- এক লিটাৰ পেট্র’লত কৰ ৫৫.৬১ টকা
- পৰিশোধন ব্যয় ২.৬২ টকা
- আবকাৰী–পথ কৰ ৩২.৯৮ টকা
- ৰাজ্য চৰকাৰৰ মূল্য আৰোপিত কৰ পেট্র’লত ২২.৬৩, ডিজেলত ১৭.৪৫ টকা
- পেট্র’ল পাম্পৰ কমিছনৰ নামতো ৩.৬০ টকা
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ এহাতে হিতাধিকাৰীৰ একাউণ্টত নগদ ধন বিলোৱাৰ আঁচনি, আনহাতে কৰৰ বোজা জাপি দি জনতাৰ জেপ লুৰুকাৰ প্রক্রিয়া৷ –এই দুয়োটা কামেই এতিয়া দেশত সমান্তৰাল গতিত চলিছে৷ যাৰ বাবে নিত্য ব্যৱহার্য সামগ্রীসমূহৰ লগতে পেট্র’ল–ডিজেলৰ মূল্যও আকাশলংঘী হৈ পৰিছে৷ অথচ আজিৰ দিনত আন্তর্জাতিক বজাৰত পানীৰ দৰত বিক্রী হৈ আছে খাৰুৱা তেল৷ এই খাৰুৱা তেলেই ভাৰতলৈ আমদানি কৰি পৰিশোধনৰ জৰিয়তে পেট্র’ল–ডিজেলৰ ৰূপত বিক্রী কৰা হয়৷ কিন্তু ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে আৰোপ কৰা কৰৰ বোজাত পেট্র’ল–ডিজেলৰ দামে শতকৰ ঘৰ স্পর্শ কৰাৰ দিশত আগবাঢ়িছে৷
উল্লেখ্য যে আন্তর্জাতিক বজাৰত আজিৰ দিনটোত খাৰুৱা তেলৰ মূল্য হ’ল প্রতি লিটাৰত ২৪ টকা৷ এই খাৰুৱা তেলৰ পৰা প্রস্তুত কৰা পেট্র’ল, ডিজেলৰ মূল্য এতিয়া সাধাৰণ জনতাৰ আয়ত্তৰ বাহিৰ হৈ পৰিছে৷ ইয়াৰ মূল কাৰণেই হ’ল কেন্দ্রীয় চৰকাৰৰ আবকাৰী কৰ আৰু ৰাজ্য চৰকাৰৰ মূল্য আৰোপিত কৰ অর্থাৎ ভেট৷ শনিবাৰে গুৱাহাটীৰ বজাৰত প্রতিলিটাৰ পেট্র’ল ৮৯ টকা আৰু ডিজেল ৮২.৬৭ টকা দৰত বিক্রী হৈ আছে৷ বিগত ডিচেম্বৰ মাহৰ পৰাই ৰাজ্যত পেট্র’ল–ডিজেলৰ মূল্য ধাৰাবাহিকভাৱে বাঢ়ি আহিছে৷ কিন্তু পেট্র’ল–ডিজেলৰ দামত কিমান কৰ আৰোপিত হৈ থাকে, সেয়া জানিলে সর্বসাধাৰণ জনতাৰ চকু কপালত উঠিব৷ আজি আন্তর্জাতিক বজাৰত প্রতি বেৰেল খাৰুৱা তেলৰ মূল্য ৫২.৩৪ ডলাৰ৷ ভাৰতীয় মুদ্রাৰ বিচাপত এয়া হ’ব ৩,৮১৬ টকা৷ প্রতি বেৰেলত থাকে ১৫৯ লিটাৰ খাৰুৱা তেল৷
