নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ ৰাজধানী দিল্লীত চলি থকা কৃষক বিদ্রোহে দুমাহ অতিক্রম কৰিলে৷ প্রচণ্ড শীত আৰু প্রবল প্রত্যাহ্বান নেওচি হাজাৰ হাজাৰ কৃষকে তিনি কৃষি আইন বাতিলৰ দাবীত দিল্লীৰ তিনিওটা সীমান্তত অৱস্থান কৰি আছে৷ কৃষকৰ দৃঢ় প্রতিবাদে অস্বস্তিত পেলাইছে কেন্দ্রীয় চৰকাৰক৷ সমাধানসূত্র উলিয়াবৰ বাবে ইতিমধ্যে কেইবালানি আলোচনা অনুষ্ঠিত হৈ গৈছে৷ দিল্লীৰ কৃষক আন্দোলনৰ সমান্তৰালভাৱে অসমতো নিজৰ কৃষিভূমি ৰক্ষাৰ কঠিন সংগ্রামত অৱতীর্ণ হৈছে এদল কৃষক৷ নগাঁও জিলাৰ মিকিৰ বামুণী গ্রাণ্টত ৰায়তী ভূমিৰ অধিকাৰ হেৰুৱাই সর্বস্বান্ত হৈ পৰা কৃষকসকলে বিগত পাঁচ দিন ধৰি অবিৰতভাৱে প্রতিবাদ অব্যাহত ৰাখিছে৷ তাৰ পাছতো চকু মেল খোৱা নাই ‘জাতি–মাটি–ভেটি’ ৰক্ষাৰ প্রতিশ্রুতি দিয়া চৰকাৰখনৰ৷ কাৰণ এইখন চৰকাৰেই কৃষকৰ ভূমি কাঢ়ি গতাই দিছে ব্যক্তিগত কোম্পানীক৷ দিল্লীৱালা কোম্পানী ‘এজিউৰ’ৰ স্বার্থত খিলঞ্জীয়া জনজাতীয় কৃষকৰ ওপৰত নমাই আনিছে বর্বৰ আক্রমণ৷ মিকিৰ বামুণীৰ গ্রাণ্টৰ কৃষকৰ বিৰুদ্ধে চলা ভয়ংকৰ ষড়যন্ত্রৰ কথা ইতিমধ্যে ‘নিয়মীয়া বার্তা’ত বিস্তাৰিতভাৱে প্রকাশ পাইছে৷ তাৰ মাজতে ৰাষ্ট্রীয় পর্যায়ৰ কেইবাগৰাকীও খ্যাতনামা সামাজিক কর্মীৰে গঠিত এটা ফেক্ট ফাইণ্ডিং টীমৰ চৰজমিন তদন্তৰ প্রতিবেদনত পোহৰলৈ আহিছে বহু গুৰুত্বপূর্ণ তথ্য৷ এই প্রতিবেদনত উল্লেখ কৰা মতে, ব্যক্তিগত কোম্পানীক কৃষিভূমি গতাই দিবৰ বাবেই অসম চৰকাৰে ২০১৮ চনত প্রস্তুত কৰিছিল অসম সৌৰশক্তি নীতি (আছাম চোলাৰ পলিচী)৷ এই নীতিৰ জৰিয়তে অসমৰ আন ঠাইতো মিকিৰ বামুণীৰ ঘটনাৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা প্রবল৷
উল্লেখ্য যে নগাঁও জিলাৰ মিকিৰ বামুণী গ্রাণ্টৰ ঘটনাৰ বিৱৰণ দাঙি ধৰিছে ফেক্ট ফাইণ্ডিং টীমৰ হৈ গ্রীন ন’বেল নামেৰে পৰিচিত গ’ল্ডেন প্রাইজ বঁটা বিজয়ী ওড়িশাৰ প্রফুল্ল সামন্তৰা, কর্ণাটক নিৱাসী এনভাইৰনমেণ্ট ছাপর্ট গ্রুপৰ লি’ সালডানা, চেণ্টাৰ ফৰ ফাইনেঞ্চিয়েল একাউণ্টিবিলিটীৰ ভার্গৱী ৰাও আৰু দিল্লী ছলিডাৰিটী গ্রুপৰ অমিত কুমাৰে৷ যোৱা ২৬ জানুৱাৰীৰ পৰা অনুসন্ধানকাৰী গোটটোৱে মিকিৰ বামুণী গ্রাণ্টত বাহৰ পাতি সাজু কৰা প্রতিবেদন অনুসৰি যোৱা এবছৰ ধৰি শক্তি খণ্ডৰ দিল্লীস্থিত কোম্পানী এজিউৰ পাৱাৰৰ লক্ষ্য হৈ পৰিছে মিকিৰ বামুণী গ্রাণ্ট গাঁওখন৷ ১৫ মেগাৱাটৰ সৌৰ বিদ্যুৎ প্রকল্প স্থাপনৰ বাবে দিল্লীৱালা কোম্পানীটোৱে স্থানীয় আৰক্ষী প্রশাসনৰ জৰিয়তে কৃষিভূমি তথা কৃষকসকলক উচ্ছেদ কৰিব বিচাৰিছে৷ ইয়াৰ বাবে যোৱা বছৰৰ ডিচেম্বৰ মাহত প্রতিবাদী কৃষকসকলৰ ওপৰত শাৰীৰিক নির্যাতন চলাই, শস্যৰ ওপৰত বুলডজাৰ চলাই দিয়ে৷ বেচৰকাৰী কোম্পানীৰ মুনাফা আদায়ৰ বাবে আৰক্ষী–প্রশাসনৰ সিদিনাৰ নির্যাতন ইমান গুৰুতৰ আছিল যে গর্ভৱতী কৃষিজীৱী মহিলাৰ ওপৰত আক্রমণ কৰি পেটৰ সন্তানক হত্যা কৰা হৈছিল৷ অনুসন্ধানকাৰী গোটটোৱে উত্থাপন কৰা অভিযোগ অনুসৰি ২০১৮ চনৰ আছাম ছ’লাৰ পলিচীখন ৰাজ্য চৰকাৰে এনেদৰে যুগুতাইছিল যে বেচৰকাৰী কোম্পানীসমূহক যেন–তেন প্রকাৰেণ কৃষিভূমি যাতে গতাই দিয়াব পৰা যায়৷ তদুপৰি ২০১৯ চনত ৰাজ্যৰ ৰাজহ বিভাগে এক বিতর্কিত জাননী জাৰি কৰি অসমত সৌৰ বিদ্যুৎ প্রকল্প স্থাপনৰ বাবে ২০১৫ চনৰ লেণ্ড ৰি–ক্লাছিফিকেচন আইন কার্যকৰী নহয় বুলি ঘোষণা কৰিছিল৷ অনুসন্ধানকাৰী গোটটোৰ পোনপটীয়া আভিযোগ– ‘ৰাজ্য চৰকাৰে এই সকলো উদ্যোগ লৈছিল মিকিৰ বামুণী গ্রাণ্টত এজিউৰ পাৱাৰক কৃষিভূমি গতাই দিয়াৰ বাবে৷’
ৰাজ্য চৰকাৰৰ এই কার্যই দৰাচলতে ২০১৯ চনৰ অসম ভূমি নীতিক উলংঘা কৰিছে বুলি এনভাইৰনমেণ্ট ছাপর্ট গ্রুপৰ লি’ সালডানাই এক বিবৃতিযোগে ক্ষোভ ব্যক্ত কৰে৷ কোৱা হৈছিল যে ২০১৯ চনৰ অসম ভূমি নীতিত ৰাজ্যৰ কৃষিভূমি যাতে আন কোনো কামত ব্যৱহাৰ কৰা নহয়, তাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ পিছে পুঁজিপতিৰ মুনাফাৰ স্বার্থত অসম চৰকাৰে নিজৰ নীতি উলংঘা কৰা বুলি অনুসন্ধানকাৰী গোটটোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইফালে মিকিৰ বামুণী গ্রাণ্টৰ ভূমি হৈছে অতি উর্বৰ৷ তদুপৰি গাঁওখন এলিফেণ্ট কৰিড’ৰো৷ কিন্তু এতিয়াও একাধিক চৰকাৰী নীতি, আইন উলংঘা কৰি ৬০–৭০ৰ দশকত দীর্ঘদিনীয়া সংগ্রামৰ অন্তত ভূমিহীন কৃষকে লাভ কৰা ভূমিৰ অধিকাৰ এতিয়া চৰকাৰে কাঢ়ি নিব খুজিছে৷ গ্রীন ন’ৱেল বঁটা জয়ী প্রফুল্ল সামন্তৰাৰ প্রশ্ণ– ‘বাস্তৱত কৃষকসকলৰ ৰায়তী অধিকাৰ খর্ব কৰি পূর্বৰ জমিদাৰ পৰিয়ালে (অধুনালুপ্ত জমিদাৰী প্রথা) কেনেকৈ কর্প’ৰেট সংস্থা এটাক বিক্রী কৰিব পাৰে? এয়া দেখ দেখকৈ ১৯৭১ আছাম টেম্পৰাৰী ছেটেলড এৰিয়াজ (টিনেচি) আইন উলংঘনৰ ঘটনা হ’ল৷ চৰকাৰে নিজেই কেনেকৈ আইন উলংঘা কৰিব পাৰে৷’
