ম্যানমাৰত ফেচবুক সেৱাত প্রতিৰোধ
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ গণতান্ত্রিকভাৱে নির্বাচিত চৰকাৰখনক অভ্যুত্থানৰ জৰিয়তে উৎখাত কৰাৰ পিছত শেহতীয়াকৈ ম্যানমাৰৰ সামৰিক শাসকে দেশখনত প্রতিৰোধ লগাইছে ফেচবুক সেৱাত৷ দেশখনত সুস্থিৰতা অব্যাহত ৰখাৰ স্বার্থতে ফেচবুকত প্রতিৰোধ লগোৱা হৈছে বুলি সামৰিক প্রশাসনে এক বিবৃতিত সদৰী কৰিছে৷ স্মর্তব্য যে ফেচবুক হৈছে ম্যানমাৰৰ বহু লোকৰ বাবে ইণ্টাৰনেটত উপলব্ধ একমাত্র ছ’চিয়েল মিডিয়া প্লেটফর্ম৷
সোমবাৰৰ সামৰিক অভ্যুত্থানৰ পিছতে ফেচবুকে ম্যানমাৰত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ ঘটনা সন্দর্ভত বিশ্বজুৰি সংবাদ বিয়পাই দিয়াৰ পিছতে ছ’চিয়েল মিডিয়া প্লেটফর্মটোৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে সামৰিক শাসক৷ স্মর্তব্য যে দেশখনৰ শীর্ষ নেত্রী ছ্যু কী তথা শাসকীয় দলৰ মন্ত্রী তথা সাংসদসকলক গ্রেপ্তাৰ কৰা বিষয়টো সন্দর্ভত ফেচবুকত বিভিন্ন পোষ্ট মুকলি হৈছিল৷ অৱশ্যে ৭ ফেব্রুৱাৰীৰ পিছত ইণ্টাৰনেটত ফেচবুক পুনৰ উপলব্ধ হোৱাৰ সম্ভাৱনা আছে দেশখনত৷