নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগগুমি বজাৰত ছয়গাঁও আৰক্ষীৰ অভিযানঃ আটক তীৰ খেলৰ বুকী

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষীয়ে আজি অভিযান চলাই তীৰ খেলৰ এজন বুকীৰ লগতে তীৰ খেলৰ বহুতো বহী, ম’বাইল ফোন আৰু নগদ ধন আগগুমি বজাৰত জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে আটক কৰা লোকজনৰ নাম চাহিদুল হক। ঘটনাৰ বিৱৰণী মতে, ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে গোপন খবৰৰ ভিত্তিত আজি বিয়লি প্ৰায় ৩ বজাত ছয়গাঁৱৰ আগগুমি বজাৰত অভিযান চলাই উক্ত লোকজনৰ লগতে তীৰ খেলৰ বহী তথা নগদ ৬,৫৭৫ টকা জব্দ কৰে।

উক্ত লোকজনক আটক কৰি ছয়গাঁও আৰক্ষী থানালৈ আনি জেৰা অব্যাহত ৰাখিছে।

You might also like