নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছোনিয়া গান্ধীৰ টেবুলত কংগ্রেছৰ আভ্যন্তৰীণ সমীক্ষাৰ প্রতিবেদনঃ উজনি–মধ্য অসমত বুমেৰাং হ’ব মহাজোঁট

নিয়মীয়া বাৰ্তা ৩০ জানুৱাৰীঃ সমাগত অসম বিধানসভা নির্বাচনত নৱগঠিত দুই আঞ্চলিক ৰাজনৈতিক দলে বিজেপিৰ কোনো ক্ষতি কৰিবলৈ সক্ষম নহ’ব৷ বিজেপিৰ প্রতি হিন্দু ভোটাৰৰ আস্থা অটুট আছে৷ বিশেষকৈ উজনি অসমত এতিয়াও সুৰক্ষিত বিজেপিৰ বর্ণ হিন্দুৰ ভোটবেংক৷ সম্পূর্ণ অক্ষুণ্ণ আছে বিজেপিলৈ চাহ জনগোষ্ঠীয় ভোটাৰসকলৰ আনুগত্য৷ –এই তথ্য নির্বাচনৰ প্রাক্মুহূর্তত বিজেপিয়ে চলোৱা কোনো আভ্যন্তৰীণ সমীক্ষাৰ নহয়৷ তাৰ বিপৰীতে এয়া হৈছে শেহতীয়াকৈ কংগ্রেছে কৰা এক আভ্যন্তৰীণ সমীক্ষাত উল্লিখিত ৰাজ্যৰ সাম্প্রতিক ৰাজনৈতিক প্রেক্ষাপটৰ বাবে অতি গুৰুত্বপূর্ণ ৰূপে চিহ্ণিত ভাষ্যহে৷ ‘ডেটলাইন এনালাইটিকছ প্রাইভেট লিমিটেড’ নামৰ এটা বেচৰকাৰী তথা নিৰপেক্ষ সংস্থাৰ জৰিয়তে কংগ্রেছে চলোৱা প্রাক্নির্বাচনী সমীক্ষাত উজনি–মধ্য অসমত ৰাজ্যৰ প্রধান বিৰোধী দলটোৱে সন্মুখীন হ’বলগীয়া বৃহৎ প্রত্যাহ্বানৰ দিশটো প্রতিফলিত হৈছে৷

লক্ষণীয়ভাৱে এই সমীক্ষাটো অকল কংগ্রেছক লৈ নহয়, ৰাজ্যৰ প্রধান বিৰোধী দলটোৰ নেতৃত্বত বিজেপিক ৰুধিবলৈ গঠন হোৱা মহাজোঁটৰ সম্ভাৱনীয়তাক লৈ চলোৱা হৈছে৷ যোৱা ২১ জানুৱাৰীত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ ওচৰত দাখিল কৰা হৈছে উজনি–মধ্য অসমৰ মুঠ ৪৩টা বিধানসভা সমষ্টিৰ ওপৰত আলোকপাত কৰা সমীক্ষাটোৰ প্রতিবেদন৷ সম্প্রতি কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীৰ টেবুলত থকা এই সমীক্ষাৰ প্রতিবেদনে উজনি–মধ্য অসমত কংগ্রেছ নেতৃত্বাধীন মহাজোঁট কার্যতঃ বুমেৰাং হোৱাৰ আগজাননী দিয়া হৈছে৷ সমীক্ষাৰ প্রতিবেদনত স্পষ্ট কৰি কোৱা হৈছে যে উজনি অসমত কংগ্রেছত এতিয়া কোনো দক্ষ নেতা নাই৷ এটা সময়ত কংগ্রেছৰ দুর্গ হিচাপে পৰিচিত উজনি অসমৰ কংগ্রেছ নেতাসকল এতিয়া প্রয়াত বা সক্রিয় নহয়৷ উজনি অসমত কংগ্রেছৰ ভোটবেংক চাহ জনগোষ্ঠী ভোটাৰসকলৰ মাজত দলটোৰ প্রতি আস্থা সম্পূর্ণভাৱে নোহোৱা হৈছে৷ ইফালে নৱগঠিত দুই আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে বর্ণ হিন্দুৰ ভোট লাভ কৰাৰ সম্ভাৱনা আছিল যদিও বিজেপিয়ে শেষমুহূর্তত ধর্মীয় মেৰুকৰণে বর্ণ হিন্দুৰ ভোট নিজৰ হাততে ৰাখিবলৈ সক্ষম হ’ব বুলি কংগ্রেছৰ আভ্যন্তৰীণ সমীক্ষাৰ প্রতিবেদনত আশংকা ব্যক্ত কৰা হৈছে৷ অৱশ্যে বিজেপিবিৰোধী হিন্দু ভোট কংগ্রেছ আৰু নৱগঠিত দুই আঞ্চলিক ৰাজনৈতিক দলৰ মাজত বিভাজিত হোৱাৰ সম্ভাৱনাৰ কথাও উল্লেখ কৰা হৈছে একেখন প্রতিবেদনত৷

