নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফৰে মিত্রতা কৰি অসমত সংঘর্ষ সৃষ্টিৰ ষড়যন্ত্র কংগ্রেছৰ

ঢ়েকীয়াজুলিত বীৰছা মুণ্ডাৰ প্রতিমূর্তি উন্মোচন মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ সাম্প্রদায়িক মন্তব্যৰে বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত বিষবাষ্প বিয়পোৱাৰ চেষ্টা অব্যাহত ৰখা বদৰুদ্দিন আজমলৰ সৈতে কংগ্রেছে গঢ়ি তোলা মিত্রতাই ৰাজ্যত সংঘর্ষৰ সৃষ্টি কৰিব৷ –এই অভিযোগ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ ঢ়েকীয়াজুলিত শুকুৰবাৰে কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতাক ক্ষুৰধাৰ সমালোচনা কৰি মুখ্যমন্ত্রীয়ে কয়–কংগ্রেছ–এআইইউডিএফৰ্ এই মিতিৰালিৰে অসমত সংঘর্ষৰ সৃষ্টি কৰাৰ ষড়যন্ত্র কৰা হৈছে৷ কংগ্রেছৰ এই মিতিৰালিয়ে জাতিটোক বিনষ্ট কৰিব৷  ৰাজ্য চৰকাৰখনৰ উন্নয়নমূলক কাম–কাজক লৈ বিৰোধীয়ে অনাহকতে বিভিন্ন অভিযোগ আনিছে৷ বিৰোধী এতিয়া উপায়হীন হৈছে৷ সেয়েহে এনে ধৰণৰ অভিযোগ তুলিছে৷ কিন্তু ৰাজনৈতিক দলবোৰে যিমানেই চেষ্টা নকৰক কিয়, কেতিয়াও ৰাইজৰ হূদয় জয় কৰিব নোৱাৰে৷

উল্লেখ্য যে মুখ্যমন্ত্রী সোণোৱালে শুকুৰবাৰে মৈত্রী আঁচনিৰ অধীনত ঢ়েকীয়াজুলি আৰক্ষী থানাৰ নৱনির্মিত ভৱন আৰু ঐতিহ্যমণ্ডিত ঢ়েকীয়াজুলি থানাৰ নৱকৃত ভৱনৰ শুভ উদ্বোধন কৰে৷ মুখ্যমন্ত্রীয়ে এই অনুষ্ঠানতে ’৪২ৰ শ্বহীদ পৰিয়ালৰ সদস্যসকলকো সম্বর্ধনা জ্ঞাপন কৰে৷ এই অনুষ্ঠানতে ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কয়– স্বাধীনতা সংগ্রামৰ বীৰ শ্বহীদ, অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগক নতুন প্রজন্মৰ মাজলৈ লৈ যাবলৈ ৰাজ্য চৰকাৰে দৃঢ়তাৰে প্রয়াস চলাই আহিছে৷ অসম চৰকাৰৰ প্রত্নতাত্ত্বিক সঞ্চালকালয়ে এই লক্ষ্যৰে ঢ়েকীয়াজুলিত শ্বহীদৰ ত্যাগক স্মৰণীয় কৰি ৰাখিবলৈ ঐতিহ্যমণ্ডিত ঢ়েকীয়াজুলি থানা সংৰক্ষণৰ বাবে পদক্ষেপ গ্রহণ কৰিছে৷ অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগক স্মৰণ কৰি ৰখাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়– দেশী–বিদেশী পর্যটকসকলে অসমত সংগ্রামী ইতিহাস এই সংৰক্ষণৰ জৰিয়তে পৰিচিত হ’ব৷ সভাত মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আদর্শৰে স্মার্ট আৰক্ষী গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে মৈত্রী আঁচনিৰ অধীনত থানাসমূহৰ আধুনিকীকৰণৰ পদক্ষেপ গ্রহণ কৰিছে৷ একবিংশ শতিকাত আহি পৰা প্রত্যাহ্বানসমূহৰ মোকাবিলা কৰা, জনসাধাৰণৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিব পৰাকৈ থানাসমূহৰ আধুনিকীকৰণ কৰা হৈছে৷ মুখ্যমন্ত্রীয়ে স্বাধীনতা আন্দোলনৰ শ্বহীদসকলক স্মৰণ কৰি তেওঁলোকৰ আত্মবলিদান আৰু ঢ়েকীয়াজুলিৰ ঐতিহ্য সমগ্র দেশতে জিলিকি থাকিব বুলি উল্লেখ কৰে৷

অসম আৰক্ষীৰ অতিৰিক্ত সঞ্চালকপ্রধান হৰমিত সিঙে আদৰণী ভাষণ প্রদান কৰা অনুষ্ঠানত সাংসদ পল্লৱলোচন দাসে ভাষণ প্রদান কৰে৷ ঢ়েকীয়াজুলি থানাত নৱীকৃত ভৱন উদ্বোধন কৰাৰ পাছতেই মুখ্যমন্ত্রী সোণোৱালে ঢ়েকীয়াজুলিৰ শ্বহীদ দয়াল দাস পাণিকা খেলপথাৰৰ সমীপত বীৰ শ্বহীদ বীৰছা মুণ্ডাৰ প্রতিকৃতি উন্মোচন কৰে৷ এই উপলক্ষে অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ দি মুখ্যমন্ত্রীয়ে কয়– এই সমষ্টিৰ ৰাইজ সাহসী আৰু দেশৰ স্বার্থৰ প্রতি তেওঁলোকৰ বিশেষ অৱদান আছে৷ বীৰছা মুণ্ডা দেশৰ বাবে আদর্শ৷ বীৰছা মুণ্ডাৰ অৱদান সদায়ে ৰাইজে মনত ৰাখিব৷ বিজেপি চৰকাৰৰ কার্যকালত সকলোকে সমান মর্যাদা প্রদান কৰি অহা হৈছে৷ ইফালে, বিৰোধীক সমালোচনা কৰি মুখ্যমন্ত্রীয়ে কয়– কংগ্রেছে মহাজোঁট যিমানেই গ্রহণ নকৰক কিয়, কংগ্রেছে ৰাইজৰ হূদয় জয় কৰিব নোৱাৰে৷ অসমত নতুন দল যিমানেই গঠন নহওক কিয়, কোনো দলেই বিজেপিক প্রতিহত কৰিব নোৱাৰে৷ ৰাইজৰ মাজত বিজেপিয়ে আস্থা আৰু বিশ্বাসৰ ভাব গঢ়ি তুলিবলৈ সক্ষম হৈছে৷ খিলঞ্জীয়া ভূমিপুত্রসকলে এই চৰকাৰৰ কার্যকালতে অর্থনৈতিকভাৱে উন্নতি কৰিবলৈ সক্ষম হৈছে৷ যোৱা ৫০ বছৰীয়া শাসনকালত কংগ্রেছে কোনোদিনেই উল্লেখযোগ্য আঁচনি গ্রহণ কৰিবলৈ সক্ষম নহ’ল৷ আজিৰ অনুষ্ঠানত স্থানীয় বিধায়ক অশোক সিংঘালেও ভাষণ প্রদান কৰে৷ অনুষ্ঠানত বিধায়ক গণেশ লিম্বু, শোণিতপুৰ জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বিশিষ্ট সমাজকর্মী তুলসী বৰঠাকুৰৰ লগতে বহু গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷

You might also like