ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ৰ শুভ উদ্বোধন, বিজেপিলৈ আন দল-সংগঠনৰ বহু ব্যক্তি
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ আসন্ন বিধানসভা নিৰ্বাচনৰ কাম-কাজসমূহ সুচাৰুৰূপে পৰিচালনা কৰিব পৰাকৈ গুৱাহাটীৰ গণেশগুৰিত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়টো উদ্বোধন কৰা হয়।
নতুন ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ মাহেকীয়া মুখপত্ৰ “অসমীয়া বিজেপি বাৰ্তা”ৰ ৫০ সংখ্যক সংস্কৰণো উন্মোচন কৰা হয়। এই অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মা, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
আজিৰ অনুষ্ঠানতে বিভিন্ন দল-সংগঠনৰ কেইবাগৰাকীও ব্যক্তিয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। বিজেপি দলত যোগদান কৰাসকলৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তথা মিডিয়া বিভাগৰ প্ৰাক্তন অধ্যক্ষ ভগীৰথ কৰণ, অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন মুখপাত্ৰ অক্ষয় ৰাজখোৱা, আটছাৰ প্ৰাক্তন উপ-সভাপতি তথা শিল্পী অৰ্জুন চাহু, প্ৰাক্তন ডি আই জি ড° শ্যামল শইকীয়া, অৱসৰপ্ৰাপ্ত অভিযন্তা উৎপল কুমাৰ শইকীয়া, গোসাইগাঁৱৰ মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি জেঠমল মালু, ভূমি সুৰক্ষা সমিতিৰ সভাপতি তথা কোব্ৰা মিলিটেণ্টৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গণেশ মুৰ্মু অন্যতম।
ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত কুমাৰ দাসে নতুন কাৰ্যকর্তাসকলক দলীয় গলবস্ত্ৰৰে আদৰণি জনায়। অনুষ্ঠানত বক্তব্য ৰাখি সভাপতিয়ে কয় যে সমৰ্পণৰ মনোভাবেৰে গঠিত বিজেপিয়ে সাংগঠনিক প্ৰক্ৰিয়াৰে বৰ্তমান পৃথিৱীৰ ভিতৰতে সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে।
অনুষ্ঠানত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত সভাপতিয়ে কয় যে সংখ্যালঘু মানেই কংগ্ৰেছ বা এ আই ইউ ডি এফ হৈ থকা নাই আৰু সেয়েহে এইবাৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ বিবেক ভোটে দলটোক কেইবাটাও সংখ্যালঘু সমষ্টি, পশ্চিম গোৱালপাৰা, পশ্চিম বিলাসীপাৰা, লাহৰিঘাট আদিত নিশ্চিত জয় প্ৰদান কৰিব।
মিত্ৰজোঁট সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত দাসে কয় যে মিত্ৰজোঁটে বিজেপিক কোনোধৰণে ক্ষতি কৰিব নোৱাৰে। অসমীয়া জাতিটোক অনিশ্চয়তাৰ গৰাহলৈ যে কংগ্ৰেছেই ঠেলি দিছে আৰু এই ক্ষেত্ৰত অনুঘটকত হিচাপে যে এ আই ইউ ডি এফ দলে কাম কৰি আছে সেই কথা উজনি অসমৰ ৰাইজে ভালদৰে বুজি পাইছে।
তেওঁ লগতে বিজেপি চৰকাৰৰ সু-শাসন আৰু উন্নয়নমূলক কাম-কাজৰ বাবে এইবাৰ দলটোৱে উজনি অসমৰ গোলাঘাট, সৰুপথাৰ, মৰিয়নি, তিতাবৰ, নাজিৰা, শিৱসাগৰ আৰু নাওবৈচা সমষ্টিত নিশ্চিতভাৱে জয়লাভ কৰিব বুলি কয়।