দীপালী বৰঠাকুৰ আৰু নীলপৱন বৰুৱা নাম দুটা উচ্চাৰণ হোৱাৰ লগে লগে মনলৈ এক অবর্ণনীয় পৱিত্র পৱিত্র লগা ভাবোর্মিমালাই মনত ক্রিয়া কৰে৷ কাৰণ এটাই– দুয়ো ঋতাশ্রী অর্থাৎ প্রেমৰ জেউতি৷ প্রেম সত্য৷ কিন্তু এই সত্য প্রেমনো কেনেকুৱা দীপালী আৰু নীলপৱন বৰুৱাই ভালদৰে বুজে৷
দীপালী বাইদেউৰ কোনটো গীত আপোনাৰ প্রিয়?
- তেওঁ গোৱা আটাইকেইটা গীতে ভাল লাগে৷ ‘জোন ধনে জোনালীতে’, ‘বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা’ ইত্যাদি সকলোবোৰ গীতেই মোৰ প্রিয়৷
দীপালী বাইদেউৰ অবর্তমানত আপোনাৰ নিজকে নিঃসংগ যেন লাগে নিশ্চয়৷
- অকলশৰীয়া অনুভৱ হয়৷ তেওঁ থাকোঁতে ইটো–সিটো আলপৈচান ধৰোঁ, তেওঁৰ কাষতে বহি ইজনে–সিজনে কথা পাতো৷ ব্যস্ত থাকোঁ তেওঁৰ সৈতে৷ তেনেকৈ সময়খিনি উপভোগ কৰিছিলোঁ৷ এতিয়া সময়খিনি নাযায় নুপুৱায় যেন লাগে৷
চিত্রশিল্পী নোহোৱাহেঁতেন নাটক কৰিলোঁহেঁতেন
ড০ ভূপেন হাজৰিকাকো আপুনি ওচৰৰ পৰা পাইছে, বিষ্ণু ৰাভাকো পাইছে৷ তেওঁলোকৰ সৈতে কটোৱা তেনেকুৱা কিছুমান মুহূর্তৰ কথা আপোনাৰ মনত আছেনে?
- কথাবোৰ মনলৈ আহে– মনতো আছে৷ ভূপেন হাজৰিকা এবাৰ আমাৰ ঘৰলৈ আহিছিল৷ দীপালী আৰু ভূপেন হাজৰিকা দুয়োজনে কথা পাতি আছিল৷ অলপ পিছতে সোমাই গৈ দেখো দুয়ো কান্দিব ধৰিছে৷
তেনেকৈ বিষ্ণু ৰাভাকো পাইছোঁ৷ তেওঁক এবাৰ দোকান এখনত লগ পাইছিলোঁ৷ লগে লগে দোকানৰ ল’ৰাটোক কৈছিলোঁ চাহ দিয়া৷ তাৰ পিছত আমি দুয়ো বহি চাহ খাইছিলোঁ, কথাও পাতিছিলোঁ৷ সেইবোৰ মনত পৰে এতিয়া৷ বৰ ভাল লগা আছিল সেই সময়৷
অসমত চিত্রশিল্পীৰ সমাদৰ আছেনে?
- নিশ্চয় আছে৷ আমাৰ সময়তকৈ এতিয়া বেছি ভালহে হৈছে৷
এগৰাকী সুদক্ষ চিত্রশিল্পী হিচাপে নৱপ্রজন্মৰ মাজত চিত্রশিল্পৰ প্রতি আগ্রহ কেনেধৰণৰ?
- আজি নৱপ্রজন্ম চিত্রশিল্পৰ প্রতি যথেষ্ট আগ্রহী৷ দেওবাৰে আহিবা ইয়ালৈ৷ ইয়াতে চিত্রশিল্পৰ শিক্ষা দিয়া হয়৷ খুব উৎসাহেৰে সিহঁতে আদৰি লৈছে৷
এগৰাকী চিত্রশিল্পী হ’ম বুলি আপুনি কেতিয়াবা ভাবিছিলনে?
- নাই, ভবা নাছিলোঁ৷ সেই সময়ৰ পৰিৱেশ আৰু অৱস্থাই মোক গঢ়ি তুলিছে এগৰাকী চিত্রশিল্পী হিচাপে৷
শিল্প জগতলৈ আপোনাৰ অনবদ্য অৱদানৰ বাবে বিষ্ণু ৰাভা বঁটা, ৰাজ্য চৰকাৰে আগবঢ়োৱা প্রণৱ বৰুৱা বঁটাৰ পৰা আদি কৰি বহুতো বঁটা–বাহনৰ স্বীকৃতিয়ে আপোনাক কেনেকৈ অনুপ্রাণিত কৰি আহিছে?
