নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত কয়লা ময়লাত আজি ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী আদৰ্শ মহাবিদ্যালয় এখনৰ আধাৰশিলা স্থাপন কৰে ।

এই উপলক্ষে আয়োজিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী ড০ শৰ্মাই নিজ ভাষণত প্ৰকাশ কৰে যে বিটিআৰ অঞ্চলৰ প্ৰধান সমস্যা হৈছে যাতায়াত, গৰাখহনীয়া, সু-স্বাস্থ্য ব্যৱস্থা আৰু ভূমিৰ অধিকাৰ। তেওঁ  শিক্ষা, ক্ৰীড়া, সংস্কৃতি ৰক্ষাৰে মানৱ সম্পদ গঢ়ি পৰিকল্পিত কাম কৰাৰ প্ৰয়োজন বুলি মত ব্যক্ত কৰে।

আগন্তুক পাঁচ বছৰৰ ভিতৰত বিটিআৰ অঞ্চলৰ উন্নয়ন সাধনৰ ওপৰত গুৰুত্ব প্ৰদানৰ নিশ্চিতি প্ৰদান কৰে। কোকৰাঝাৰত ইতিমধ্যে চৰকাৰী মহাবিদ্যালয় স্থাপন হোৱাৰ পাছত দ্বিতীয়খন চৰকাৰী মহাবিদ্যালয় কয়লা ময়লাত স্থাপন কৰা হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত তামুলপুৰ আৰু ওদালগুৰিতো দুখন চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপন কৰাৰ কথা প্ৰকাশ কৰে।

কয়লা ময়লাৰ লন্ঠিবাৰীত স্থাপন হ’বলগীয়া নিছিমা আদৰ্শ মহাবিদ্যালয়খন ১৮ মাহৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পাছতে কলা আৰু বিজ্ঞান শাখাৰ মহাবিদ্যালয়খনৰ শিক্ষা বৰ্ষ আৰম্ভ হ’ব বুলি সভাত উপস্থিত ৰাইজক জানিবলৈ দিয়ে মন্ত্ৰী ড৹ শৰ্মাই। মন্ত্ৰী শৰ্মাই পৰৱৰ্তী সময়ত বিটিআৰৰ চল্লিশটা সমষ্টিতে একোখনকৈ মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও মন্তব্য কৰে।

বিটিআৰৰ মুুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে সভাৰ ভাষণ প্ৰসংগত খিলঞ্জীয়া ভূমিহীন লোকৰ মাজত ভূমিৰ পট্টা প্ৰদান কৰি যুগান্তকাৰী কাম কৰাৰ বিপৰীতে একাংক লোকে উচ্ছদ চলাব বুলি অপপ্ৰচাৰৰ চলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক বিধান সভা নিৰ্বাচনত বিটিআৰ অঞ্চলত ইউ পি পি এলৰ নেতৃত্বত বিজেপি আৰু জি এছ পিয়ে নিৰ্বাচনী মিত্ৰতা কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।

অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে দেশে  বিগত স্বাধীনতা লাভৰ পাছত কয়লা ময়লাত এখন উচ্চ শিক্ষাৰ অনুষ্ঠান স্থাপন হোৱাৰ পিছত অঞ্চলটোলৈ আমূল পৰিৱৰ্তন আনিব বুলি মন্তব্য কৰে। তেওঁ কয় বিটিচিৰ পূৰ্বৰ শাসকীয় দল বিপিএফে শিক্ষানুষ্ঠান স্থাপনৰ বাবে মঞ্জুৰী অনাত ব্যৰ্থ হৈছে ।

নিছিমা অঞ্চলৰ শিক্ষাৰ্থীসকলে বিজনী আৰু বঙাইগাঁও মহাবিদ্যালয়ত ১৭ -২৫ কিলোমিটাৰ পথ অতিক্ৰম কৰি  উচ্চ শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছিল। বিটিআৰ চুক্তিৰ জৰিয়তে বিটিআৰ অঞ্চলত শান্তি ঘূৰি অহাৰ পাছত বিটিচি প্ৰশাসনে সকলো জাতি-গোষ্ঠীৰ মাজত উন্নয়নৰ কাম কৰিবলৈ আগবাঢ়িছে বুলি মন্তব্য কৰি এতিয়া বিটিআৰত উত্তৰ অঞ্চলৰ পৰা উন্নয়নৰ কাম আৰম্ভ কৰিব বুলিও তেওঁ মত ব্যক্ত কৰে।

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, উপাধ্যক্ষ অভিৰাম মহানায়ক, পৰিষদীয় সদস্য প্ৰদীপ কুমাৰ বায়ন, মাধৱ চন্দ্ৰ ছেত্ৰী, জিলা উপায়ুক্ত গৌতম তালুকদাৰ, আৰক্ষী অধীক্ষক সুধাকৰ সিং, বিজনীৰ মহকুমাধিপতি ধ্ৰুৱজ্যোতি দাসো উপস্থিত থাকে।  কেইবা হেজাৰ লোক উপস্থিত থকা অনুষ্ঠানত সাংস্কৃতিক অনুষ্ঠানো প্ৰদৰ্শন কৰা হয়। অনুষ্ঠানৰ শেষত সংবাদ কৰ্মীৰ প্ৰশ্নৰ উত্তৰত অসমত নহয়,কংগ্ৰেছ দলে বাংলাদেশতহে এশ এখন আসন পাব বুলি কটাক্ষ কৰে।

You might also like