প্রতিবেদনখনত উল্লেখ কৰা মতে অসম জাতীয় পৰিষদক সদৌ অসম ছাত্র সন্থাই সহায় কৰাৰ বিপৰীতে ৰাইজৰ দলক সম্প্রতি কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ প্রতি থকা সহানুভূতিয়ে যথেষ্ট সহায় কৰিব পাৰে৷ এনে ধৰণৰ দিশ পর্যালোচনা কৰি উজনি অসমত দলৰ এজন হেভীৱেট নেতাক দায়িত্ব দিবলৈ সমীক্ষাকাৰী সংস্থাটোৱে কংগ্রেছ হাইকমাণ্ডক পৰামর্শ দিছে৷ পূর্বে উল্লেখ কৰি অহা হৈছে যে কংগ্রেছ নেতৃত্বাধীন মিত্রজোঁটৰ সম্ভাৱনীয়তাক লৈহে ৰাজনৈতিক গৱেষণা আৰু পৰামর্শদাতা সংস্থাটোক এই সমীক্ষাত নিয়োগ কৰা হৈছে৷ সমীক্ষাৰ অন্তত কংগ্রেছ সভানেত্রী ছোনীয়া গান্ধীক দাখিল কৰা প্রতিবেদনত এ আই ইউ ডি এফৰ সৈতে মিত্রতাৰ ওপৰতো গুৰুত্ব প্রদান কৰা হৈছে৷ উল্লেখ্য যে কংগ্রেছ তথা মহাজোঁটৰ হকে সংস্থাটোৱে উজনি–মধ্য অসম, নামনি অসম আৰু বৰাক উপত্যকাৰ বিধানসভা সমষ্টিসমূহক তিনিটা পর্যায়ত ভাগ কৰি সুকীয়া সুকীয়াকৈ সমীক্ষা চলাইছে৷

প্রতিবেদনত উল্লেখ কৰা মতে, প্রথম পর্যায়ত সমীক্ষা চলোৱা উজনি–মধ্য অসমৰ ৪৩ বিধানসভা সমষ্টিৰ ভিতৰত মাত্র ৫টা ক্রমে– চামগুৰি, ধিং, নাওবৈচা, লাহৰীঘাট আৰু যমুনামুখতহে কংগ্রেছ তথা মিত্রজোঁটৰ জয়ৰ ৭০ শতাংশ সম্ভাৱনা আছে৷ বাকী সমষ্টিবোৰৰ ক্ষেত্রত সমীক্ষাটোৱে কার্যতঃ নিৰাশ কৰিছে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটক৷ মাহমৰা, নগাঁৱত ৪৫ শতাংশ, ডিব্রুগড়, চাবুৱা, হোজাই আৰু জাগীৰোডত ৪০ শতাংশ, গোলাঘাট, বটদ্রৱা, মৰিগাঁৱত ৩০ শতাংশ, টিংখাং, নাহৰকটীয়াত ২৫ শতাংশ, মৰাণ, লাহোৱাল, সোণাৰি, কলিয়াবৰ আৰু খুমটাইত কংগ্রেছ তথা মহাজোঁটৰ জয়ৰ সম্ভাৱনা আছে মাত্র ২০ শতাংশ৷ সমীক্ষাৰ প্রতিবেদনত অতি স্পষ্টভাৱে কোৱা হৈছে যে ৩০ শতাংশ তথা ইয়াতকৈ তলত জয়ৰ সম্ভাৱনা থকা সমষ্টিসমূহত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে কোনোপধ্যেই জয়লাভ কৰিব নোৱাৰে৷ সেইদৰে ৪০ৰ পৰা ৪৫ শতাংশ জয়ৰ সম্ভাৱনা থকা সমষ্টিসমূহক কংগ্রেছ নেতৃত্বাধীন মিত্রজোঁটৰ বাবে বৃহৎ প্রত্যাহ্বান ৰূপে চিহ্ণিত কৰা হৈছে৷ তদুপৰি যোৰহাট, ডিগবৈ, তিতাবৰ, আমগুৰি, শিৱসাগৰ, নাজিৰা, থাওৰা, দেৰগাঁও, সৰুপথাৰ, বোকাখাত, ডুমডুমা, ৰহা, গহপুৰ, বঢ়মপুৰ, মার্ঘেৰিটা, দুলীয়াজান, মৰিয়নি, টীয়ক, লামডিং, তেজপুৰ, বিহপুৰীয়া আদি সমষ্টিসমূহতো মিত্রজোঁটে আগন্তুক বিধানসভা নির্বাচনত প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ আগতীয়া ইংগিত দিছে সমীক্ষাটোৱে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু অসমত দলৰ তত্ত্বাৱধায়ক তথা এ আই চি চিৰ অন্যতম সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ মিছন ১০+ৰ সপোনৰ আৰম্ভণিতে একপ্রকাৰ কেণা লগালে সমীক্ষাটোৰ প্রতিবেদনত উল্লিখিত এনেধৰণৰ তথ্যই৷

You might also like