নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুঢ়া মায়ঙত অৱসৰ বিনোদনৰ বিশ্রামগৃহৰ আধাৰশিলা স্থাপন

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ বয়োজ্যেষ্ঠ লোকসকলৰ মনোৰঞ্জন আৰু অৱসৰ বিনোদনৰ উদ্দেশ্যে বিশ্রামগৃহ নামৰ এটি প্রস্তাৱিত প্রকল্পৰ আজি বুঢ়ামায়ঙত আধাৰশিলা স্থাপন কৰে৷ প্রস্তাৱিত প্রকল্পৰ প্রথমটো আৱাসগৃহ নির্মাণৰ বাবে মাংগলিক কার্যৰ লগতে আধাৰশিলা স্থাপন কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ সভাৰ প্রাক্তন সভাপতি তথা বিশিষ্ট লিখক ড০ লক্ষ্মীনন্দন বৰাৰ উপস্থিতিত আৱাসগৃহৰ আধাৰশিলা স্থাপন কৰাৰ পিছতে এখন সভাত ভাগ লয় উপ–সভাপতিগৰাকীয়৷ ভাষণ প্রসংগত তেওঁ বৃদ্ধাশ্রমৰ ধাৰণাটোক এক অন্য ৰূপ দি বিনোদন কেন্দ্র হিচাপে গঢ়িবলৈ লোৱা কার্যৰ শলাগ লয় বিশ্রাম ঘৰ নির্মাণ সমিতিৰ৷ ইয়াৰ জৰিয়তে একোটা পৰিয়ালৰ বৃদ্ধ–বৃদ্ধাৰ লগতে সদস্যসকলৰ কর্মব্যস্ততাৰ মাজত সাময়িক সকাহ হ’ব বুলি আশা প্রকাশ কৰে উপ–সভাপতি তথা বিশিষ্ট লেখিকাগৰাকীয়ে৷ একোখন সভাতে আনকি বিশিষ্ট লেখক লক্ষ্মীনন্দন বৰাই এই বিশ্রাম ঘৰৰ পৰিকল্পনাই জ্যেষ্ঠ নাগৰিকসকলক মানসিক প্রশান্তি দিয়াৰ উপৰি পৰিয়ালৰ সদস্যসকলৰো বহু পৰিমাণে চিন্তা দূৰ কৰিব বুলি মন্তব্য প্রকাশ কৰে৷

উল্লেখ্য যে কোনো পৰিয়ালে ভ্রমণ কৰিব যোৱাৰ সময়ত নিজৰ বৃদ্ধ সদস্যা–সদস্যাক অকলশৰে এৰি যাবলগীয়া সমস্যাত পৰিলে এই বিশ্রাম ঘৰত ৰাখি যাব পাৰিব৷ কর্তৃপক্ষই জানিবলৈ দিয়া মতে ইয়াত বৃদ্ধ–বৃদ্ধাসকলক সম্পূর্ণ প্রাকৃতিক পৰিৱেশৰ লগতে বিভিন্ন মনোৰঞ্জনমূলক পৰিৱেশত ৰখাৰ উপযুক্ত ব্যৱস্থা কৰা হ’ব যাতে কোনো কাৰণতে পৰিয়ালৰ সদস্য নাথাকিলেও মানসিকভাৱে ভাগি পৰিব নোৱাৰে বৃদ্ধাগৰাকী৷

You might also like