নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সহায়ৰ উদ্য়োগত চাফ-চিকুণ কৰিলে মুখ্যমন্ত্ৰী উপস্থিত থকা ৰাজখোৱা পথাৰৰ ভোগালী উৎসৱস্থলী

নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ সহায়-The Helping Hand নামৰ মাৰ্ঘেৰিটা নৱপ্ৰজন্মৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত আজি মাৰ্ঘেৰিটাৰ আলুবাৰীৰ ৰাজখোৱা পথাৰত চাফাই অভিযান চলায়। অলপতে ৰাজখোৱা পথাৰত প্ৰথম বাৰ্ষিক ভোগালী উৎসৱ অনুষ্ঠিত হৈছিল ফলত সেই ঠাইডোখৰত যথেষ্ট আৱৰ্জনা আদি জমা হৈছিল।

আজি সহায়-The Helping Hand নামৰ মাৰ্ঘেৰিটাৰ নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলৰ ঐক্যবদ্ধভাৱে গঠন হোৱা স্বেচ্ছাসেৱী সংগঠনটোৱে ৰাজখোৱা পথাৰত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত ঠাইডোখৰ স্বচ্ছতা বাবে ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখ্য যে ভোগালী বিহু উৎসৱত মুখ্য অতিথি হিচাপে উপস্থিত আছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। আজি স্থানীয় নৱপ্ৰজন্মৰ ঐক্যবদ্ধ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্যসকলে এইদৰে ৰাজখোৱা পথাৰ পৰিষ্কাৰৰ বাবে আগবাঢ়ি অহাৰ বাবে স্থানীয় ৰাইজে ধন্যবাদ জ্ঞাপন কৰিছে।

You might also like