জোনাইত মুৰ্কংচেলেক ব্লক কংগ্ৰেছৰ কমিটি আৰু যুৱ কংগ্ৰেছ অৱস্থান ধৰ্মঘট
নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ মূর্কং চেলেক ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু সমূহ শাখা সংগঠনৰ সহযোগত ৰূপায়ন কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী৷ BJP দল আৰু চৰকাৰৰ আমূলত পেট্ৰল ডিজেলৰ পৰা ধৰি লগতে নিবনুৱা সমস্যা , লাইকা দধীয়া বাসী পুনঃ সংস্থাপন , অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি মূর্কং চেলেক ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আৰু সমূহ শাখা সংগঠনৰ সহযোগত আজি জোনাই ৰাংকপ তিনিআলিত দুপৰীয়া ১২ বজাৰ পৰা ৩ বজালৈ অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে। মুৰ্কংচেলেক ব্লক কংগ্ৰেছৰ কৰ্মীসকলে বিজেপি চৰকাৰৰ মুৰ্দাবাদ, অসম চৰকাৰ হায়-হায়, মূল্য বৃদ্ধি ৰোধ কৰক, কংগ্ৰেছ জিন্দাবাদ ধ্বনিৰ উত্তাল কৰি তোলে প্ৰতিবাদস্থলী। আজিৰ অৱস্থান ধৰ্মঘটত মুৰ্কংচেলেক ব্লেক কংগ্ৰেছ কমিটিৰ সভাপতি সঞ্জয় পেগু, সাধাৰণ সম্পাদক মহাবীৰ পায়েং, শংকৰ দে, চাপ্লাই পেগু, ধেমাজি জিলা মহিলা কংগ্ৰেছ কমিটি সধাৰণ সম্পাদিকা ৰেহেনা লাগাছু, মুৰ্কংচেলেক ব্লেকৰ যুৱ কংগ্ৰেছৰ সভাপতি হিতেশ পেগু, ধেমাজি জিলা যুৱ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিজু পেগু, বিক্ৰম পাৱ লগতে মূৰ্কচেলেক ব্লক আৰু যুৱ কংগ্ৰেছৰ নেতা ক্ৰমী উপস্থিত থাকে৷