অসমৰ এগৰাকী ধৰুৱা বিধায়ক, নিশা মৈৰাবাৰীৰ ৰাজপথত আবদ্ধ কৰি ঋণ ওভোতাই বিচাৰিলে যুৱকে
নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম কালি নিশা সন্মুখীন হয় এক অস্বস্তিকৰ অৱস্থাৰ। ইনোভাত উঠি মৈৰাবাৰীৰ এখন দোকানত পান খাবলৈ সোমোৱাৰ সময়তে এগৰাকী যুৱকে লগ-সংগৰ লগত আহি ইছলামৰ পৰা ওভোতাই বিচাৰে এসময়ত তেওঁৰ পৰা লোৱা ৩.৫০ লাখ টকা।
এসময় মানে প্ৰায় ১০ বছৰ আগতে গাড়ী কিনিবলৈ ধাৰলৈ ৰফিকুলৰ পৰা বিধায়ক আমিনুল ইছলামে লৈছিল ৩.৫০ লাখ টকা। কিন্তু ১০ বছৰে ধন ঘূৰাই নিদিয়াত বিধায়ক আমিনুলক ৰফিকুলে পান খাবলৈ অহা অৱস্থাতে ৰাজপথত ধৰা পেলাই টকা দিবলৈ দাবী জনায়।
ঘটনাত কিংকৰ্তব্যবিমূঢ় হৈ পৰা বিধায়ক ইছলামে ক্ষুব্ধ ৰফিকুলৰ হাতে-ভৰি ধৰি তেওঁক সৈমান কৰিবলৈ চেষ্টা চলায়। প্ৰায় আবদ্ধ হৈ পৰা বিধায়কৰ অৱস্থা দেখি জুম বন্ধা মানুহৰ পৰা দুই-এজনে বিধায়কক গাড়ীত উঠাই পঠিয়াই দিয়ে।