নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত অধিবক্তাক জে’ললৈ প্ৰেৰণঃ মহিলাক বলাৎকাৰৰ অপচেষ্টাৰ অভিযোগ

নিয়মীয়া বাৰ্তা,৬ ফেব্ৰুৱাৰীঃতিতাবৰ মহকুমাৰ বৰহোলা নগাবাটৰ পেছাত এজন অধিবক্তাই যোৱা শুক্ৰবাৰে সন্ধিয়া বিউটি পাৰ্লাৰৰ এগৰাকী বিউটিচিয়ানক অশ্লীল ইংগিত দি বলাৎকাৰৰ চেষ্টা কৰা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। অভিযোগকাৰীয়ে পানীখেতি আৰক্ষী চকীত দাখিল কৰা এজাহাৰত উল্লেখ থকা অনুসৰি নগাবাট অন্নপূৰ্ণা গাঁৱৰ নিবাসী ৰাম সাগৰ ঠাকুৰৰ পুত্ৰ প্ৰমোদ ঠাকুৰে কালি বিয়লি নগাবাটত থকা এখন বিউটি পাৰ্লাৰত প্ৰবেশ কৰি বিউটিচিয়ানগৰাকী নথকা অৱস্থাত তাত থকা অন্য যুৱতী কৰ্মচাৰীক অশ্লীল ইংগিত দিয়ে। তেনে সময়তে বিউটিচিয়ানগৰাকী আহি উপস্থিত হোৱাত অধিবক্তাগৰাকীয়ে গাৰ কাপোৰ খুলি বলাৎকাৰৰ কৰিবলৈ চেষ্টা কৰে যদিও বিউটিচিয়ান মহিলাগৰাকীয়ে কোনোমতে পলাই বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয় বুলি এজাহাৰত স্পষ্টকৈ উল্লেখ কৰিছে।

উল্লেখ্য যে ঘটনাৰ পিছতে বিউটিচিয়ানগৰাকী অধিবক্তা প্ৰমোদ ঠাকুৰৰ বিৰুদ্ধে পানীখেতি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিতে পানীখেতি আৰক্ষীৰ এটা দলে নিশাই প্ৰমোদক গ্ৰেপ্তাৰ কৰি বৰহোলা থানালৈ লৈ আহে। ইতিমধ্যে অভিযুক্ত অধিবক্তা প্ৰমোদ ঠাকুৰৰ বিৰুদ্ধে বৰহোলা আৰক্ষী থানাত ২৪ নং গোচৰৰ ২৯৪/৩৭৬এ/৪৪৮/৩৬৭/৫১১ ধাৰাত এটা গোচৰ ৰুজু হৈছে। আনহাতে ঘটনাটোৰ সন্দৰ্ভত অভিযুক্ত প্ৰমোদ ঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ সেই সময়ত সম্পূৰ্ণৰূপে সুৰামত্ত অৱস্থাত থকাৰ লগতে ভুলবঃশত, অজানিতে এই ঘটনা সংঘটিত হ’ল। আজি পুৱা অভিযুক্তগৰাকীক স্বাস্থ্য পৰীক্ষা কৰি আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰে।

You might also like