মিত্রদল বিজেপিৰ দখলত থকা ৯ সমষ্টিত অগপৰ নির্বাচনী তৎপৰতা
জাতীয় ঐক্য সমাৰোহ–সমাৱেশ–স সন্মিলনেৰেসমষ্টিয়ে সমষ্টিয়ে সংগঠন শক্তিশালী কৰাৰ অভিযান অগপ নেতৃত্বৰ
নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনতো অগপ দলে বিজেপিৰে মিত্রতা অব্যাহত ৰাখি নির্বাচনী ৰণত অৱতীর্ণ হ’ব৷ বিজেপিৰে মিত্রতাপাশত আবদ্ধ থাকি নির্বাচনী যুঁজত অৱতীর্ণ হ’লেও অগপই যোৱাবাৰৰ তুলনাত এইবাৰ অধিক আসনত জয়লাভৰ লক্ষ্য স্থিৰ কৰিছে৷ সেই ঈপ্সিত লক্ষ্যত উপনীত হোৱাৰ বাবে অগপৰ সভাপতি অতুল বৰা, কার্যকৰী সভাপতি কেশৱ মহন্তকে ধৰি দলৰ শীর্ষ নেতৃত্বই বর্তমান দলৰ দখলত থকা সমষ্টিসমূহৰ উপৰি পূর্বতে অগপই দখল কৰা বিভিন্ন সমষ্টিত জাতীয় ঐক্য সমাৰোহ, জাতীয় ঐক্য সমাৱেশ, সতীর্থ সন্মিলন, দলীয় কর্মী সন্মিলন আদি বিভিন্ন কার্যসূচীৰ জৰিয়তে সংগঠন শক্তিশালী কৰাত আত্মনিয়োগ কৰিছে৷ যোৱা বছৰৰ নৱেম্বৰ মাহৰ পৰাই অগপই ধাৰাবাহিকভাৱে এই কার্যসূচী অব্যাহত ৰাখিছে৷
উল্লেখ্য যে অগপৰ নেতৃত্বই অহা বিধানসভা নির্বাচনত বর্তমান দলটোৰ দখলত থকা ১৪টা সমষ্টিকে ধৰি মুঠ ৪০টা সমষ্টিত প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে৷ কংগ্রেছ, এ আই ইউ ডি এফ আদিৰ দখলত থকা সমষ্টিৰ উপৰি বিজেপিৰ দখলত থকা বহু সমষ্টিত অগপই এইবাৰ প্রার্থিত্ব আগবঢ়োৱাৰ লক্ষ্যৰেই সেই সমষ্টিসমূহত তৎপৰতা চলাই আছে৷ এইক্ষেত্রত বিজেপিৰ দখলত থকা যোৰহাট, বিহপুৰীয়া, সোণাই, পলাশবাৰী, ঢ়কুৱাখনা, খুমটাই, ধেমাজি, চাবুৱা আৰু শদিয়া সমষ্টিত ইতিমধ্যে অগপই জাতীয় ঐক্য সমাৰোহ, কর্মীসভা, কার্যকর্তা সন্মিলন আদি অনুষ্ঠিত কৰিছে৷ অগপৰ এক সূত্রই জানিবলৈ দিয়া মতে, বর্তমান বিজেপিৰ দখলত থকা অসম বিধানসভাৰ অধ্যক্ষ হিতেন্দ্র নাথ গোস্বামীৰ যোৰহাট সমষ্টিত যোৱা দুই জানুৱাৰীত দলৰ সভাপতি অতুল বৰাৰ নেতৃত্বত দলটোৱে যোৰহাট বিধান পৰিষদৰ কার্যকর্তাসকলৰ সৈতে এক মত বিনিময় বৈঠক অনুষ্ঠিত কৰি সমষ্টিটোত দলক অধিক গতিশীল কৰাৰ পদক্ষেপ গ্রহণ কৰে৷ সেইদৰে যোৱা ১১ জানুৱাৰীত বিজেপি বিধায়ক দেৱানন্দ হাজৰিকাৰ বিহপুৰীয়া সমষ্টিত অগপ নেতৃত্বই জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি সমষ্টিটোত নির্বাচনী ৰণশিঙা বজায়৷ ইয়াৰ কেইদিনমান পূর্বে যোৱা ৬ জানুৱাৰীত বিজেপিৰ দখলত থকা অসম বিধাসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰৰ সোণাই সমষ্টিত অগপ নেতৃত্বই দলীয় কর্মীসভা এখন অনুষ্ঠিত কৰি বৰাক উপত্যকাত সেই সমষ্টিটোত দলটোৱে সংগঠন শক্তিশালী কৰাত বিশেষ তৎপৰতা প্রদর্শন কৰে৷
