰানি ৰেগা’ উন্মোচন কৰে লেখক প্রাণেশ্বৰ বৰ’নার্জীয়ে৷ ইয়াৰ পিছত টংলা মহাবিদ্যালয়ৰ সহকাৰী প্রবক্তা ড০ অনাৰু বডোৰ সঞ্চালনাত আলোচনা–চক্রত সমল ব্যক্তি হিচাপে উপস্থিত থাকে এপিএছচিৰ প্রাক্তন সদস্য প্রফুল্ল হাজোৱাৰী৷ তেওঁ আইএএছ, এপিএছচি পৰীক্ষাৰ বাবে সাজু হ’বলৈ কেনেধৰণে প্রস্তুতি চলাব আৰু কোন কোন বিষয়ত গুৰুত্ব দিব লাগে সেই আটাইবোৰ গুৰুত্বপূর্ণ বিষয়ৰ ওপৰত দিহা–পৰামর্শ উপস্থিত শিক্ষার্থীসকলক আগবঢ়ায়৷ অনুষ্ঠানতে জিলাখনৰ পৰা এপিএছচি পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ নিজৰা বডো আৰু ডেভিদ দৈমাৰীক একোখন আৰনাই, ফুলৰ থোপা, গ্রন্থ, এবছুৰ স্মাৰক আদিৰে সম্বর্ধনা জনায়৷ মহিলা সবলীকৰণ সন্দর্ভত অনুষ্ঠিত আলোচনা–চক্র অনুষ্ঠান সঞ্চালনা কৰে ওদালগুৰি জিলাৰ বডো মহিলা কো–র্ডিনেচন কমিটীৰ সভানেত্রী ৰৈচুমৈ বসুমতাৰীয়ে৷ অনুষ্ঠানত সমল মহিলা হিচাপে অংশ লৈ ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্রী

মনালিছা দৈমাৰীয়ে কয় যে বর্তমান সময়ত মহিলাসকল ৰাজনৈতিক অধিকাৰ লাভৰ বাবে সচেতন হ’ব লাগিব৷ সংবিধানত মহিলাসকলৰ প্রদত্ত অধিকাৰ লাভৰ বাবে আজিৰ পুৰুষপ্রধান সমাজত মহিলাসকল অধিক শিক্ষাৰে শিক্ষিত হ’ব লাগিব৷ তেতিয়াহে মহিলাই প্রাপ্য অধিকাৰসমূহ পাবলৈ সক্ষম হ’ব৷ আলোচনা–চক্র উদ্বোধন কৰে ওদালগুৰিৰ এডিচি পিংকী বৰগয়াৰীয়ে৷ ইয়াৰ পিছত ওদালগুৰি জিলা এবছুৰ সাহিত্য সম্পাদিকা ৰংজালী দৈমাৰীয়ে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে নৃত্য প্রদর্শন কৰে৷ এই অধিৱেশনত বডো আন্দোলনত শ্বহীদ হোৱা ২৮৫গৰাকী শ্বহীদৰ পৰিয়ালক সম্বর্ধনা জনোৱা হয়৷ অনুষ্ঠানত এবছুৰ প্রাক্তন উপ–সভাপতি ৰোমি’ পি নার্জাৰী, এবছুৰ প্রাক্তন জনসম্পর্কৰক্ষী সচিব বুদ্ধিৰাম বডো, সদৌ বডো সাংস্কৃতিক পৰিষদৰ সাধাৰণ সম্পাদক বিজুয়েল নেলচন দৈমাৰী, ভেৰগাঁও জিলা দুবহাৰ সভাপতি শুক্রাম বডো প্রমুখ্যে বহুকেইগৰাকী বিশিষ্ট সমাজসেৱকে অংশ লয়৷ ইয়াৰ পিছতে প্রথম দিনৰ আধৰুৱা কার্যসূচীসমূহ পুনঃনুষ্ঠিত কৰে আৰু নিশালৈ চলিব৷ কাইলৈ ওদালগুৰি জিলা এবছুৰ সভাপতি আনন্দ দৈমাৰীয়ে সঞ্চালনা কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ ল’ব সংগঠনটোৰ সভাপতি দ্বিপেন বডো, বিশেষ অতিথি হিচাপে অংশ ল’ব বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বডো, মুকলি সভাৰ উদ্বোধক হিচাপে উপস্থিত থাকিব বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ চন্দ্র বসুমতাৰীসহ কেইবাগৰাকী বিশিষ্ট প্রাক্তন ছাত্র নেতাই৷

You might also like