১০ দিনৰ ভিতৰত মজুৰি বৃদ্ধি হ’ব চাহ শ্ৰমিকৰঃ ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা,৬ ফেব্ৰুৱাৰী: “ৰাজ্য চৰকাৰে অসমৰ চাহ শ্ৰমিকসকলৰ উন্নয়ন, কল্যাণ আৰু তেওঁলোকৰ আত্মসন্মানৰ বাবে সদায়ে কাম কৰি আহিছে। যেতিয়াই চাহশ্ৰমিকসকল সমস্যাৰ সন্মুখীন হৈছে, সেই সমস্যাসমূহ নিৰাময়ৰ কাৰণে আমি সদায়ে থিয় হৈছো।”- আজি খানাপাৰাত অভিলাষী আঁচনি মুকলিৰ অনুষ্ঠানত এই মন্তব্য কৰে ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ইপিনে চাহ বাগিছাৰ উন্নয়নৰ কথা উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, “চাহবাগিছাৰ কল্যাণৰ বাবে আমি যোৱা ৫ টা বছৰে নিৰন্তৰ প্ৰচেষ্টা হাতত লৈছিলো। আজি চাহ বাগিছাৰ প্ৰত্যেকজন শ্ৰমিকে চাউল কিনাৰ বাবে পইছা খৰছ কৰিব নালাগে। বৰঞ্চ চৰকাৰৰ পৰা চাউল কিনিবলৈ প্ৰত্যেক মাহত বিনামূল্য লাভ কৰে। কেৱল সেয়াই নহয়, চাহবাগিছাৰ কোনোবা মহিলা গৰ্ভৱতী হ’লে ১২ হাজাৰ টকা গৰ্ভধাৰণৰ সময়ত চৰকাৰৰ পৰা লাভ কৰে।”
এই সভাতে মন্ত্ৰী ড০ শৰ্মাই চাহবাগিছাৰ শিক্ষাৰ ক্ষেত্ৰত চৰকাৰে লোৱা পদক্ষেপৰ কথা উল্লেখ কৰি কয় যে পূৰ্বৰ চৰকাৰৰ সময়ত কেতিয়াও চাহবাগিছাত হাইস্কুল নিৰ্মাণ কৰাৰ কথা ভবা নাছিল। কিন্তু এই চৰকাৰে ১১৯ খন বাগিছাত স্কুল নিৰ্মাণ আৰম্ভ কৰা হৈছে, য’ত ১ মে’ ৰ পৰা পাঠদান আৰম্ভ হ’ব।
আনহাতে চাহশ্ৰমিকৰ মজুৰিৰ সন্দৰ্ভত অহা ১০ দিনৰ ভিতৰত নতুন মজুৰি নিৰিখ কৰা হ’ব বুলি মন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰে।