‘ভাৰপ্রাপ্ত’ক দায়িত্ব দি আত্মগোপন উপাচার্যৰ
দুর্নীতিবিৰোধী প্রতিবাদত স্থবিৰ ডিব্রুগড় বিশ্ববিদ্যালয়
নিয়মীয়া বাৰ্তা ২৮ জানুৱাৰীঃ বিভিন্ন দুর্নীতি–নিয়মৰ অভিযোগে সম্প্রতি জোকাৰি গৈছে ডিব্রুগড় বিশ্ববিদ্যালয়ক৷ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ অপশাসন, বিত্তীয় কেলেংকাৰিৰ বিৰুদ্ধে বুধবাৰে পুনৰ ৰাজপথলৈ ওলাই আহিল বিশ্ববিদ্যালয়ৰ বিষয়া সন্থা আৰু কর্মচাৰী সন্থা৷ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ দুর্নীতি–নিয়ম সন্দর্ভত উচিত তদন্ত বিচাৰি পৃথকে পৃথকে প্রতিবাদী কার্যসূচী ৰূপায়ণৰ লগতে ঘেৰাও কৰিলে উপাচার্যৰ কার্যালয়৷ যোৱা ২৫ জানুৱাৰীত উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে শিক্ষক সমাজ তথা সংবাদ মাধ্যমৰ সন্মুখত বিত্তীয় কেলেংকাৰিৰ বাবে বিশ্ববিদ্যালয়ৰ বিষয়া–কর্মচাৰীক আওপকীয়াকৈ জগৰীয়া কৰি নিজকে ধোৱা তুলসীৰ পাত সজাইছিল৷ প্রধানতঃ ইয়াৰ প্রতিবাদকল্পে সকলো বিষয়া–কর্মচাৰীয়ে গণতান্ত্রিক আন্দোলনত নামি পৰে৷ বিশ্ববিদ্যালয়ত নজিৰ সৃষ্টি কৰি স্বয়ং উপাচার্যৰ বিৰুদ্ধে এইদৰে প্রতিবাদী আন্দোলনত নামিবলগীয়া হোৱাত আজি বিশ্ববিদ্যালয়খনৰ সকলো প্রশাসনিক কাম–কাজ স্থবিৰ হৈ পৰে৷ বিশ্ববিদ্যালয়ৰ বিষয়া তথা কর্মচাৰী সন্থাৰ চৌহদৰ পৰা হাতে হাতে বেনাৰ, ফেষ্টুন লৈ এক দীঘলীয়া সমদল উলিয়াই সকলো বিষয়া–কর্মচাৰীয়ে উপাচার্যৰ কার্যালয় ঘেৰাও কৰি পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে আচার্য
তথা ৰাজ্যপাল, মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীলৈ পৃথকে পৃথকে স্মাৰক–পত্র প্রেৰণ কৰে৷ আজিৰ প্রতিবাদী সভাস্থলীত ডিব্রুগড় বিশ্ববিদ্যালয়ৰ বিষয়া সন্থাৰ সভাপতি আৰু সম্পাদক ক্রমে ৰোহিণী বুঢ়াগোহাঁই আৰু হৰকান্ত নাথে কয় যে এয়া কেৱল ডিব্রুগড় বিশ্বদ্যিালয়ৰ বাবেই নহয়, সমগ্র অসমৰ বাবেই এক লজ্জাজনক ঘটনা৷ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ এনে কর্মৰ বাবে আমি সকলোৱে অত্যন্ত দুখ প্রকাশ কৰিছোঁ৷ সমগ্র বিশ্ববিদ্যালয়ৰ শৈক্ষিক, সামাজিক পৰিৱেশ বিনষ্ট হৈছে৷ অনিচ্ছা সত্ত্বেও শিক্ষক সমাজে প্রতিবাদ কৰিবলগীয়া হৈছে৷ উপায়হীন হৈও আমি বিষয়া সন্থাই আজি এইদৰে প্রতিবাদ কৰিব লগা হোৱাটো অত্যন্ত লজ্জাজনক কথা৷
এই পৰিস্থিতিৰ বাবে সমগ্র বিশ্ববিদ্যালয়খনৰ লগতে ইয়াৰ পার্শ্বৱর্তী এলেকাতো প্রভাৱ পৰিছে৷ নতুনকৈ নামভর্তি কৰা ছাত্র–ছাত্রী আৰু অভিভাৱকসকলৰ ওপৰতো বাৰুকৈয়ে প্রভাৱ পৰিছে৷ এই সকলো পৰিস্থিতিৰ বাবে কিন্তু উপাচার্য ড০ ৰঞ্জিত তামুলীয়েই জগৰীয়া বুলি সন্থাৰ সভাপতি, সম্পাদকে উল্লেখ কৰে৷ বিশ্ববিদ্যালয়খনত সংঘটিত হোৱা সমগ্র দুর্নীতিৰ বাবে অনতিপলমে এক উচ্চস্তৰীয় তদন্তৰ লগতে দুর্নীতিৰ লগত জড়িত সকলোকে উচিত ন্যায়িক শাস্তি প্রদান কৰিবলৈকো তেওঁলোকে দাবী জনায়৷ আনহাতে, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ইতিহাসত একপ্রকাৰ নজিৰ সৃষ্টি কৰি স্বয়ং উপাচার্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রী, বিষয়া–কর্মচাৰী, ছাত্র–ছাত্রী আদি সকলোৱে এইপর্যন্ত ব্যাপক ৰূপত প্রতিবাদ অব্যাহত ৰাখিবলগীয়া হোৱাত বৌদ্ধিক মহলত বহু চর্চা লভিছে৷
চলিত বর্ষৰ যোৱা ১১ জানুৱাৰীত বিশ্ববিদ্যালয়ৰ আছু গোটে প্রশাসনিক ভৱন ঘেৰাও কৰাৰ পাছত যোৱা ২৫ জানুৱাৰীত বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থাই প্রতিবাদী সমদল আৰু উপাচার্য কার্যালয় ঘেৰাও কৰিছিল৷ তাৰ পাছতেই আজি বিশ্ববিদ্যালয়ৰ বিষয়া সন্থা আৰু কর্মচাৰী সন্থাই এইদৰে প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ দুর্নীতিৰ অভিযোগৰ প্রত্যুত্তৰত উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে গা এৰা মন্তব্য কৰি বিষয়া–কর্মচাৰীলৈহ জাপি দিয়াৰ পাছত সমগ্র দুর্নীতি–নিয়মৰ বিৰুদ্ধে ন্যায়িক তদন্ত আৰু দোষীক শাস্তি নিদিয়া পর্যন্ত আন্দোলনৰ কার্যসূচী গ্রহণ কৰি যাব বুলি হুংকাৰ দিয়ে বিশ্ববিদ্যালয় কর্মচাৰী সন্থাৰ সভাপতি অসীম গগৈ আৰু সম্পাদক ড০ মৃদুল গগৈয়ে৷
শেহতীয়াকৈ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ কর্মকাণ্ডই বিশ্ববিদ্যালয়খনৰ গৰিমা লাঘৱ কৰাৰ লগতে নৱাগত ছাত্র–ছাত্রীসকলৰ শৈক্ষিক দিশত প্রভাৱ পেলাইছে যদিও এই মুহূর্তলৈকে চৰকাৰৰ বিভাগীয় কর্তৃপক্ষই উচিত তদন্ত কৰি কোনো ধৰণৰ পদক্ষেপ গ্রহণ নকৰাত গভীৰ দুখ প্রকাশ কৰি শীঘ্রে কার্যব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁলোকে দাবী জনাইছে৷ আনহাতে, আজি বিষয়া সন্থা আৰু কর্মচাৰী সন্থাৰ প্রতিবাদী কার্যসূচীত বিশ্ববিদ্যালয়ৰ আছু গোটেও অংশগ্রহণ কৰি চৰকাৰক উচিত তদন্ত কৰিবলৈ দাবী জনায়৷
উল্লেখ্য যে বুধবাৰে বিশাল প্রতিবাদৰ উমান পাই দুর্নীতিগ্রস্ত উপাচার্য ড০ ৰঞ্জিত তামুলী অনুপস্থিত আছিল৷ বিশ্ববিদ্যালয়ৰ ড০ আৰ এম এছ যাদৱক ভাৰপ্রাপ্ত উপাচার্যৰ দায়িত্ব দি একপ্রকাৰ আত্মগোপন কৰে উপাচার্য ৰঞ্জিত তামুলী৷ আনহাতে, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ আৰু বিশ্ববিদ্যালয়ৰ গৰিমা অক্ষুণ্ণ ৰখাৰ স্বার্থতে শীঘ্রে এক ন্যায়িক তথা উচ্চ পর্যায়ৰ তদন্তৰ দাবীত আচার্য তথা ৰাজ্যপালক সাক্ষাৎ কৰি এখন পত্র প্রদান কৰিছে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ ছাত্র একতা সভাৰ প্রাক্তন সাধাৰণ সম্পাক, বিশ্ববিদ্যালয়ৰ ক’ট মেম্বাৰ তথা লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপর্ণ বৰুৱাই৷ বিধায়ক বৰুৱাই আচার্য তথা ৰাজ্যপালক প্রদান কৰা পত্রখনত কোৱা হয় যে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে নিজৰ ক্ষমতা আৰু পদমর্যাদাৰ অপব্যৱহাৰেৰে ৰাজকোষৰ ধন নীতিবিৰুদ্ধভাৱে ব্যয় কৰিছে৷ এনে কার্যৰ বিৰুদ্ধে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সমগ্র শিক্ষক, ছাত্র–ছাত্রী, বিষয়া–কর্মচাৰীয়ে তীব্র প্রতিবাদ সাব্যস্ত কৰিছে যদিও উপাচার্য ড০ ৰঞ্জিত তামুলীয়ে নিজৰ স্থিতিত অটল আছে৷ সেয়ে উপাচার্যজনৰ বিৰুদ্ধে এক উচ্চ পর্যায়ৰ তদন্ত কৰি তেওঁক পুনৰ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ দায়িত্বত নাৰাখিবলৈ পত্রখনত বিধায়ক বৰুৱাই উল্লেখ কৰিছে৷