১৫ আগষ্টৰ পূর্বে বিটিআৰৰ সীমা নির্ধাৰণক লৈ বার্মা আয়োগৰ প্রতিবেদন
গহপুৰত এবছুৰ ৫৩সংখ্যক অধিৱেশনত ড০ শর্মা
নিয়মীয়া বাৰ্তা ১ ফ্ৰেব্ৰুৱাৰীঃ অহা ১৫ ফেব্রুৱাৰীৰ পূর্বে বিটিআৰৰ বাহিৰত বসবাস কৰা বড়ো কছাৰীসকলৰ বাবে গঠন কৰিবলগীয়া বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদখনৰ অন্তর্ৱর্তীকালীন পৰিষদ গঠন কৰা হ’ব৷ –গহপুৰৰ মুখলুং পথাৰত তিনিদিনীয়া কার্যসূচীৰে আয়োজিত ৫৩সংখ্যক এবছুৰ কেন্দ্রীয় অধিৱেশনৰ দেওবাৰে অন্তিম দিনা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ ভাষণত মন্ত্রী ড০ শর্মাই যোৱা বছৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত বিটিআৰ চুক্তিৰ ইতিমধ্যে এটা বছৰ সম্পূর্ণ হোৱাৰ কথা উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কোকৰাঝাৰলৈ আহি চুক্তিখনৰ প্রতি ভাৰত চৰকাৰৰ দায়বদ্ধতা দাঙি ধৰিছে৷ যোৱা এটা বছৰত ক’ভিড মহামাৰীৰ মাজতো চুক্তিখনৰ কেইবাটাও দফা ৰূপায়ণ হৈছে৷ বিটিআৰৰ নতুন সীমা নির্ধাৰণৰ বাবে ইতিমধ্যে চৰকাৰে প্রাক্তন মুখ্য সচিব পি পি বার্মাৰ নেতৃত্বত বাউণ্ডেৰী কমিছন গঠন কৰি দিছে৷ সেই অনুসৰি বিটিআৰত অন্তর্ভুক্ত হ’বলৈ ইচ্ছা কৰা ৰাইজে সেই আয়োগৰ ওচৰত আবেদন কৰাৰ লগতে যিসকলে বিটিআৰত থাকিব নিবিচাৰে, তেওঁলোকে ওলাই অহাৰ বাবে আবেদন কৰিব পাৰিব৷ অহা ১৫ আগষ্টৰ পূর্বেই আয়োগে ৰাজ্য চৰকাৰক নতুন সীমা নির্ধাৰণৰ বাবে প্রতিবেদন দাখিল কৰিব বুলি তেওঁ আশা প্রকাশ কৰে৷
যোৱা এটা বছৰত ভাষা–সংস্কৃতি ৰক্ষণাবেক্ষণৰ ক্ষেত্রতো বিভিন্ন প্রচেষ্টা লোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বড়ো মাধ্যম আৰু জনজাতীয় ভাষাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পৃথক সঞ্চালকালয় কার্যক্ষম কৰাৰ ব্যৱস্থা কৰিছে৷ বড়ো ভাষাক সহযোগী চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে৷ ইয়াৰ ফলত এতিয়াৰে পৰা সকলো চৰকাৰী কার্যালয়ত বড়ো ভাষাত আবেদন কৰিব পাৰিব৷ বিটিআৰত যিসকল লোকে বনাঞ্চলত বসবাস কৰি আছে, তেওঁলোকে বসবাস কৰি থাকিব পাৰিব৷ সেইদৰে অহা ফেব্রুৱাৰী মাহৰ ভিতৰতে বিটিআৰৰ বিদ্যালয়–মহাবিদ্যাল্ প্রাদেশিকীকৰণৰ বাবে নীতি–নিয়ম সৰলীকৰণ কৰা হ’ব, যাতে সহজে প্রাদেশিকীকৰণ সম্ভৱ হৈ উঠে৷ সৌসিদিনা ডিব্রুগড় বিশ্ববিদ্যালয়তো বড়ো মাতৃভাষাৰ স্থায়ী পদ দিয়া হৈছে৷ ভাষণত মন্ত্রী ড০ শর্মাই ১৯৮৩ চনৰ পৰা ১৯৯০ চনলৈ গহপুৰত বিভিন্ন সংঘর্ষত প্রাণ আহুতি দিয়া লোকৰ প্রতিটো পৰিয়ালক ৫ লাখ টকাকৈ আর্থিক অনুদান আগবঢ়োৱাৰ লগতে একোটাকৈ ঘৰ নির্মাণ কৰি দিয়াৰো ঘোষণা আগবঢ়ায়৷ সেইদৰে ৰাজ্য চৰকাৰে প্রথমবাৰৰ বাবে বডোফা উপেন্দ্রনাথ ব্রহ্মৰ প্রতিমূর্তি এটা দৈমালুত স্থাপন কৰিব বুলি ঘোষণা কৰে৷ একেদৰে অসম দর্শন আঁচনিৰ জৰিয়তে বাথৌ মন্দিৰৰ বাবেও আর্থিক অনুদান আগবঢ়াব বুলি ঘোষণা কৰি কেইদিনমানৰ ভিতৰতে বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়োৱে ইয়াৰ শুভ উদ্বোধন কৰিব৷
