নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধকালীন তৎপৰতাৰে চলিছে দিছপুৰ উৰণীয়া সেতুৰ নির্মাণকাৰ্য

নিয়মীয়া বাৰ্তা, ৩০  জানুৱাৰীঃ উত্তৰ–পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰীৰ ৰাজধানী দিছপুৰৰ যান–জঁট সমস্যা লাঘৱ কৰাৰ লক্ষ্যৰে লাষ্টগেটৰ পৰা ছুপাৰ মার্কেট হৈ সচিবালয়ৰ সন্মুুখলৈ এখন উৰণীয়া সেতু নির্মাণৰ কাম চলি আছে৷ এই সন্দর্ভত কার্যবাহী অভিযন্তা প্রণৱ ৰাভাই জানিবলৈ দিয়া মতে, ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ থলুৱা ঠিকাদাৰেও যাতে উৰণীয়া সেতুকে ধৰি ৰাজ্য চৰকাৰৰ বৃহৎ প্রকল্পসমূহ নির্মাণ কৰিব পাৰে, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে৷ তাৰ অংশ হিচাপে দিছপুৰ ছুপাৰ মার্কেটত যুদ্ধকালীন তৎপৰতাৰে নির্মাণ কৰি থকা উৰণীয়া সেতুখন গুৱাহাটীৰ পার্শ্বৱর্তী মির্জাৰ অনিল দাস নামৰ এজন থলুৱা ঠিকাদাৰক নির্মাণৰ দায়িত্ব দিয়া হৈছে৷

২০১৯ চনৰ ৮ ডিচেম্বৰত আধাৰশিলা স্থাপন কৰা আৰু ১২৭.২০ কোটি টকা ব্যয়েৰে আন্তর্জাতিক মানেৰে নির্মাণ কৰি থকা সেতুখনৰ নির্মাণ সম্পূর্ণ কৰাৰ তিনি বছৰ লক্ষ্য নির্ধাৰণ কৰা হৈছিল৷ কিন্তু প্রথমবাৰৰ বাবে গুৱাহাটীৰ উৰণীয়া সেতু নির্মাণৰ দায়িত্ব লাভ কৰা থলুৱা ঠিকাদাৰ অনিল দাসে বিভাগীয় মন্ত্রীৰ নির্দেশনা অনুসৰি অহা ব’হাগ বিহুৰ সময়ত যাতে নির্মাণকার্য সম্পূর্ণ হয়, তাৰ বাবে দিনে–নিশাই কাম কৰি আছে৷

কার্যবাহী অভিযন্তাগৰাকীয়ে সদৰী কৰা অনুসৰি, দুইলেনযুক্ত সেতুখনৰ মুঠ দৈর্ঘ্য হ’ব ৮২৫ মিটাৰ৷ ইয়াৰে ছুপাৰ মার্কেটৰ পৰা লাষ্টগেটলৈ অংশটোৰ দৈর্ঘ্য হ’ব ৩৯৪ মিটাৰ৷ চাৰে সাত মিটাৰ বহল সেতুখনত মুঠ ইস্পান থাকিব ২৫টা৷ অত্যাধুনিক প্রযুক্তিৰে নির্মাণ কৰি থকা সেতুখনৰ দিছপুৰ ছুপাৰ মার্কেটৰ টি আকৃতিৰ জংচনত বক্স গার্ড থাকিব৷ সম্প্রতি উৰণীয়া সেতুখনৰ সামগ্রিকভাৱে প্রায় ৬০ শতাংশ কাম সম্পূর্ণ হৈছে৷ আনকি মূল গার্ডাৰৰ কাম প্রায় ৯০ শতাংশ সম্পন্ন হৈছে৷ সেতুখনত মুঠ ৭২টা গার্ডাৰ থাকিব৷ প্রথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত উৰণীয়া সেতুত নির্মাণৰত গার্ডাৰ মূল সেতুৰ ওপৰত উঠাবলৈ বিশেষ প্রযুক্তিৰ ব্যৱহাৰ কৰা হৈছে৷ ইয়াৰ বাবে ১৯ জানুৱাৰীত কলকাতাৰ পৰা অনা হৈছে টাটা কোম্পানীৰ দুখনকৈ বাহন৷ ‘টাটা ৯৫৫ এ এল চি ক্লাৱাৰ ক্রেন’ নামৰ বিশেষ বাহন দুখনে একেলগে একে সময়তে প্রায় ১৫০ টন ওজনৰ সামগ্রী ওপৰলৈ উঠাব পাৰিব৷ ২১ জানুৱাৰীৰ পৰা এই দুখন বাহনৰ সহায়ত মূল সেতুত গার্ডাৰ উঠোৱা কাম আৰম্ভ কৰা হৈছে৷

ইফালে, মালিগাঁৱৰ উৰণীয়া সেতুখনৰো নির্মাণৰ দায়িত্ব লাভ কৰিছে অনুপম শর্মা নামৰ থলুৱা ঠিকাদাৰ এজনে৷ উল্লেখ্য যে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত দিছপুৰ উৰণীয়া সেতুৰ নির্মাণকার্যত বিশ্বমানৰ অত্যাধুনিক প্রযুক্তি ব্যৱহাৰ কৰা হৈছে৷

You might also like