নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কর্মসংস্থাপন নাইঃ দেহত অগ্নিসংযোগ কৰি এমচিএ ডিগ্রীধাৰী যুৱকৰ আত্মহত্যা

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ মহানগৰীৰ পাঞ্জাবাৰীত শনিবাৰে পুৱতিনিশা সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা৷ পাঞ্জাবাৰীৰ মেংগ’লেন পথৰ নিজ বাসগৃহৰ শোৱনি কোঠাত প্রণয় কুমাৰ ছেত্রী (৩৯) নামৰ উচ্চ শিক্ষিত যুৱকৰ অগ্ণিদগ্ধ মৃতদেহ উদ্ধাৰ হয়৷

স্থানীয় লোকৰ সহযোগত সাতগাঁও আৰক্ষীয়ে অগ্ণিদগ্ধ অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে৷ যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ কাৰণ পোহৰলৈ অহা নাই যদিও উপযুক্ত কর্মসংস্থাপন নাপাই মানসিকভাৱে হতাশ হৈয়েই দেহত অগ্ণিসংযোগ কৰি আত্মহত্যা কৰা বুলি স্থানীয় একাংশই মত ব্যক্ত কৰিছে৷

স্থানীয় লোকৰ ভাষ্য অনুসৰি এম চি এ ডিগ্রীধাৰী যুৱকজনে অৱসৰপ্রাপ্ত বেংক কর্মচাৰী পিতৃৰ সৈতে পাঞ্জাবাৰীৰ মেংগ’লেন পথৰ বাসগৃহত বাস কৰি আছিল৷ সাত বছৰ পূর্বে কর্কট ৰোগত আক্রান্ত হৈ মাতৃৰ মৃত্যু হোৱাত তেওঁ পিতৃৰ সৈতে বাস কৰিছিল যদিও উপযুক্ত কর্মসংস্থাপন নোপোৱাৰ বাবে যুৱকজনে শেহতীয়াকৈ একপ্রকাৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল৷ শুকুৰবাৰে নিশা প্রায় ৮.৩০ বজাত যুৱকজনে ঘৰৰ কাষৰ এখন দোকানৰ পৰা এটা ফেনাইলৰ বটল ক্রয় কৰি তেওঁ আৰু জীয়াই নাথাকে বুলি দোকানৰ গৰাকীৰ আগত ব্যক্ত কৰি গৃহাভিমুখী হয়৷ তদুপৰি প্রায়ে সুৰা সেৱন কৰি যুৱকজনে পিতৃৰ সৈতে কাজিয়াত লিপ্ত হোৱা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷

শনিবাৰে পুৱতিনিশা প্রায় ৪.৩০ বজাত যুৱকজনৰ বাসগৃহৰ পৰা ধোঁৱা ওলোৱা প্রত্যক্ষ কৰি স্থানীয় একাংশই বাসগৃহত উপস্থিত হৈ যুৱকজনৰ কোঠাত জুই জ্বলি থকা প্রত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াৰ লগতে জুই নুমাবলৈ চেষ্টা কৰে৷ কিছু সময়ৰ ভিতৰতে সাতগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈ জুই নুমাবলৈ সক্ষম হয়৷

আৰক্ষীয়ে পাছত কোঠাৰ পৰা যুৱকজনৰ অগ্ণিদগ্ধ মৃতদেহ উদ্ধাৰ কৰে৷ বাসগৃহৰ আন এটা কোঠাত তেজৰ চেকুৰা প্রত্যক্ষ কৰি আৰক্ষীয়ে সাতগাঁও থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ তাৰ মাজতে প্রাথমিক তদন্তত যুৱকজনে আত্মহত্যা কৰিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰে৷

ইপিনে আৰক্ষীয়ে বাসগৃহটোৰ ছাদৰ পৰা যুৱকজনৰ পিতৃ তুল বাহাদুৰ ছেত্রীক অচেতন অৱস্থাত উদ্ধাৰ কৰে৷

উল্লেখ্য যে যুৱকজনে ফেকাল্টী হাইস্কুলৰ পৰা মেট্রিক পৰীক্ষাত উত্তীর্ণ হোৱাৰ পাছত কটন মহাবিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক আৰু প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ পৰা পদার্থ বিজ্ঞান বিষয়ত স্নাতক উত্তীর্ণ হৈ পৰৱর্তী সময়ত ‘ইগন’ৰ পৰা এম চি এ ডিগ্রী লাভ কৰিছিল৷ ২০১৪ চনত এম চি এ ডিগ্রী লাভ কৰাৰ পাছতো যুৱকজনে উপযুক্ত কর্মসংস্থাপন নোপোৱাত ক্রমাৎ মানসিকভাৱে ভাগি পৰা বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ অৱশ্যে তদন্তৰ পাছহে যুৱকজনৰ মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷

You might also like