বাথৌ মন্দিৰৰ উপৰি ঐতিহ্যমণ্ডিত মন্দিৰ, গির্জা আদিও এই অসম দর্শন আঁচনিয়ে সামৰি ল’ব বুলি তেওঁ মন্তব্য কৰে৷ এবছুৰ নেতৃত্বত এটা দশক ধৰি শৈক্ষিক–বৌদ্ধিক পৰিৱর্তনৰ বাবে নিৰলস কাম চলি থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে অঞ্চলটোত ৰাজনৈতিক পৰিৱর্তনৰ পাছত এতিয়া অর্থনৈতিক, শৈক্ষিক সংগ্রামৰ প্রয়োজন৷ অর্থনৈতিক, শৈক্ষিক সংগ্রাম, সাংস্কৃতিক নৱজাগৰণ অবিহনে ৰাজনৈতিক সংগ্রাম আধৰুৱা হৈ ৰয়৷ সমাজৰ পৰা দৰিদ্রতা দূৰ কৰিবলৈ হ’লে শিক্ষা আৰু বিজ্ঞানৰ নৱজাগৰণ আনিব লাগিব৷ তাৰ বাবে দীর্ঘম্যাদী কার্যত জড়িত হ’ব লাগিব৷
আনহাতে, অসমত জনগাঁথনিৰ যিদৰে পৰিৱর্তন হৈছে, নতুন নতুন মানুহ প্রৱেশ কৰিছে, ইয়াৰ জৰিয়তে আমাক সংখ্যালঘু কৰাৰ ষড়যন্ত্র চলাৰ কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে লাচিতে মোগলক প্রতিহত কৰাৰ দৰে এতিয়া নতুন নতুন মোগলৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময় আহিছে৷ ভাৰতীয় সভ্যতা আৰু অসমৰ জাউতিযুগীয়া সভ্যতা ৰক্ষাৰ বাবে সকলোৱে একেলগে মূৰ দাঙি একেলগে কাম কৰিব লাগিব৷ আজিৰ মুকলি সভাত বিশিষ্ট সাহিত্যিক তথা সাহিত্য অকাডেমি বঁটাপ্রাপক য়েছে দর্জে ঠংচি, বিটিচিৰ মুখ্য কার্যবাহী সদস্য প্রমোদ বড়ো, প্রাক্তন সাংসদ ইউ জি ব্রহ্ম, কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ অৰূপজ্যোতি চৌধুৰী, বিটিআৰৰ অধ্যক্ষ কাটিৰাম বড়ো, অৰুণাচল প্রদেশৰ আপছুৰ প্রাক্তন উপদেষ্টা নীনা খাদু, ঢ়েকীয়াজুলিৰ বিধায়ক অশোক সিংঘাল, গহপুৰৰ বিধায়ক উৎপল বৰা আদিও উপস্থিত থাকে৷ উল্লেখ্য যে আজিৰ মুকলি সভালৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল অহাৰ কথা আছিল যদিও অন্তিম মুহূর্তত তেওঁৰ ভ্রমণ বাতিল হয়৷ ইপিনে, আজিৰ অন্তিমখন প্রতিনিধি সভাত এবছুৰ নতুন কমিটী গঠন হয়৷ দ্বীপেন বড়োক সভাপতি আৰু খনীন্দ্র বসুমতাৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ২৭জনীয়া কেন্দ্রীয় সমিতিখন গঠন কৰা হয়৷
প্রথমতে ৰিপুণ বৰাক গহপুৰত নির্বাচন খেলি জয়ী হৈ অহাৰ আহ্বান
আসন্ন বিধানসভা নির্বাচনত কংগ্রেছৰ বাবে বিজেপি কোনো ফেক্টৰেই নহয় বুলি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কৰা মন্তব্য শুনি হাঁহিত ৰ’ব নোৱাৰা হ’ল মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ ৰিপুণ বৰাৰ মন্তব্য সম্পর্কত সাংবাদিকে মন্ত্রী ড০ শর্মাৰ পৰা প্রতিক্রিয়া জানিব বিচৰাত তেওঁ হাঁহিত ৰ’ব নোৱাৰা হৈ পৰে৷ পাছত তেওঁ কয় যে ৰিপুণ বৰাই প্রথমতে গহপুৰৰ পৰা নির্বাচন খেলি দেখুৱাওক আৰু জিকি আহক৷ তাৰ পাছত অসমৰ ৰাজনৈতিক পৰিৱর্তন হৈ থাকিব৷ তেওঁ ৰিপুণ বৰাক প্রদেশ কংগ্রেছৰ নামতহে সভাপতি হৈ আছে বুলি কটাক্ষ কৰে৷