নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ ফেব্রুৱাৰীৰ ভিতৰত আৰম্ভ হ’ব মাজুলী–যোৰহাট সংযোগী দলঙৰ কাম

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ মই মিছলীয়া নহয়৷ মই আপোনালোকৰ আশীর্বাদত আপোনালোকৰ আশা–প্রত্যাশাক লৈ প্রতিশ্রুতি প্রদান কৰোঁ৷ সেই প্রতিশ্রুতি সকলো সময়তে ৰূপায়ণ কৰিবলৈ মই বদ্ধপৰিকৰ৷ –মাজুলীৰ দৰিয়াপাৰস্থিত মাজুলী মহাবিদ্যালয়ৰ এখন বিশাল জনসভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এনেদৰে মন্তব্য কৰে৷ তেওঁ কয় যে মাজুলীৰ বহু প্রত্যাশিত মাজুলী–যোৰহাট সংযোগী দলঙৰ প্রথম পর্যায়ৰ বাবে চাৰিটা ডাঙৰ ডাঙৰ কোম্পানীক কাৰিকৰী নিবিদাৰ কাম ইতিমধ্যে সম্পন্ন হৈছে আৰু তিনি দিনৰ পাছত বিত্তীয় নিবিদাৰ দিশসমূহ চালি–জাৰি চাই কোনো এক নির্মাণ প্রতিষ্ঠানক দলং নির্মাণৰ বাবে চূড়ান্ত দায়িত্ব প্রদান কৰা হ’ব৷ অহা ২০ ফেব্রুৱাৰীৰ ভিতৰত মাজুলী–যোৰহাট সংযোগী দলঙৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ ইতিমধ্যে মাজুলী আৰু যোৰহাট দুয়োখন জিলাৰ প্রশাসনে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণক দলং নির্মাণৰ বাবে প্রয়োজন হোৱা দুয়োপাৰৰ ভূমিৰ জৰীপ সম্পন্ন কৰা বুলি সাংবাদিকক মুখ্যমন্ত্রীজনে জনায়৷

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে মাজুলীৰ যুৱক–যুৱতীসকলক্ অর্থনৈতিকভাৱে স্বাৱলম্বী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ অসমৰ প্রায় দুই লাখ নিবনুৱা যুৱক–যুৱতীক আত্মসংস্থাপনৰ উদ্দেশ্যে স্বয়ম আঁচনিৰ জৰিয়তে প্রতিটো গোটক ৫ লাখকৈ অর্থাৎ প্রতিগৰাকী লোকক ৫০ হাজাৰ টকাকৈ দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰ উদ্দেশ্য হৈছে এখন আত্মনির্ভশীল অসম গঢ়ি তোলা৷ আত্মনির্ভৰশীল হ’বলৈ যুৱক–যুৱতী–পুৰুষ সকলোৱেই উপার্জনৰ ক্ষেত্রত স্বাৱলম্বী হ’ব লাগিব৷ অসমক ভাৰতবর্ষৰ ভিতৰত শ্রেষ্ঠ স্বাৱলম্বী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ এনে আঁচনি ৰূপায়ণ কৰা হৈছে৷ যিসকল যুৱক–যুৱতী এই আঁচনিত অন্তর্ভুক্ত হোৱা নাই, সেইসকল যুৱক–যুৱতীকো কম দিনৰ ভিতৰতে এই আঁচনিৰ জৰিয়তে সাহায্য প্রদান কৰা হ’ব বুলি তেওঁ কয়৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে বাজেটত অসমৰ ৰাস্তা–ঘাট, মথাউৰি নির্মাণৰ বাবে ৩৪ হাজাৰ কোটি টকা ধার্য কৰিছে৷ ইয়াৰ উপৰি চাহ শ্রমিকসকলৰ উন্নয়নৰ বাবে ১ হাজাৰ কোটি টকা নির্ধাৰণ কৰিছে৷

আনহাতে, কেন্দ্রৰ পঞ্চদশ বিত্তীয় আয়োগে মাজুলীৰ মথাউৰি নির্মাণৰ বাবে এক হাজাৰ ৯৫ কোটি টকা নির্ধাৰণ কৰিছে৷ এই সকলোখিনি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অসমৰ প্রতি থকা সদ্ভাবৰ বাবেই সম্ভৱ হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্রী সোণোৱালে৷ ভূমিহীন লোকক ভূমিপট্টা প্রদান প্রসংগত মুখ্যমন্ত্রীয়ে কয় যে বিজেপি চৰকাৰে ৩ লাখ ৯৫ হাজাৰ মানুহৰ হাতত মাটিৰ পট্টা প্রদান কৰিলে৷ ভাৰতবর্ষৰ প্রধানমন্ত্রীয়েও শিৱসাগৰত ১ লাখ লোকক ভূমিপট্টা প্রদানৰ শুভাৰম্ভ কৰিলে আৰু মাজুলী জিলাতো বর্তমানলৈকে ১৬ হাজাৰ লোকক ভূমিপট্টা প্রদান কৰিলে৷ কংগ্রেছে বিগত ৫৫ বছৰে এনে কাম হাতত লোৱা নাছিল৷ মুখ্যমন্ত্রীজনে উক্ত স্থানতে ভূমি সংৰক্ষণ বিভাগৰ ৮৪ লাখ টকাৰ ৬খন অভিলাষী আঁচনিৰ প্রতীকী আধাৰশিলাও উদ্বোধন কৰে৷ অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী মাধৱ দেউৰী, আর্টফেডৰ অধ্যক্ষ ৰূপা কামান, অসম ক্রিকেট সন্থাৰ সভাপতি ৰমেন দত্ত, মাজুলীৰ উপায়ুক্ত বিক্রম কৈৰী, আৰক্ষী অধীক্ষক অর্পণা এন আদিয়ে অংশগ্রহণ কৰে৷ মুখ্যমন্ত্রীয়ে নামনি মাজুলীৰ কাকৈকটাত অনুসূচিত জাতি পৰিষদৰ নৱম ত্রিবার্ষিক অধিৱেশনতো অংশগ্রহণ কৰি ভাষণ প্রদান কৰে৷
পূব মাজুলী মহাবিদ্যালয়ত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ পাঠদানৰ শুভাৰম্ভ
ইফালে, বুধবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে উত্তৰ–পূর্বাঞ্চলৰ প্রথমখন সাংস্কৃতিক বিশ্ববিদ্যালয় মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নিয়মীয়া পাঠদান কার্যসূচীৰ পূব মাজুলী মহাবিদ্যালয়ত শুভাৰম্ভ কৰে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্রীজনে কয় যে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ে মাজুলীৰ সত্রীয়া সংস্কৃতি, জনগোষ্ঠীয় সংস্কৃতিৰ লগতে ৰাজ্যৰ ভিন্ন প্রান্তত সিঁচৰতি হৈ থকা সংস্কৃতিসমূহ গৱেষণাৰ মাধ্যমেৰে শুদ্ধ ৰূপত বিশ্বদৰবাৰত প্রতিষ্ঠা কৰিব বুলিও তেওঁ আশা প্রকাশ কৰে৷ উক্ত সভাত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্রদান বৰুৱা, শ্রীশ্রীনিৰুদ্ধ দেৱ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচার্য ডাঃ জে পি বার্মা, উত্তৰ কমলাবাৰী সত্রৰ অধিকাৰ জনার্দন দেৱগোস্বামী, পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ অৰূপ কুমাৰ বৰা, উপায়ুক্ত বিক্রম কৈৰী, আৰক্ষী অধীক্ষক অর্পণা এন, পঞ্জীয়ক নৰনাৰায়ণ নাথ আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

You might also like