তিনিখনকৈ হেলিপেড নির্মাণ মন্ত্রী–বিধায়কসহ প্রস্তুতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে
৭ ফেব্রুৱাৰীত প্রধানমন্ত্রীৰ আগমনক লৈ ঢ়েকীয়াজুলিত ব্যাপক আয়োজন
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ এটা পষেকৰ ব্যৱধানত পুনৰ অসম ভ্রমণলৈ আহিব প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ অহা ৭ ফেব্রুৱাৰী, দেওবাৰে প্রধানমন্ত্রী মোদী ঢ়েকীয়াজুলিত উপস্থিত হ’ব৷ ঢ়েকীয়াজুলিৰ আলিছিঙাত এখন বিশাল সমাৰোহত অংশগ্রহণ কৰি প্রধানমন্ত্রী মোদীয়ে বিশ্বনাথ আৰু চৰাইদেউত স্থাপন হ’বলগীয়া নতুন মেডিকেল কলেজ দুখনৰ আধাৰশিলা স্থাপন কৰিব৷ তদুপৰি ৰাজ্যৰ লোকনির্মাণ বিভাগৰ অভিলাষী প্রকল্প অসম মালাৰো প্রধানমন্ত্রীগৰাকীয়্ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব৷ প্রধানমন্ত্রী মোদীৰ এই অসম ভ্রমণ সফল কৰাৰ বাবে চৰকাৰ–প্রশাসন আৰু বিজেপি তৎপৰ হৈ পৰিছে৷ প্রধানমন্ত্রী মোদীৰ এই বিশাল সমাৰোহত কেইবালক্ষ লোক সমৱেত কৰোৱাৰ লক্ষ্য স্থিৰ কৰি ইতিমধ্যে মন্ত্রী–সাংসদ–বিধায়্ ভাগে ভাগে মানুহ গোটোৱাৰ দায়িত্ব অর্পণ কৰিছে৷ বর্তমান মোদীৰ সভাৰ মঞ্চ আৰু সভাস্থলীৰ কাষতে তিনিখনকৈ হেলিপেড নির্মাণৰ কাম যুদ্ধকালীন প্রস্তুতিৰে চলাই থকা হৈছে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি ঢ়েকীয়াজুলিত উপস্থিত হৈ প্রধানমন্ত্রীৰ সভাৰ যাৱতীয় প্রস্তুতিৰ বুজ লয়৷ সমাৰোহস্থলী পৰিদর্শন কৰাৰ পাছত মুখ্যমন্ত্রী সোণোৱালে এখন পর্যালোচনা সভাত অংশগ্রহণ কৰে৷
পর্যালোচনা সভাখনত ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত সঞ্চালকপ্রধান জি পি সিং, শোণিতপুৰৰ উপায়ুক্ত মানৱেন্দ্র প্রতাপ সিং, আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া নীনা বৰুৱাকে ধৰি বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে যাৱতীয় প্রস্তুতিৰ অগ্রগতিৰ বিষয়ে মুখ্যমন্ত্রীক অৱগত কৰি সেই সম্পর্কত খতিয়ান দাঙি ধৰে৷ পর্যালোচনা সভাখনত মুখ্যমন্ত্রীৰ সৈতে মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, ৰঞ্জিত দত্ত, নৱ কুমাৰ দলে, বিধায়ক অশোক সিংঘাল, পদ্ম হাজৰিকা, প্রমোদ বৰঠাকুৰ, উৎপল বৰাও উপস্থিত থাকে৷ মুখ্যমন্ত্রী সোণোৱালে প্রশাসনৰ শীর্ষ বিষয়াসকলৰ সৈতে মিলিত হৈ সকলো ধৰণৰ প্রস্তুতিৰ বুজ লোৱাৰ লগতে সভালৈ অহা জনসাধাৰণে যাতে কোনো অসুবিধাৰ সন্মুখীন হ’ব নালাগে, সেই দিশতো উপযুক্ত ব্যৱস্থা গ্রহণৰ বাবে নির্দেশ দিয়ে৷ প্রধানমন্ত্রীৰ সভাৰ প্রস্তুতিৰ বুজ লৈ সাংবাদিকৰ আগত মুখ্যমন্ত্রী সোণোৱালে কয় যে বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ ক্ষিপ্র উন্নয়নৰ বাবে প্রধানমন্ত্রী মোদীয়ে গ্রহণ কৰা শক্তিশালী পদক্ষেপৰ বাবে আজি অসমৰ মানচিত্র ভাৰতবর্ষৰ বুকুত জিলিকি উঠিছে৷ প্রগতিৰ পথত ৰাজ্যখনে ক্ষিপ্র গতিৰে আগুৱাই যাবলৈ সক্ষম হৈছে৷ ২০১৪ চনৰ পৰা ৰাজ্যখনক প্রধানমন্ত্রী মোদীয়ে সকলো দিশতে সহায়–সহযোগিতা আগবঢ়াই আহিছে৷ ইয়াৰ ফলত অসম কেৱল ভাৰতবর্ষৰ বুকুতেই নহয়, দক্ষিণ–পূব এছিয়াৰ ভিতৰত এখন উল্লেখযোগ্য স্থান হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্রসৰ হৈছে৷ অসমৰ ৰাইজৰ তৰফৰ পৰা প্রধানমন্ত্রীক আন্তৰিকতাৰে স্বাগতম জনাই মুখ্যমন্ত্রী সোণোৱালে কয় যে অসমৰ ৰাইজে প্রধানমন্ত্রীক ঢ়েকীয়াজুলিত পদার্পণ কৰাৰ বাবে বহু আশাৰে বাট চাই আছে৷ অহা ৭ ফেব্রুৱাৰীত অসমৰ ভিন্ন প্রান্তৰ পৰা লাখ লাখ জনতাই ঢ়েকীয়াজুলিত উপস্থিত হৈ প্রধানমন্ত্রীক স্বাগতম জনাব৷
মুখ্যমন্ত্রী সোণোৱালে আৰু কয় যে অসমৰ ১,৩০০ কিলোমিটাৰ নতুন ঘাইপথ নির্মাণ কৰাৰ বাবে কেন্দ্রীয় চৰকাৰে এইবাৰৰ বাজেটত ৩৪ হাজাৰ কোটি টকা ধার্য কৰিছে৷ শক্তিপীঠ কামাখ্যাৰ উন্নয়নৰ বাবে ৩০০ কোটি টকা আৰু মাজুলীৰ পথ আৰু মথাউৰি নির্মাণৰ বাবে ১,০৯৭ কোটি টকা ধার্য কৰিছে৷ তদুপৰি অসম আৰু পশ্চিমবংগৰ চাহ বাগিচাৰ শ্রমিকসকল বিশেষকৈ মহিলা আৰু শিশু কল্যাণৰ বাবে এইবাৰৰ কেন্দ্রীয় বাজেটত এহাজাৰ কোটি টকা ধার্য কৰিছে৷ মুখ্যমন্ত্রী সোণোৱালে আৰু কয় যে প্রধানমন্ত্রীৰ সভালৈ আহি ৰাইজ যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া নহয়, তাৰ বাবে পদক্ষেপ গ্রহণ কৰা হৈছে৷ শোণিতপুৰ, বিশ্বনাথ আৰু ওদালগুৰি জিলাৰ ৰাইজৰ সহযোগত প্রধানমন্ত্রীৰ সভাখন নিশ্চিতভাৱে সফল ৰূপ দিব পৰা যাব৷ তেওঁ আৰু কয় যে অসমৰ ৰাইজে যোৱা চাৰে চাৰি বছৰে বিজেপিয়ে কেনেকৈ কাম কৰে, সেই কথা প্রত্যক্ষ কৰিছে৷ ৰাইজে বিজেপি নেতৃত্বাধীন চৰকাৰখনক বিশ্বাস কৰে৷ যোৱা চাৰে চাৰি বছৰত অসমৰ সকলো শ্রেণীৰ জনসাধাৰণে চৰকাৰখনলৈ আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে৷ ৰাইজে চৰকাৰখনক আন্তৰিকতাৰে গ্রহণ কৰিছে বাবেই লোকসভা নির্বাচন, উপ–নির্বাচন, পঞ্চায়ত নির্বাচন, বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন আদিত অসমৰ ভোটদাতা ৰাইজে বিজেপিক আন্তৰিকতাৰে আঁকোৱালি লৈছে৷ আগন্তুক দিনত যিধৰণৰ দল গঠন নহওক কিয়, বিজেপিয়েহে যে অসমৰ জাতি–মাটি–ভেটি, ভাষা–কৃষ্টি–সংস্কৃতি, মান–সন্মান–স্বাভিম, অস্তিত্ব ৰক্ষা কৰিব পাৰিব, সেই কথাত ৰাইজ পতিয়ন গৈছে৷ আনহাতে, প্রধানমন্ত্রীৰ ঢ়েকীয়াজুলি ভ্রমণ সফল কৰাৰ বাবে ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহৰহ প্রস্তুতিৰ তদাৰক কৰি আছে৷ মন্ত্রী ড০ শর্মাই শোণিতপুৰ জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত পদযাত্রা, চাইকেল ৰেলী, পথসভা অনুষ্ঠিত কৰি আহিছে৷ অহা ৬ ফেব্রুৱাৰীত তেওঁ ঢ়েকীয়াজুলিৰ মাজমজিয়াৰ পৰা ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে পদযাত্রা কৰিব৷ সেই দিনাই সন্ধিয়াৰ ভাগত ঢ়েকীয়াজুলিত ৫০ হাজাৰ গছি বন্তি জ্বলোৱাৰ লগতে নামঘৰে নামঘৰে দবা, শংখ বজাই উৰুলি ধ্বনিৰে প্রধানমন্ত্রীৰ দীর্ঘায়ু কামনা কৰিব বুলি স্থানীয় বিধায়ক অশোক সিংঘলে জানিবলৈ দিয়ে৷
প্রধানমন্ত্রীৰ অসম আগমন সন্দর্ভত মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে অহা ৭ ফেব্রুৱাৰীত দিনৰ ১২ বজাত প্রধানমন্ত্রী মোদী ঢ়েকীয়াজুলিত উপস্থিত হ’ব৷ শ্বহীদ নগৰী ঢ়েকীয়াজুলিত উপস্থিত হৈয়েই মোদীয়ে প্রথমতে শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব৷ প্রধানমন্ত্রীগৰাকী অসমলৈ অহাৰ পূর্বে ৰাজ্য চৰকাৰে তিনিটা স্থান নির্ধাৰণ কৰি দিছিল যদিও শ্বহীদ নগৰী ঢ়েকীয়াজুলিৰ গৌৰৱোজ্জ্বল ইতিহাসৰ কথা অৱগত হৈয়েই শ্বহীদ নগৰীলৈ অহাৰ কথা দিয়ে৷ প্রধানমন্ত্রী মোদীয়ে ঢ়েকীয়াজুলিৰ পৰাই প্রায় ৬ হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰিব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ ইপিনে প্রধানমন্ত্রীৰ অসম ভ্রমণৰ আগদিনা অহা ৬ ফেব্রুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণ৷ গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা চাহ বাগিচা ধন পুৰস্কাৰ মেলাৰ তৃতীয় পর্যায়ৰ বিতৰণী অনুষ্ঠানত কেন্দ্রীয় বিত্তমন্ত্রী সীতাৰমণে মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব৷ ২০১৭–১৮ বিত্তীয় বর্ষত আৰম্ভ কৰা এই আঁচনিত প্রথম পর্যায়ত ৬,৩৩,৪১১গৰাকী চাহ শ্রমিকৰ একাউণ্টত ২,৫০০ টকাকৈ প্রদান কৰা হয়৷ ২০১৮–১৯ বিত্তীয় বর্ষত দ্বিতীয় পর্যায়ত ৭,১৫,৯৭৯গৰাকী চাহ শ্রমিকৰ একাউণ্টত ২,৫০০ টকাকৈ দিয়া হয়৷ এইবাৰ তৃতীয় পর্যায়ত ৭,৪৬,৬৬৭গৰাকী চাহ শ্রমিকৰ একাউণ্টত তিনি হাজাৰ টকাকৈ প্রদান কৰিব৷ কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীৰ এই কার্যসূচীও সফল কৰাৰ বাবে চৰকাৰ–প্রশাসন তৎপৰ হৈ পৰিছে৷