নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ৰেছিডেন্সিয়েল এডভান্সড ফুটবল প্ৰশিক্ষণ শিৱিৰ সামৰণি 

নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ দুলীয়াজান ফুটবল ক’চিং চেন্টাৰৰ উদ্যোগত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ফুটবল একাডেমী তথা ফুটবল প্ৰশিক্ষণ কেন্দ্ৰসমূহৰ সহযোগত ছয়দিনীয়াকৈ অনুষ্ঠিত ৰেছিডেন্সিয়েল এডভান্সড ফুটবল প্ৰশিক্ষণ শিৱিৰ বৃহস্পতিবাৰে সফল সমাপ্তি ঘটে।

দুলীয়াজান ছলাকটকী ৰাজহুৱা খেলপথাৰত সামৰণি পৰা এই প্ৰশিক্ষণ শিৱিৰত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা ১১ বছৰ অনুৰ্ধৰ আৰু ১৪ বছৰ অনুৰ্ধৰ ৯০ ৰো অধিক খেলুৱৈ (ল’ৰা-ছোৱালী) য়ে অংশগ্ৰহণ কৰে । এই শিৱিৰত প্ৰশিক্ষণ আগবঢ়াই দেশৰ আগশাৰী অভিজ্ঞ ফুটবল প্ৰশিক্ষক তথা এ এফ চি “এ” লাইচেন্স প্ৰাপ্ত , ভাৰতীয় চিনিয়ৰ ফুটবৰ দলৰ প্ৰাক্তন প্ৰশিক্ষক আৰু বৰ্ত্তমান মুম্বাইত অৱস্থিত ৰিলায়েন্স ফাউণ্ডেশ্যন ইয়ং চেম্পচ একাডেমীৰ প্ৰশিক্ষক গোম্পে ৰিমেই ।

এই সামৰণি অনুষ্ঠানত প্ৰতিগৰাকী খেলুৱৈক উদ্যোক্তাৰ তৰফৰ পৰা একোটাকৈ জাৰ্চি প্ৰদান কৰা হয় । উপস্থিত থাকে অইলৰ অৱসৰপ্ৰাপ্ত জনসম্পৰ্ক বিভাগৰ মহাপ্ৰৱন্ধক দিলীপ ভূঞা, অইলৰ প্ৰশাসনিক বিভাগৰ মহাপ্ৰৱন্ধক ডঃ শ্যামল বৰুৱা, ক্ৰীড়া সংগঠক ফণীধৰ গগৈ আদি ক্ৰীড়াপ্ৰেমী ৰাইজ। 

You might also like