আনহাতে, চেণ্টাৰ ফৰ ফাইনেঞ্চিয়েল একাউণ্টিবিলিটীৰ ভার্গৱী ৰাওয়ে স্থানীয় কৃষকসকলৰ ওপৰত বিশেষকৈ থলুৱা কৃষিজীৱী মহিলাসকলৰ ওপৰত আৰক্ষীৰ অকথ্য নির্যাতনক লৈ বহু প্রশ্ণ উত্থাপন কৰিছে৷ আৰক্ষীয়ে এগৰাকী গর্ভৱতী মহিলাক মাৰি–পিটি গর্ভপাত কৰোৱাৰ ঘটনা কেৱল ৰাষ্ট্রীয় মহিলা আয়োগৰ দ্বাৰাই নহয়, ৰাষ্ট্রীয় মানৱ অধিকাৰৰ জৰিয়তে তদন্ত কৰাব লাগে বুলি মত ব্যক্ত কৰি অনুসন্ধানকাৰী গোটটোৱে শীঘ্রেই দিল্লীলৈ আহি এইক্ষেত্রত গোচৰ ৰুজু কৰিব বুলি প্রকাশ কৰিছে৷ কৃষক, মহিলাৰ ওপৰত এনেধৰণৰ বর্বৰোচিত আক্রমণৰ ঘটনা সমগ্র দেশৰ ভিতৰতেই বিৰল বুলি ক্ষোভ ব্যক্ত কৰা হৈছে প্রতিবেদনত৷ আনহাতে, একাধিক আইন উলংঘা কৰি তথা মানৱ অধিকাৰ ভংগ কৰি মিকিৰ বামুণী গ্রাণ্টত সৌৰ বিদ্যুৎ প্রকল্প স্থাপনৰ বাবে এজিউৰ পাৱাৰক ৱ’ল্ড বেংকৰ সহযোগী সংস্থা হিচাপে আমেৰিকাৰ ৱাশ্বিংটনস্থিত ইণ্টাৰনেচনেল ফাইনেঞ্চ কর্প’ৰেচন আৰু কানাডাৰ আন্তর্জাতিক বিনিয়োগকাৰী সংস্থা চি ডি পি কিউয়ে কেনেকৈ অর্থ সাহায্য প্রদান কৰিব পাৰে, তাক লৈও অনুসন্ধানকাৰী গোটটোৱে প্রশ্ণ উত্থাপন কৰিছে৷ সমগ্র বিষয়টো আন্তর্জাতিক সংস্থাৰ সন্মুখত উত্থাপন কৰা হ’ব বুলি ভার্গৱী ৰাওয়ে প্রকাশ কৰিছে৷ আনহাতে, মিকিৰ বামুণী গ্রাণ্টত কৃষিজীৱী খিলঞ্জীয়া লোকৰ ওপৰত চৰকাৰ প্রণোদিত হিংসাত্মক কার্য অসম চুক্তিৰ ৬নং দফাৰ সম্পূর্ণ পৰিপন্থী বুলিও দিল্লী ছলিডাৰিটী গ্রুপৰ অমিত কুমাৰে মত ব্যক্ত কৰিছে৷ অসমৰ বাবে এয়া এক অশনি সংকেত বুলিও অনুসন্ধানকাৰী গোটটোৱে সতর্ক কৰি দিছে৷ যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসমৰ লাখ লাখ কৃষকক মাটিৰ পট্টা প্রদান কৰাৰ কথা ঘোষণা কৰি আছে, তেনে সময়ত মিকিৰ বামুণী গ্রাণ্টৰ যুগ যুগ ধৰি ৰায়তী অধিকাৰপ্রাপ্ত কৃষকসকলৰ ভূমিৰ অধিকাৰ কিয় কাঢ়ি নি থকা হৈছে, তাক লৈও অনুসন্ধানকাৰী গোটটোৱে প্রশ্ণ উত্থাপন কৰে৷