নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বন্দী কুইপৰ দুই বিষয়াক লৈ পুনৰ আলফাৰ বিবৃতিঃ অনাকাংক্ষিত ঘটনাৰ দায়িত্ব ল’ব লাগিব চৰকাৰে

নিয়মীয়া বাৰ্তা, ৩১ জানুৱাৰীঃ আলফাই অপহৰণ কৰি নিয়া কুইপৰ দুই বিষয়াৰ মুক্তিক লৈ চলি থকা চর্চাৰ মাজতেই আজি আলফাই এই দুয়োজন বিষয়াৰ ক্ষেত্রত সংঘটিত হ’ব লগা যিকোনো ঘটনাৰ দায়িত্ব চৰকাৰে ল’ব লাগিব বুলি স্পষ্ট কৰিছে৷ বিদ্রোহী সংগঠনটোৱে এক বিবৃতিযোগে ইয়াকো উল্লেখ কৰিছে যে দুই বিষয়াক আলফাৰ কবলৰ পৰা মুক্ত কৰিবলৈ ইতিমধ্যে আৰম্ভ হৈছে ইউনিফাইড কমাণ্ডোৰ অভিযান৷ আলফা আৰু কুইপৰ মাজত চলি থকা বন্দী বিনিময় সংঘাত ওৰ পেলোৱাৰ সূত্র উদ্ঘাটনৰ বিপৰীতে কুইপ, অসম আৰু অৰুণাচলৰ মুখ্যমন্ত্রীয়ে কৌশল প্রয়োগ কৰি সামৰিক অভিযানৰ জৰিয়তে বন্দী বিষয়া দুগৰাকীক উদ্ধাৰৰ চেষ্টা চলাইছে৷ এই অভিযানৰ দায়িত্বত আছে ইউনিফাইড কমাণ্ডোৰ মুৰব্বীসকল, প্রতিৰক্ষা বিভাগৰ চোৰাংচোৱা, অসামৰিক চোৰাংচোৱাৰ উপৰি ৰ’, আই বি, এ এন আই আৰু অসম আৰক্ষীৰ চোৰাংচোৱা৷ এনে পৰিস্থিতিত দুয়োগৰাকী বিষয়াক জীৱন্তে উদ্ধাৰ কৰাৰ পৰিৱর্তে হত্যা কৰি ইয়াৰ সম্পূর্ণ দায় আলফাৰ ওপৰত জাপি দিয়াৰ ষড়যন্ত্র চলিছে৷ সেয়েহে আগন্তুক দিনত যদি কেনো অনাকাংক্ষিত ঘটনা সংঘটিত হয়, তাৰ বাবে চৰকাৰ দায়ী হ’ব৷

উল্লেখ্য যে ইয়াৰ পূর্বে আলফাই আন এক বিবৃতিযোগে কুইপৰ দুই বিষয়া ক্রমে তিনিচুকীয়াৰ প্রদীপ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক মুক্তিৰ ক্ষেত্রত কার্যকৰী ব্যৱস্থা গ্রহণৰ বাবে কুইপ আৰু চৰকাৰলৈ বিবৃতিযোগে জাননী প্রেৰণ কৰিছিল৷ উক্ত জাননীৰ জৰিয়তে ১৭ ফেব্রুৱাৰীৰ ভিতৰত তেওঁলোকৰ মুক্তিৰ ক্ষেত্রত পদক্ষেপ গ্রহণ নকৰিলে বিহিত ব্যৱস্থা গ্রহণৰ কথা স্পষ্ট কৰিছিল৷ উক্ত জাননীৰ পাছতে আজি পুনৰ চৰকাৰ তথা কুইপক সকীয়াই প্রকাশ কৰা বিবৃতিয়ে স্বাভাৱিকতে কুইপৰ বিষয়া দুজনৰ মুক্তিৰ বিষয়টো অধিক জটিলতালৈ গতি কৰিলে৷

You might also like