নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰী সমষ্টিত উদযাপন মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জন্মদিন

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ওপজা দিনত সমষ্টিৰ অনুৰাগী আৰু ৰাইজে নিজাববীয়াকৈ ঠায়ে ঠায়ে উদ্যাপন কৰে৷ ২০০১ চনৰ পৰা একেৰাহে জালুকবাৰী সমষ্টিৰ জনপ্রতিনিধি হিচাপে নির্বাচিত হৈ নিজ সমষ্টিৰ লগতে ৰাজ্যৰ দ্রুত উন্নয়নত অধিক অগ্রাধিকাৰ দি অহা ড০ শর্মাৰ ওপজা দিনত অনুৰাগীসকলক আজি যথেষ্ট উৎসাহী দেখা গ’ল৷ জালুকবাৰী সমষ্টিৰ বেজেৰা গাঁও পঞ্চায়তৰ অন্তর্গত শালমাৰা আৰু শৰাইঘাটত ড০ শর্মাৰ ওপজা দিনত অনুৰাগীসকলে আজি আয়োজন কৰিছে ভিন্ন কার্যসূচী৷ শালমাৰা গাঁৱৰ ড০ হিমন্ত বিশ্ব শর্মাৰ অনুৰাগীসকলে আজি বিয়লি দুর্গা পূজা মণ্ডপত জন্মদিন উদ্যাপন কৰে৷ অঞ্চলৰ জ্যেষ্ঠ নাগৰিকৰ জৰিয়তে ২৫ কিলোগ্রাম ওজনৰ কেক কাটি অনুৰাগীসকলে ড০ শর্মাক ওপজা দিনৰ শুভেচ্ছা জনায়৷ শালমাৰাৰ অন্যতম যুৱ সমাজকর্মী বনজিৎ ডেকা, জ্যেষ্ঠ নাগৰিক শম্ভুৰাম ডেকা আৰু গাঁওবুঢ়া দণ্ডধৰ ভূঞাৰ উদ্যোগত আয়োজন কৰা ওপজা দিনৰ কার্যসূচীত স্থানীয় কুৰিটা দলৰ আয়তীসকলে নাম পৰিৱেশ কৰি শুভেচ্ছা জনায় ড০ শর্মাক৷

তদুপৰি ড০ হিমন্ত বিশ্ব শর্মাৰ ওপজা দিনত শালমাৰাৰ অনুৰাগীসকলৰ হৈ বনজিৎ ডেকাৰ উদ্যোগত শতাধিক অনুৰাগী আজি দিনৰ ভাগত বেজেৰা গাঁও পঞ্চায়তৰ অন্তর্গত ১০খন চৰকাৰী প্রাথমিক বিদ্যালয়ৰ ছাত্র–ছাত্রীসকলক একোটাকৈ মিঠাইৰ টোপোলা বিতৰণ কৰে৷ বিয়লি শালমাৰা দুর্গা পূজা মণ্ডপত আয়োজন কৰা ওপজা দিনৰ অনুষ্ঠানত তিনি সহস্রাধিক লোক উপস্থিত থাকে৷ একেদৰে দুমুনিচকীৰ শৰাইঘাট গাঁৱত ড০ শর্মাৰ অনুৰাগী নয়নমণি নাথৰ নেতৃত্বত কদমতলি সত্রত ৫২ গছি চাকি জ্বলোৱাৰ লগতে আয়তীসকলে সমূহীয়া নাম পৰিৱেশ কৰি ড০ হিমন্ত বিশ্ব শর্মাক জন্মদিনৰ ওলগ জনাই তেওঁক পুনৰ জালুকবাৰীৰ বিধায়ক হিচাপে পোৱাৰ আশা কৰে৷ গোপালথান উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্রাপ্ত প্রধান শিক্ষক ৰমেন্দ্রনাথ শর্মাই অনুৰাগীসকলে শালমাৰাত আয়োজন কৰা ওপজা দিনৰ কার্যসূচীত অংশ লৈ আগন্তুক দিনত জালুকবাৰী সমষ্টিৰ জনপ্রতিনিধি হিচাপে ড০ শর্মাক সদায় বিচাৰে বুলি সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে৷ ওপজা দিনৰ অনুষ্ঠানত বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যক্ষ ড০ চন্দ্রকান্ত গোস্বামী,ব্রহ্মপুত্র বিজ্ঞান বিদ্যালয়ৰ অধ্যক্ষ কিৰণ চন্দ্র কাকতি, অৱসৰপ্রাপ্ত কর্মচাৰী তৰুণ চন্দ্র ডেকা, উমেশ ডেকা আদি বহুতো জ্যেষ্ঠ নাগৰিক উপস্থিত থাকে৷

You might also like