নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ দিন যিমানেই চমু চাপি আহিছে, সিমানেই অধিক সক্রিয় হৈ পৰিছে ৰাজ্যিক বিজেপি৷ কংগ্রেছ নেতৃত্বাধীন মহাজোঁটবন্ধনৰ সকলো ৰণকৌশল ব্যর্থ কৰিবলৈ ইতিমধ্যে সমষ্টিয়ে সমষ্টিয়ে বিশেষ ৰণকৌশল প্রস্তুত কৰা বিজেপিয়ে তৃণমূল পর্যায়ত আৰম্ভ কৰিছে বিশেষ অভিযান৷ পুনৰ ক্ষমতা দখলৰ লক্ষ্যৰে দলৰ কর্মীক উদ্বুদ্ধ কৰিবলৈ অসমলৈ সোঁত বৈছে ইজনৰ পাছত সিজন ৰাষ্ট্রীয় নেতাৰ৷ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই অসম ভ্রমণ কৰাৰ পাছত পুনৰ ৬ ফেব্রুৱাৰীত অসমলৈ আহিব দলৰ ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ৷ নির্বাচনী ৰণকৌশল প্রস্তুত কৰিবলৈ বি এল সন্তোষে ৰাজ্যিক বিজেপিৰ সৈতে অনুষ্ঠিত কৰিব কেইবালানিও বৈঠক৷ এই বৈঠকত উপস্থিত থাকিব অসমৰ প্রভাৰী বৈজয়ন্তী জয় পাণ্ডা আৰু সহঃ প্রভাৰী পৱন শর্মা৷ তদুপৰি ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘয়ো (আৰ এছ এছ) শাসকীয় দলটোৰ সমর্থনত আৰম্ভ কৰিব বিশেষ প্রচাৰ অভিযান৷ ৬ ফেব্রুৱাৰীত আদিংগিৰিত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ এক পূর্ণকালীন অধিৱেশন অনুষ্ঠিত হ’ব৷ এই অধিৱেশনতে দলটোৱে বিধানসভা নির্বাচনত আৰ এছ এছৰ ভূমিকা কি হ’ব, সেই সন্দর্ভতো আলোচনা কৰিব৷ সমান্তৰালভাৱে নির্বাচনী প্রস্তুতিৰ বুজ ল’বলৈ ১০ ফেব্রুৱাৰীৰ পূর্বে অসমলৈ আহিব নির্বাচনী প্রভাৰী তথা কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমাৰ আৰু সহঃ প্রভাৰী ড০ জিতেন্দ্র সিং৷
এনে প্রস্তুতিৰ সমান্তৰালকৈ বিজেপিয়ে ইতিমধ্যে ১০ ফেব্রুৱাৰীৰ পৰা আৰম্ভ কৰিছে এক বিশেষ অভিযান৷ বিগত সময়ছোৱাত দলটোৱে নিযুক্তি প্রদান কৰা ৩.২০ লাখ পৃষ্ঠাপ্রমুখক প্রেৰণ কৰিব প্রতিটো পৰিয়ালৰ ওচৰলৈ৷ ভোটাৰ তালিকাৰ প্রতিটো পৃষ্ঠাৰ বিপৰীতে নিযুক্তি হোৱা পৃষ্ঠাপ্রমুখসকলে ভোটাৰক আকৃষ্ট কৰাৰ পূর্ণ প্রচেষ্টা চলোৱাৰ লগতে চৰকাৰৰ উন্নয়নমূলক কাম–কাজৰো বিস্তৃত বিৱৰণ দাঙি ধৰিব৷ ইতিমধ্যে পৃষ্ঠাপ্রমুখসকলক কিদৰে ভোটাৰৰ মাজলৈ যাব লাগিব, কি কি বিষয় জনসাধাৰণক অৱগত কৰিব লাগিব, চৰকাৰৰ নীতি আৰু আদর্শ কি, খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্রত চৰকাৰে কি ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে আদি বিষয়সমূহৰ ওপৰত ভোটাৰক প্রশিক্ষণ দিয়া হৈছে৷ যোৱা ২৭ ফেব্রুৱাৰীৰ পৰা চলি থকা এই প্রশিক্ষণ ৭ ফেব্রুৱাৰীত অন্ত পৰাৰ পাছতেই ১০ ফেব্রুৱাৰীৰ পৰা ৰাজ্যিক বিজেপি নামি পৰিব নির্বাচনী প্রচাৰ অভিযানত৷ মুখ্যতঃ ‘পৰিয়াল সম্পর্ক অভিযান’ শীর্ষক কার্যসূচীৰে পৃষ্ঠাপ্রমুখৰ জৰিয়তে আৰম্ভ কৰিব লগা এই প্রচাৰ অভিযান অনুসৰি প্রতিজন পৃষ্ঠাপ্রমুখ যাব প্রতিটো ঘৰলৈ, প্রতিটো পৰিয়াললৈ৷ নির্বাচনী এনে প্রস্তুতিৰ সমান্তৰালকৈ ৰাজ্যিক বিজেপিৰ প্রতিটো বুথতে মুকলি কৰিছে একোটাকৈ হোৱাটছএপ গ্রুপ৷ নির্বাচনক লক্ষ্য কৰিয়ে ইতিমধ্যে সাজু হৈছে ৩৮ হাজাৰ হোৱাটছএপ গ্রুপ৷ এইবাৰ নির্বাচনত প্রচাৰ অভিযানৰ বাবে ৰাজ্যিক বিজেপিয়ে সাজু কৰিছে ৬খনকৈ হেলিকপ্টাৰ৷ ইয়াৰে এখনকৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, বিত্তমন্ত্রী তথা নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ বাবে সাজু হৈ থাকিব৷ আনহাতে, দুখনকৈ হেলিকপ্ঢাৰ থাকিব ষ্টাৰ কেম্পেইনাৰৰ বাবে৷ এনে ধৰণে শক্তিশালী ৰূপত বিজেপি এতিয়া নামি পৰিছে নির্বাচনী পথাৰত৷