এইবাৰ পাহাৰত কেৱল পদুম ফুলঃ ডাঃ নোমল মমিন
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ অনাগত বিধানসভা নিৰ্বাচন নিচেই ওচৰত। ইতিমধ্যে ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী কুচকাৱাজ। পিছপৰি থকা নাই পাহাৰীয়া জিলা কাৰ্বি আংলং। বোকাজানটো ইতিমধ্যে আৰম্ভ হৈছে নিৰ্বাচনী বতাহ। ১৭নং বোকাজান বিধান সভা সমষ্টিত বিজেপি দলৰ ভেটি টনকিয়াল বুলি ক’ব পৰা যায়। সমষ্টিটোত বিগত সময়চোৱাত বিজেপিৰ বিধায়ক ডাঃ নোমল মমিনৰ বিভিন্ন ক্ষেত্ৰত কৰা উন্নয়ন মূলক কামেই এইবাৰ নিৰ্বাচনৰ মূল মন্ত্ৰ।
আনহাতে বিধায়কজনৰ বিগত সময়চোৱাৰ কামত আৰু বিজেপি দলৰ নীতি, আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ শনিবাৰে বোকাজান বিধান সভা সমষ্টিৰ দেওহৰিত কংগ্ৰেছ, এএছডিচি আদি দলৰ প্ৰায় তিনিশ পৰিয়ালে পূব কাৰ্বি আংলং জিলা বিজেপি দলৰ সভাপতি ধনসিং তেৰণ, উপসভাপতি ৰলেণ্ড কিলিং, বিধায়ক মমিনৰ সন্মুখত বিজেপি দলত যোগদান কৰে।
উৎফুল্লিত বিধায়ক মমিনে কয়, “এইবাৰ কাৰ্বি পাহাৰত পুনৰ ফুলিব মিৰপিডং অৰ্থাৎ পদুম ফুল। বোকাজান বিধান সভা সমষ্টিত এইবাৰ কোনো দলেই বিজেপি দলৰ প্ৰাৰ্থীৰ সৈতে প্ৰতিদ্বন্দিতা কৰিবলৈ সক্ষম নহ’ব। দলে যাকেই প্ৰাৰ্থীত্ব দিয়ে তেওঁ অতি সহজেই বোকাজান বিধান সভা সমষ্টিৰ পৰা এইবাৰ অনায়াসে বিজয়ী হোৱাটো নিশ্চিত।”