গতিকে এক লিটাৰ খাৰুৱা তেলৰ দাম আন্তর্জাতিক বজাৰত ২৪ টকা৷ এই মূল্যত খাৰুৱা তেল আমদানি কৰি বিভিন্ন শোধনাগাৰলৈ পৰিশোধনৰ বাবে প্রেৰণ কৰা হয়৷ য’ত এই তেল পেট্র’ল, ডিজেলৰ ৰূপত উৎপাদিত হয়৷ প্রতিলিটাৰ খাৰুৱা তেল পৰিশোধনত প্রায় ২.৬২ টকা আৰু পৰিবহণত প্রায় ৩.৩১ টকা ব্যয় হয়৷ অর্থাৎ কৰ আৰোপ কৰাৰ পূর্বে পেট্র’ল বা ডিজেলৰ মূল্য প্রতিলিটাৰত হ’ব প্রায় ২৯.৯৩ টকা৷ ইয়াৰ পাছত বিভিন্ন স্তৰত কৰ আৰোপৰ প্রক্রিয়া আৰম্ভ হয়৷ প্রথমতে আৰোপ কৰা হয় কেন্দ্রীয় চৰকাৰৰ আবকাৰী কৰ আৰু পথ উপকৰ৷ প্রতিলিটাৰ পেট্র’লত এই কৰৰ পৰিমাণ হ’ল ৩২.৯৮ টকা আৰু প্রতিলিটাৰ ডিজেলত আবকাৰী, পথ উপকৰৰ পৰিমাণ ৩১.৮৩ টকা৷
পৰৱর্তী সময়ত ৰাজ্য চৰকাৰে এই মূল্যৰ ওপৰত আৰোপ কৰে ভেট৷ অসমত প্রতিলিটাৰ পেট্র’লত ২২.৬০ টকা আৰু ডিজেলত ১৭.৪৫ টকা ভেট গ্রাহকে আদায় দিব লাগে৷ সর্বশেষত যোগ হয় পেট্র’ল পাম্পৰ কমিছন৷ ইয়াৰ পৰিমাণ হ’ব প্রায় ৩.৬২ টকা৷ এনেদৰে অসমৰ একোজন গ্রাহকে প্রতিলিটাৰ পেট্র’লত ৫৫.৬১ টকা আৰু প্রতিলিটাৰ ডিজেলত ৪৯.২৪ টকাৰ কৰ আদায় দি আছে৷ এই কৰৰ বোজা স্বাভাৱিকতে সর্বস্তৰৰ জনসাধাৰণৰ বাবে অসহনীয় হৈ উঠিছে৷
এনেদৰেই গুৱাহাটীত পেট্র’লেপতি লিটাৰত ৮৯ টকা আৰু ডিজেলত ৮২.৬৭ টকাৰ সীমা চুইছে৷ উল্লেখ্য যে ভাৰতত আকাশলংঘী মূল্যৰ বিপৰীতে প্রতি লিটাৰ পেট্র’লত চুবুৰীয়া ৰাজ্য ভূটানত ৪৯.৫৬ টকা, নেপালত ৬৮.৯১ টকা আৰু শ্রীলংকাত ৫৯.৪৯ টকা৷ প্রণিধানযোগ্য যে ২০১৪ চনত নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা দহবাৰ পর্যন্ত ইন্ধনৰ আবকাৰী কৰ বৃদ্ধি কৰা হৈছে৷
আনহাতে ক’ভিডৰ সময়তো অসম চৰকাৰে পেট্র’ল–ডিজেলৰ ওপৰত ৫ টকাকৈ অতিৰিক্ত ভেট আৰোপ কৰিছে৷ এতিয়া দীঘলীয়া লকডাউনে ৰাজ্যবাসীক একপ্রকাৰ জুৰুলা কৰাৰ পাছতো কৰৰ হাতোৰাৰ পৰা দুয়োখন চৰকাৰে ৰাজ্যবাসীক মুক্তি দিয়া নাই৷ অথচ ক’ভিড অধ্যায়ৰ যৱনিকা ঘোষণাৰে বহুদিন আগৰে পৰা অসমৰ চুকে–কোণে অনুষ্ঠিত হৈ আছে বিশাল ৰাজনৈতিক সভা৷
য’ত শাসকীয় নেতা–মন্ত্রীসকলেই আগভাগ লৈছে৷ অথচ ক’ভিডৰ পৰিপ্রেক্ষিতত আৰোপ কৰা কৰ চৰকাৰে আজিও একে হাৰত সংগ্রহ কৰি আছে৷ এই কথা স্পষ্ট যে কেন্দ্র–ৰাজ্য চৰকাৰে কৰ আৰোপ কৰাৰ ফলতে আন্তর্জাতিক বজাৰৰ মূল্যৰ তুলনাত তিনি গুণ দামত অসমৰ গ্রাহকে পেট্র’ল–ডিজেল কিনি থাকিবলগীয়া হৈছে৷