সেইদৰে যোৱা বছৰ ২৭ ডিচেম্বৰত বিজেপিৰ প্রণৱ কলিতাৰ দখলত থকা পলাশবাৰী সমষ্টি, ২৩ ডিচেম্বৰত মন্ত্রী নৱ কুমাৰ দলেৰ ঢ়কুৱাখনা সমষ্টি, এক ডিচেম্বৰত প্রমোদ বৰঠাকুৰৰ দখলত থকা বিশ্বনাথ সমষ্টি, ২৯ নৱেম্বৰত ডাঃ ৰণোজ পেগুৰ দখলত থকা ধেমাজি সমষ্টি, ১৭ নৱেম্বৰত বিনোদ হাজৰিকাৰ দখলত থকা চাবুৱা সমষ্টি আৰু একেদিনাই বলীন চেতিয়াৰ দখলত থকা শদিয়া সমষ্টিত অগপ নেতৃত্বই জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰি নির্বাচনী তৎপৰতা প্রদর্শন কৰে৷ অনুৰূপ ধৰণে যোৱা দুই ডিচেম্বৰত বিজেপিৰ মৃণাল শইকীয়াৰ দখলত থকা খুমটাই সমষ্টিত অগপ নেতৃত্বই সতীর্থ সন্মিলন অনুষ্ঠিত কৰি সমষ্টিটোত দলক শক্তিশালী কৰাৰ পদক্ষেপ গ্রহণ কৰে৷ ইয়াৰ উপৰি এই সময়ছোৱাৰ ভিতৰত বর্তমান অগপৰ দখলত থকা সমষ্টিৰ লগতে বিৰোধী কংগ্রেছ আৰু এ আই ইউ ডি এফৰ দখলত থকা সমষ্টিসমূহতো অগপই জাতীয় ঐক্য সমাৰোহ অনুষ্ঠিত কৰিছে৷ এইক্ষেত্রত বর্তমান কংগ্রেছৰ দখলত থকা অভয়াপুৰী উত্তৰ, সৰুপথাৰ আৰু এ আই ইউ ডি এফৰ দখলত থকা অভয়াপুৰী দক্ষিণ, আলগাপুৰ, নাওবৈচা অন্যতম৷ অগপ নেতৃত্বই বর্তমান বিজেপিৰ দখলত থকা ৯টাকৈ গুৰুত্বপূর্ণ সমষ্টিত সাংগঠনিক ভেটি শক্তিশালী কৰি আসন্ন বিধানসভা নির্বাচনত উক্ত সমষ্টিকেইটাত প্রার্থিত্বৰ সবল দাবীদাৰ হোৱাৰ চেষ্টা অব্যাহত ৰাখিছে যদিও আসন বুজাবুজিৰ সময়ত বিজেপিয়ে তেওঁলোকক সেই সমষ্টিসমূহৰ কেইটা এৰি দিয়ে, সেয়াহে লক্ষণীয় হ’ব৷ মন কৰিবলগীয়া এয়ে যে যি সময়ত বিজেপি নেতৃত্বই বর্তমান অগপৰ দখলত থকা বহুকেইটা সমষ্টি এইবাৰ নিজৰ দখললৈ আনিব বুলি বিভিন্ন সময়ত প্রচাৰ মাধ্যমত বাতৰি প্রকাশ পাই আহিছে, সেই সময়তে অগপ নেতৃত্বই বিজেপিৰ দখলত থকা সমষ্টিত চকু দিয়া কার্যই ৰাজনৈতিক মহলত ব্যাপক চর্চা লাভ কৰিছে৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে ইতিপূর্বে প্রকাশ কৰা অনুসৰি বিজেপিয়ে বর্তমান প্রতিটো বিধানসভা সমষ্টিৰ ওপৰত বাহিৰৰ তিনিটা প্রতিষ্ঠানৰ জৰিয়তে তিনিটাকৈ সমীক্ষা চলাই আছে৷ সেই সমীক্ষাৰ প্রতিবেদনৰ আধাৰতে মিত্রদলৰে আসন বুজাবুজি আৰু প্রার্থিত্ব চূড়ান্ত কৰা হ’ব৷ একেদৰে অগপৰ সভাপতি অতুল বৰায়ো নিৰপেক্ষ প্রতিষ্ঠানৰ জৰিয়তে দলে সমীক্ষা চলাই প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টি আৰু প্রার্থী চূড়ান্ত কৰিব বুলি মন্তব্য কৰিছে৷