শুৱালকুছিত নাম–প্রসংগৰে মন্ত্রী ড০ শর্মাৰ দীর্ঘায়ু কামনা আই–মাতৃৰ
মণ্ডল বিজেপিৰ কার্যালয়ত কেক কাটি স্বাস্থ্য–বিত্তমন্ত্রীৰ্ জন্মদিন উদ্যাপন
নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন উপলক্ষে সোমবাৰে শুৱালকুছিৰ নাক্তাদলস্থিত শ্রীমন্ত শংকৰ–মাধৱ নামঘৰত আইমাতৃসকলে নাম–প্রসংগ কৰে৷ আই–মাতৃসকলে মন্ত্রীগৰাকীৰ সুস্বাস্থ্য আৰু দীর্ঘায়ু কামনা কৰি ভগৱানৰ শ্রীচৰণত সেৱা জনায়৷ উল্লেখ্য যে সত্রখনত বিগত ৯ বছৰে আইমাতৃসকলে মন্ত্রীগৰাকীৰ জন্মদিন উদ্যাপন কৰি আহিছে৷ শুৱালকুছি মণ্ডল বিজেপি কার্যালয়ত আজি শুৱালকুছি মণ্ডল যুৱ মর্চাৰ কার্যকর্তাসকলে কেক কাটি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওপজা দিন উদ্যাপন কৰাৰ লগতে শুৱালকুছি মহাত্মা গান্ধী এফ আৰ ইউ চিকিৎসালয়ৰ ৰোগী, কর্মী আৰু আর্থিকভাৱে দুর্বল ব্যক্তিক ফলমূল বিতৰণ কৰে৷