নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ দিনৰ ভিতৰত নির্বাচন হ’লেও সাজু বিজেপিঃ ৰঞ্জিত দাস

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ ‘অসমত অহা ১৫ দিনৰ ভিতৰতো নির্বাচন আয়োগে যদি নির্বাচন অনুষ্ঠিত কৰে, তেন্তে ৰাজ্যিক বিজেপি সাজু আছে৷’ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ৷ কালি বজালীত দাসে স্পষ্টভাৱে কয় যে আজিৰ পৰা ১৫ দিনৰ ভিতৰত নির্বাচন পাতিলেও অসম ৰাজ্যিক বিজেপি এতিয়াৰে পৰা সম্পূর্ণ সাজু আছে আৰু অহা এপ্রিল মাহৰ ভিতৰতে অসমত নির্বাচন অনুষ্ঠিত হ’ব বুলি তেওঁ আশা ব্যক্ত কৰে৷

অসমত ৰঙালী বিহুৰ পূর্বেই নির্বাচন অনুষ্ঠিত হ’ব পাৰে বুলি মত প্রকাশ কৰে অসম পর্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই৷ বজালীৰ বিভিন্ন প্রান্তত কেইবাটাও অনুষ্ঠানত অংশগ্রহণ কৰি এনেদৰে সাংবাদিকৰ আগত মন্তব্য প্রকাশ কৰে দুয়োজন বিজেপি নেতাই৷

অসম পর্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ স’তে ৰঞ্জিত কুমাৰ দাসে একেলগে গৈ পাটাছাৰকুছি সমষ্টিৰ অন্তর্গত অসমৰ অন্যতম স্বচ্ছ গাঁৱৰ মর্যাদা পোৱা বেলনালৈ গৈ ৰাইজৰ অভিবাদন গ্রহণ কৰে আৰু গাঁৱৰ ৰাজহুৱা নামঘৰত এটা প্রকল্পৰ আধাৰশিলা মুকলি কৰে৷ ইয়াৰ পিছতে বজালীৰ ৰিহাবাৰীত ’৪২ৰ গণ আন্দোলনৰ শ্বহীদ মদন ৰাউতাৰ স্মৃতিসৌধ নির্মাণৰ আধাৰশিলা স্থাপন কৰে ৰঞ্জিত কুমাৰ দাস আৰু জয়ন্ত মল্ল বৰুৱাই৷ ইয়াৰ পিছত কালি দাস পাঠশালাৰ দক্ষিণ দিশত অৱস্থিত ঐতিহাসিক জালিখাটা কলিবাৰী থানত উপস্থিত হয় আৰু তাত এছিয়াৰ ভিতৰতে অন্যতম বৃহৎ বটগছজোপা প্রত্যক্ষ কৰাৰ লগতে ঐতিহাসিক থানখনৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে সংকল্প গ্রহণ কৰে৷ থান চৌহদত ৩০ লাখ টকা ব্যয় সাপেক্ষ অতিথিশালা নির্মাণৰ বাবে আধাৰশিলা স্থাপন কৰে ৰঞ্জিত দাস আৰু জয়ন্ত মল্ল বৰুৱাই৷ ইয়াৰ পিছতে থান চৌহদত এখন ৰাজহুৱা সভাৰ আয়োজন কৰা হয়, য’ত ৰঞ্জিত দাস আৰু জয়ন্ত মল্ল বৰুৱাক সম্বর্ধনা জ্ঞাপন কৰা হয়৷

You might also like