GS ROADত নিৰ্মিত দুখন অত্যাধুনিক ফুট অভাৰব্ৰীজ মুকলি ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ গুৱাহাটীবাসীলৈ লোকনিৰ্মাণ (পথ) বিভাগৰ আন এক উপহাৰ। স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ ২০১৯-২০ অধীনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথ (জি এছ ৰোড)ত নিৰ্মিত দুখনকৈ পদপথ সেতুৰ আজি শুভ উদ্বোধন কৰে লোকনিৰ্মাণ, বিত্ত, স্বাস্থ্য, শিক্ষা আদি বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখ্য যে আজি উদ্বোধন কৰা এই পদপথ সেতু দুখন হৈছে মিজোৰাম ভৱনৰ সমীপত আৰু মহিন্দ্ৰ শ্ব’ৰুমৰ সমীপত।
মিজোৰাম ভৱনৰ সমীপত নিৰ্মাণ কৰা পদপথ সেতুখন নিৰ্মাণত ব্যয় হৈছে মুঠ ১০ কোটি ৬ লাখ ৭১ হাজাৰ টকা। আনহাতে মহিন্দ্ৰ শ্ব’ৰুমৰ সমীপত নিৰ্মাণ কৰা পদপথ সেতুখন নিৰ্মাণত ব্যয় হৈছে মুঠ ৯ কোটি ৮৮ লাখ টকা।
মন কৰিবলগীয়া যে নিৰ্ধাৰীত সময়তকৈ ৪ মাহ পূৰ্বেই গুৱাহাটীবাসীৰ বাবে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে এই ফুট অভাৰব্ৰীজখন। ইফালে মহানগৰীত নিৰ্মাণৰত আন ৭খন পদপথ সেতুৰ কামো যুদ্ধকালিনভাৱে কাম অব্যাহত আছে।