নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আছুৰ জাতীয় সত্তা এতিয়া কফিনৰ ভিতৰত প্রেতাত্মা হ’ল

ছাত্র সন্থাক উভতি ধৰিলে মন্ত্রী অতুল বৰাই

নিয়মীয়া বাৰ্তা ৪ ফেব্ৰুৱাৰীঃ সদৌ অসম ছাত্র সন্থাই জাতীয়তাবাদী সত্তাক কফিনত ভৰাই শেষ গজালটো মাৰি মাটিৰ দুই গজ তলত পুতি পেলালে৷ আছুৰ জাতীয় সত্তা এতিয়া প্রেতাত্মা হ’ল৷ প্রেতাত্মা আকৌ আছুৰ শৰীৰলৈ উভতি নাহে৷ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই অসম গণ পৰিষদক মঙলবাৰে শেষ সকীয়নি দিয়াৰ পাছত আজি বোকাখাতত অগপৰ সভাপতি তথা জ্যেষ্ঠ কেবিনেট মন্ত্রী, স্থানীয় বিধায়ক অতুল বৰাই আছুৰ প্রতিও পুনৰ শেষ সকীয়নি দিয়ে৷ স্মর্তব্য যে অসম গণ পৰিষদক আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আছুক সমালোচনা কৰাৰ পৰা বিৰত থকাৰ শেষ সকীয়নি দিছিল৷ অগপৰ সভাপতি তথা কেবিনেট মন্ত্রী অতুল বৰাক প্রাক্তন আছু নেতা বুলি ক’বলৈ লাজ লগা বুলিও কৈছিল শংকৰজ্যোতিয়ে৷ ইয়াৰ যোগ্য প্রত্যুত্তৰ দিলে মন্ত্রী অতুল বৰাই৷

তেওঁ কয়– সদৌ অসম ছাত্র সন্থা এতিয়া অৰাজনৈতিক বা জাতীয় সংগঠন হৈ থকা নাই৷ ৰাজনৈতিক পোছাক পিন্ধা আছুৰ কেন্দ্রীয় নেতৃবর্গৰ আনক সমালোচনা কৰাৰো কোনো অধিকাৰ নাই৷ আছুৱে কৰি অহা ভুলবিলাকহে আমি সময়ে সময়ে সোঁৱৰাই আহিছোঁ বুলি মন্তব্য কৰে অতুল বৰাই৷ ‘শ্রীকৃষ্ণই কৰিলে লীলা আৰু আনে কৰিলে ধৰি–বান্ধি কিলা’ বুলিও আছুক তির্যক মন্তব্য কৰে মন্ত্রীগৰাকীয়ে৷ আনহাতে, আজি মন্ত্রী অতুল বৰা ব্যস্ত থাকে বোকাখাত পৌৰসভাৰ চাৰিটা ৱার্ডত৷ চাৰিটা ৱার্ডৰ ১৬টা পথৰ ইটোৰ পাছত সিটো পথৰ ফিতা কাটে মন্ত্রী বৰাই৷ কোনোটো পথৰ যদি আধাৰশিলা কৰিছে, কোনোটো পথ উন্মোচন কৰিছে৷ ইয়াৰ মাজতে মন্ত্রীগৰাকীয়ে বোকাখাতৰ কৈলাখাট আঞ্চলিক ক্রীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত বেডমিণ্টন প্রতিযোগিতাতো অংশগ্রহণ কৰে৷ ইয়াৰ পূর্বে মুখ্য গড়মূৰ বুঢ়া নামঘৰত অনুষ্ঠিত বর্ধিত এঘাৰখেলীয়া সমিতিৰ উদ্যোগত অনুষ্ঠিত অষ্টম অষ্টপ্রহৰৰ অবিৰত ভাগৱত পাঠ অনুষ্ঠানত উপস্থিত হৈ নেদেখাজনৰ ওচৰত সেৱা লয়৷ নামঘৰটোৰ উন্নয়নৰ বাবে বিধায়ক পুঁজিৰ ডেৰ লাখ টকাৰ লগতে বর্ধিত এঘাৰখেলীয়া সমিতিৰ বাবে এক লাখ টকাৰ অনুদান আগবঢ়ায়৷

You might also like