তথ্য–জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত কাৰিকৰী কর্মচাৰীৰ বিশেষ প্রশিক্ষণ
নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ তথ্য–প্রযুক্তিৰ উন্নতিৰ সৈতে সংগতি ৰাখি চৰকাৰী বিভাগৰ কাৰিকৰী ক্ষেত্রৰ সৈতে জডিত কর্মচাৰীসকলক নতুন প্রযুক্তিৰ জ্ঞানেৰে সমৃদ্ধ কৰি উপযুক্ত কৰি তোলাৰ প্রয়োজন যাতে ৰাইজৰ সেৱাত কোনো ত্রুটি ৰৈ নাযায়৷ ৰাজ্যৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দিছপুৰৰ লোকনির্মাণ বিভাগৰ সন্মিলন আৰু প্রশিক্ষণ কেন্দ্রত যোৱা ২৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰীলৈ আয়োজন কৰা প্রশিক্ষণ কার্যসূচীত অংশগ্রহণ কৰি এই মন্তব্য আগবঢ়ায় মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীয়ে৷
সঞ্চালকালয়ৰ টেক্নিচিয়ান, অপাৰেটৰ আৰু ফটোগ্রাফী বিভাগৰ কর্মচাৰীসকলৰ বাবে আয়োজন কৰা এই প্রশিক্ষণ কার্যসূচী অতি সময়োপযোগী আৰু গুৰুত্বপূর্ণ বুলি তেওঁ মন্তব্য কৰে৷ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ স্থিৰ অনূভাষ যন্ত্র (ফিক্সড লাউড স্পীকাৰ) ব্যৱস্থাৰ সৈতে জডিত কাৰিকৰী ক্ষেত্রৰ কর্মচাৰীসকল বিভাগটোৰ অতি গুৰুত্বপূর্ণ অংগ বুলি উল্লেখ কৰি মিডিয়া উপদেষ্টাগৰাকীয়ে কয় যে এনে প্রশিক্ষণে তেওঁলোকৰ কাম–কাজসমূহত নিয়াৰিকৈ সম্পন্ন কৰাত যথেষ্ট সহায় কৰিব৷
অনুষ্ঠানত উপস্থিত থাকি তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত–সচিব প্রীতম শইকীয়াই কাৰিকৰী ক্ষেত্রৰ কর্মচাৰীসকলৰ বাবে নিয়মীয়াকৈ এনে প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত কৰাৰ প্রয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তথ্য আৰু জনসংযোগৰ সঞ্চালক অনুপম চৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটোত বিভাগীয় সচিব নীৰা গগৈ সোণোৱাল, উপ–সচিব হেমন্ত কুমাৰ পেগু প্রমুখ্যে সঞ্চালকালয়ৰ বিষয়া–কর্মচাৰীসক উপস্থিত থাকে৷ তিনিদিনীয়া প্রশিক্ষণ কার্যসূচীত ৰাজ্যখনৰ বিভিন্ন জিলাৰ ৬৪গৰাকী প্রশিক্ষার্থীয়ে অংশগ্রহণ কৰে৷ প্রশিক্ষণৰ অন্তত আটাইকে প্রমাণ–পত্র প্রদান কৰা হয়৷