৪০ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ তালিকা প্রস্তুত অগপৰ
মোদীৰ ভ্রমণৰ পিছতে চূড়ান্ত হ’ব বিজেপিৰে আসন বুজাবুজি
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ক্রমাৎ তীব্রতৰ হৈ পৰিছে ৰাজনৈতিক দলসমূহৰ তৎপৰতা৷ ইতিমধ্যে কংগ্রেছ, এ আই ইউ ডি এফ, বাঁওদলসমূহে মহাজোঁট গঠনেৰে বিজেপিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷ সমান্তৰালভাৱে শাসকীয় দল বিজেপিয়েও ব্যাপক সাংগঠনিক কার্যকলাপেৰে উজনি আৰু মধ্য অসমত নির্বাচনী কুচকাৱাজ তুংগত তুলিছে৷ ইতিমধ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ আৰু দলৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই তিনিখনকৈ বৃহৎ জনসমাৱেশেৰে নির্বাচনৰ ৰণডংকা বজোৱাৰ পাছত পুনৰ প্রধানমন্ত্রীৰ আন এখন জনসভাৰে বিজেপিৰ কর্মী–কার্যকর্তাসক নির্বাচনৰ বাবে উদ্বুদ্ধ কৰাৰ প্রস্তুতি চলিছে৷ বিজেপিৰ অন্যতম মিত্রদল অগপয়ো জাতীয় ঐক্য সমাৰোহেৰে আৰম্ভ কৰিছে নির্বাচনী অভিযান৷ এনে প্রস্তুতিৰ মাজতে নির্বাচনত অগপ–বিজেপিৰ আসন বুজাবুজি কি পর্যায়ত হ’ব, তাক লৈ দল দুটাৰ মাজত আৰম্ভ হৈছে ব্যাপক চর্চা৷ অগপৰ দখলত থকা কেইবাটাও সমষ্টিত বিজেপিৰ একাংশ নেতাই প্রতিদ্বন্দ্বিতাৰ বাবে আগ্রহ প্রকাশ কৰাৰ বিপৰীতে অগপৰ সভাপতি অতুল বৰাই বিজেপিৰ দখলত থকা সমষ্টিত প্রার্থী প্রক্ষেপৰ বাবে আঞ্চলিক দলটোৰ ভিতৰৰ পৰা দাবী উত্থাপন হোৱা বুলি মন্তব্য কৰি আহিছে৷ এনে অৱস্থাত দল দুটাৰ মাজত আসন বুজাবুজি কেতিয়া হ’ব, সেয়া চর্চাৰ বিষয় হৈ পৰিছে৷ অগপৰ এক শীর্ষ সূত্রই প্রকাশ কৰা অনুসৰি বিগত বিধানসভা নির্বাচনৰ দৰে এইবাৰো অগপই দলৰ শক্তিশালী ভেটি থকা সমষ্টিত প্রতিদ্বন্দ্বিতাৰ বাবে সকলো ধৰণৰ প্রস্তুতি চলাইছে৷
ইতিমধ্যে দলে নিজাববীয়াকৈ ৮৫টা সমষ্টিত সমীক্ষা চলাই কোনটো সমষ্টিত অগপৰ জয় নিশ্চিত, কোনটো সমষ্টিত অগপই প্রত্যাহ্বান জনাব পাৰে, সেই সমষ্টিসমূহ বাছি উলিয়াইছে৷ বিশেষকৈ বিজপিৰ দখলত থকা কেইবাটাও সমষ্টিতো অগপই দলৰ শক্তি পৰীক্ষা কৰিছে৷ এই সকলো পর্যবেক্ষণৰ অন্তত আঞ্চলিক দলটোৱে ৪০টা সমষ্টিৰ এখন তালিকা প্রস্তুত কৰিছে৷ সূত্রটোৱে দাবী কৰা অনুসৰি এই ৪০টা সমষ্টিত প্রার্থিত্ব প্রক্ষেপৰ বাবে বিজেপিৰ সৈতে আলোচনা চলিব৷ উল্লেখ্য যে ২০১৬ চনৰ নির্বাচনত অগপই এককভাৱে ২২খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ৮খন আসনত বিজেপিৰ সৈতে বন্ধুত্বপূর্ণ প্রতিদ্বন্দ্বিতা কৰিছিল৷ এইবাৰ দলটোৱে ৪০খন আসনৰ তালিকা প্রস্তুত কৰি বিজেপিৰ সন্মুখত দাখিল কৰিছে৷ অহা ৭ ফেব্রুৱাৰীত অসমলৈ আহিবলগীয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ভ্রমণৰ পাছতেই অগপ–বিজেপিৰ আসন বুজাবুজিৰ প্রক্রিয়া আৰম্ভ হ’ব বুলিও সূত্রটোৱে উল্লেখ কৰে৷ ইফালে বিজেপিৰ এক সূত্রই প্রকাশ কৰা অনুসৰি আসন বুজাবুজিৰ বিষয়টো প্রাৰম্ভিক পর্যায়ত ৰাজ্যিক বিজেপিৰ সৈতে অগপৰ আলোচনা হ’ব যদিও ইয়াক চূড়ান্ত কৰিব ৰাষ্ট্রীয় নেতৃত্বইহে৷ ইতিমধ্যে ৰাজ্যিক বিজেপিৰ প্রভাৰী ৰূপে বৈজয়ন্ত জয় পাণ্ডা আৰু সহযোগী প্রভাৰী হিচাপে পৱন শর্মাক এই বিষয়বোৰ চালি–জাৰি চাবলৈ দায়িত্ব অর্পণ কৰা হৈছে৷ ইফালে বিধানসভা নির্বাচনী কমিটীৰ প্রভাৰী ৰূপে দায়িত্ব দিয়া হৈছে কেন্দ্রীয় মন্ত্রী নৰেন্দ্র সিং টোমৰ আৰু সহযোগী প্রভাৰী ড০ জিতেন্দ্র সিঙক৷ এই কেন্দ্রীয় নেতাসকলৰ উপস্থিতিতে বিজেপিয়ে অগপক কিমানখন আসন এৰি দিব, সেই বিষয়ে আলোচনা হোৱাৰ পাছত অগপৰ নেতৃত্বৰ সৈতে আসন এৰা–ধৰাক লৈ আলোচনাৰ টেবুলত চূড়ান্ত কৰা হ’ব৷ মন কৰিবলগীয়া যে এইবাৰ বিজেপিয়ে ১০+ আসনৰ লক্ষ্যৰে ৰাজ্যৰ ১২৬টা সমষ্টিৰ অধিকাংশ সমষ্টিতে প্রার্থিত্ব প্রদানৰ বাবে পূর্ণ প্রস্তুতি চলাইছে৷ আনকি অগপৰ দখলত থকা সমষ্টিতো বিজেপিয়ে প্রার্থী প্রক্ষেপ কৰিব বুলি কেইবাগৰাকী নেতাই মুকলিকৈ ঘোষণা কৰিছে৷ দলটোৰ জ্যেষ্ঠ নেতা তথা ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই এইক্ষেত্রত স্পষ্ট কৰি দিছে যে অগপৰ জয়ৰ সম্ভাৱনা থকা সমষ্টিত অগপৰ প্রার্থী আৰু বিজেপিৰ জয়ৰ সম্ভাৱনা থকা সমষ্টিত বিজেপিৰ প্রার্থীয়ে এইবাৰ প্রতিদ্বন্দ্বিতা কৰিব৷ যদি অগপৰ ৫০টা সমষ্টিত জয়ৰ সম্ভাৱনা আছে, তেন্তে সেই ৫০টা সমষ্টিতে প্রতিদ্বন্দ্বিতা কৰিব৷ আসন বুজাবুজিক লৈ এতিয়াও দল দুটাৰ মাজত আনুষ্ঠানিক আলোচনা হোৱা নাই যদিও অগপক ২০টা সমষ্টিত এককভাৱে প্রতিদ্বন্দ্বিতাৰ বাবে প্রস্তুতি চলাবলৈ এক অনানুষ্ঠানিক তালিকা প্রেৰণ কৰিছে৷ আনহাতে, আন ১০–১২টা সমষ্টিত বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাৰ বাবে প্রস্তুত থাকিবলৈ বার্তা প্রেৰণ কৰিছে৷ বিজেপিৰ এনে বার্তাৰ বিপৰীতে অগপই ৪০টা সমষ্টিৰ তালিকা লৈ ৰাজ্যিক বিজেপিৰ সৈতে আলোচনাত বহাৰ বাবে সাজু হৈছে৷ অৱশ্যে পাটাছাৰকুছি, তেজপুৰ, দেৰগাঁও আৰু নাহৰকটীয়া সমষ্টিত বিজেপিয়ে নিজাববীয়াকৈ প্রার্থী প্রক্ষেপ কৰিব বুলি স্থিতি দৃঢ় কৰি ৰখা হেতু এই সমষ্টিকেইটাক লৈ অগপৰ নেতৃত্ব কিছু সমস্যাত পৰিছে৷ বিশেষকৈ তেজপুৰ, নাহৰকটীয়া আৰু দেৰগাঁও এৰি দিবলৈ ইচ্ছুক নহয় আঞ্চলিক দলটো৷ সমষ্টিকেইটাক লৈ বিজেপিৰ সৈতে কেইবাবাৰো অনানুষ্ঠানিক আলোচনা হৈছে যদিও চূড়ান্ত সিদ্ধান্তত আহিব পৰা নাই কোনো এটা দলে৷ এই জটিলতা দল দুটাই কিধৰণে সমাধান কৰে, সেয়া যথেষ্ট লক্ষণীয় হৈ পৰিছে৷