নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ জোঁৰ সমদলক লৈ উত্তাল শুৱালকুছি

‘কা’ বাতিল–ইআইএ প্রত্যাহাৰ–সম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ দাবী

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ শুৱালকুছি আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত ‘কা’ বাতিল, ই আই এ–২০২০ প্রত্যাহাৰ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ আৰু অসম চুক্তি অনুসৰি জ্বলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত দেওবাৰে জোঁৰ সমদল উলিওৱা হয়৷ সন্ধিয়া ৬ বজাত শুৱালকুছি বজাৰ চ’কৰ পৰা উলিওৱা সমদলত অংশগ্রহণকাৰীসকল্ হাতত জোঁৰ লৈ ‘কা’ আমি নামানো , ‘কা’ বাতিল কৰিবই লাগিব, ই আই এ শীঘ্রে প্রত্যাহাৰ কৰক, অসম চুক্তিৰ ৬ নম্বৰ দফা ৰূপায়ণ কৰক আৰু অসম চুক্তিৰ আধাৰত বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰক আদি ধবনিৰে শুৱালকুছিৰ পৰিৱেশ উত্তাল কৰি তোলে৷ লগতে জোঁৰ সমদলকাৰীসকলে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰবিৰোধী ধবনি দিয়াৰ লগতে অসম পুলিচ হায় হায় ধবনি দিয়ে৷

আৰক্ষীয়ে সমদল উলিওৱাত তীব্র বাধা প্রদান কৰে৷ আৰক্ষীৰ বাধা নেওচি হাতে হাতে জেজাৰ লৈ সমদল উলিয়াই ছাত্র সন্থাই প্রতিবাদ সাব্যস্ত কৰে৷ আৰক্ষীয়ে আছুৰ বেনাৰ কাঢ়ি নি সংগঠনটোৰ কর্মীক আতিশয্য চলায়৷ আৰক্ষীৰ হেঁচা–ঠেলাত সুভাষ দাসকে ধৰি কেইবাগৰাকী প্রতিবাদকাৰী আহত হয়৷ আৰক্ষীৰ বৃহৎ দল এটাই আছুৰ সমদলটোক বাধা প্রদান দিছিল যদিও সময়ত জোঁৰ সমদলটো শুৱালকুছিৰ প্রধান প্রধান পথৰে আহি কলিতা মন্দিৰ পথত উপস্থিত হয়৷ সমদলকাৰী দলটোত কামৰূপ আছুৰ সম্পাদক পংকজ কলিতা, উপদেষ্টা দিবাকৰ কলিতা , সহকাৰী সম্পাদক দীপাংকৰ শর্মা আৰু শুৱালকুছি আঞ্চলিক ছাত্র সন্থাৰ বিষয়ববীয়া–কর্মীস উপস্থিত থাকে৷

You might also like