পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াসেৰে ‘Walkathon’ৰ ফ্লেগ অফ মুখ্যমন্ত্ৰী সোণোৱালৰ
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ “পথ সুৰক্ষা – জীৱন ৰক্ষা”… ৰাষ্ট্রীয় পথ সুৰক্ষা মাহ, ২০২১ উপলক্ষে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ প্ৰয়াসেৰে সৰুসজাই খেলপথাৰৰ পৰা উলিওৱা সজাগতামূলক পদযাত্ৰা ‘Walkathon’ৰ ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
ৰাজ্যত দুৰ্ঘটনাৰ পৰিমাণ হ্ৰাস কৰাৰ দিশত যান-বাহন আইন সুচাৰুৰূপে মানি চলিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাইজৰ প্ৰতি আহ্বান জনায়।
এই অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীদ্বয়- চন্দ্রমোহন পাটোৱাৰী, যোগেন মহনৰ লগতে উচ্চপদস্থ বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে।
CM Shri @sarbanandsonwal flagged off the ‘Walkathon’, commemorating the National Road Safety Month 2021 at Sarusajai Stadium, Guwahati and called upon all to follow traffic rules to reduce road accidents.
Min Shri @cmpatowary & Shri Jogen Mohan were also present. pic.twitter.com/qVRhQcYAJ7
— Chief Minister Assam (@CMOfficeAssam) February 6, 2021