- বঁটা–বাহনৰ স্বীকৃতিয়ে অনুপ্রাণিত কৰে সঁচা, কিন্তু তাতোকৈ বেছি মোৰ ভয় লাগে৷ নিজকে প্রশ্ণ কৰোঁ– ছবিখনে ভাল বার্তা দিব পাৰিছে নে নাই৷ কিমান বা ভালকৈ আঁকিছোঁ সন্দেহ হয়৷
এগৰাকী সুদক্ষ চিত্রশিল্পীৰ বাবে কেনেধৰণৰ গুণ থকাটো প্রয়োজন বা কেনে বিষয়ত আত্মনিয়োগ কৰাটো দৰকাৰ?
- সুদক্ষ চিত্রশিল্পী হ’বলৈ বিষয়টো ভিতৰৰ পৰা আদৰি ল’ব লাগিব৷ বিষয়টো গুৰিৰ পৰা ভালদৰে শিকি অর্থাৎconceptটো ভালদৰে আয়ত্ত কৰি সেইমতে আগবাঢ়ি গ’লে ছবি এখনক প্রাণ দিব পাৰি৷
চিত্রশিল্পী নোহোৱাহেঁতেন আপুনি কি কৰিলেঁহেঁতেন?
- মই নাটক কৰিছিলোঁ সৰুতে৷ নাটক কৰি ভাল পাইছিলোঁ৷ নাটক মোৰ এটা বিশেষ বস্তু আছিল৷ সৰুতে ঘূৰি ফুৰি এইবোৰ শিকিবলৈ লৈছিলোঁ আৰু নাটকৰ প্রতি খুব বেছি আগ্রহী আছিলোঁ৷ পিছত এইবোৰ কৰা নহ’ল, বাদ পৰিল৷ চিত্রশিল্পী নোহোৱাহেঁতেন নাটক কৰিলোঁহেঁতেন৷
প্রিয় খাদ্য কি আপোনাৰ? ৰান্ধি ভাল পায়নে?
- প্রিয় খাদ্য বুলি তেনেকুৱা নাই, মাছ ভাল পাওঁ৷ ৰান্ধি বেয়া পাওঁ৷
আপোনাৰ প্রিয় সময় কোনখিনি?
- প্রিয় সময় সৰু কালছোৱা৷ স্কুলীয়া সময়খিনিও বৰ প্রিয়৷ পাহৰিব নোৱৰা আনন্দৰে ভৰা সময়৷
আপোনাৰ প্রিয় ৰং কি?
- মোৰ প্রিয় ৰং ব্লেক৷ কাৰণ ব্লেক আৰু হোৱাইট ছবিবোৰৰ জৰিয়তেই কর্মজীৱনৰ পাতনি মেলিছিলোঁ৷ আৰু ভালো পাইছিলোঁ ব্লেক এণ্ড হোৱাইট কামবোৰ কৰি৷
চিগাৰেটৰ পেকেটত ছবিঅঁকা ধাৰণাটো আপোনাৰ নিজমনে গথাঁ আছিলনে?
- শান্তি নিকেতনত পঢ়ি থকা সময়তে ইটো–সিটো কৰি থাকোঁতে এইবোৰ কথা মনলৈ আছিল৷ মোৰ গুৰু এজনে এইবোৰ কাম কৰি থকা দেখিছিলোঁ, তেওঁলোকৰ আদর্শ লৈ চিগাৰেটৰ পেকেটত ছবি আঁকিছিলোঁ৷
শান্তি নিকেতনৰ সময়খিনিৰ কথা কওকচোন৷
- শান্তি নিকেতন বৰ সুন্দৰ ঠাই৷ শান্তি নিকেতনৰ পৰিৱেশটো এনেকুৱা যে এবাৰ সোমোৱাৰ পিছত ইটো–সিটোকৈ শিকাৰ আগ্রহ বাঢ়ি যায়৷ কলিকতাৰ পৰা ১০০ মাইল দূৰ বলপুৰ পাৰ হৈ শান্তি নিকেতন৷ জেগাডোখৰ এনেয়ে শুকান যদিও বৰ সুন্দৰ জেগা৷ মই ৮ বছৰ আছিলোঁ৷ তাৰ মানুহবোৰ খুব ভাল৷ বিশেষকৈ ৰামকিংকৰ, নন্দলাল বসু এওঁলোক সাংঘাতিক ভাল মানুহ আছিল৷ হেমাংগ বিশ্বাসক লগ পাইছিলোঁ, বৰ সুন্দৰ মনৰ মানুহ আছিল৷ দুখীয়া ল’ৰা–ছোৱালীক খুব সহায় কৰিছিল৷ বহল অন্তৰৰ মানুহ আছিল৷ মই লগ পাইছিলোঁ৷ সৌভাগ্যৱান মই৷