নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ মেঘালয়ৰ এটা পুৰণি কয়লা খনিত প্ৰাণ হেৰুৱালে অসমৰ ৬গৰাকীকৈ কয়লা খননত জড়িত শ্ৰমিকে। কিছু পলমকৈ প্ৰাপ্ত খবৰ অনুযায়ী এই ঘটনা কালি সংঘটিত হৈছে পূব জয়ন্তীয়া পাহাৰস্থিত ডিমাচালাং গাঁওৰ ওচৰৰ কয়লাখনিত।
জানিব পৰা মতে ৫ গৰাকী শ্ৰমিকক ইতিমধ্যে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ লগতে পৰিয়ালক মৃতদেহ চমজাই দিয়া হৈছে যদিও এগৰাকী শ্ৰমিকৰ মৃতদেহ এতিয়াও কয়লাখাদতে আবদ্ধ হৈ আছে।
স্থানীয় প্ৰশাসনৰ মতে এই ঘটনা সংঘটিত হয় কয়লা খাদ চাফ-চিকুণ কৰি থকা অৱস্থাত। প্ৰশাসনৰ ফালৰ পৰা এই স্পষ্টীকৰণ দিয়া হৈছে যদিও গোপন সূত্ৰ অনুসৰি প্ৰশাসনৰ ফালৰ পৰা কয়লা খনন বন্ধ হৈ থকা সত্ত্বেও বহুতে অবৈধভাৱে খনন কাৰ্য অব্যাহত ৰাখিছে। এনে কাৰ্যৰ ফলতে কালি প্ৰাণ বিসৰ্জন দিব লগা হ’ল ৬ গৰাকীকৈ দুৰ্ভগীয়া শ্ৰমিকে।