৫২ বছৰীয়া হ’ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা; মাজনিশা মন্ত্ৰীগৰাকীৰ বাসগৃহত ভিৰ হাজাৰ হাজাৰ অনুৰাগীৰ
নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ আজি অসমৰ লোকনির্মাণ, স্বাস্থ্য, শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিন। আজি ৫২ বছৰ বয়সত ভৰি দিছে ড০ শৰ্মাই।
ইপিনে উপজা দিনত শুভেচ্ছা জনাবলে মাজনিশা মন্ত্ৰীগৰাকীৰ বাসগৃহত ভিৰ কৰিলেহি বহু সংখ্যক অনুৰাগীয়ে। প্ৰিয় নেতাগৰাকীক শুভকামনাৰে উপচাই পেলোৱাৰ লগতে দীৰ্ঘায়ু কামনা কৰে অনুৰাগী আৰু শুভাকাংক্ষীসকলে।
উল্লেখ্য যে, বিগত বছৰসমূহৰ দৰে এইবেলিও পহিলা ফেব্রুৱাৰীত গুৱাহাটীৰ পাণ্ডুস্থিত ঐতিহাসিক পাণ্ডুনাথ দেৱালয় প্রাংগণত জালুকবাৰী সমষ্টিৰ বিধায়ক আৰু অসম চৰকাৰৰ লোকনির্মাণ, স্বাস্থ্য, শিক্ষা, বিত্ত আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ৫২সংখ্যক জন্মদিন উদযাপন কৰা হ’ব৷
আনহাতে দেশৰ বহু কেইজন নেতাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসকে আদি কৰি পল্লৱ লোচন দাসেও মন্ত্ৰী জনক টুইট যোগে জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে।
Wishing a very Happy Birthday to Shri. @himantabiswa Ji. You have proven to be an exceptional leader with high leadership qualities. Your tireless commitment towards the development of Assam is very inspiring to us. Wishing you good health and a successful career ahead. pic.twitter.com/3N5dxGh9Ci
— Ranjeet Kumar Dass (@RanjeetkrDass) January 31, 2021
Heartiest birthday greetings to Hon’ble Minister of Assam & NEDA Convenor Dr @himantabiswa da.
You have passionately worked for the welfare of people & progress of Assam & have been a source of constant inspiration with your commitment, dedication & hardwork.#HappyBirthdayHBS pic.twitter.com/UA9aRdyUbl
— Pallab Lochan Das (@pallablochandas) January 31, 2021
@himantabiswa Wish you a big Happy Birthday mama… You are the great leader of Assam..Stay strong ? keep smiling ? #HappyBirthday mama pic.twitter.com/aSPNgDwJNA
— Baharul Islam (@Baharul_143) January 31, 2021