বিজেপি হটাও শ্লোগানেৰে আমগুৰি চৰাইদেউত কংগ্রেছৰ নির্বাচনী ৰণডংকা
নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ দেশৰ অখণ্ডতাৰ বাবে কংগ্রেছ কর্মীয়ে জীৱন উৎসর্গা কৰে, কিন্তু বিজেপিয়ে দেশৰ উন্নয়নৰ নামত ৰাজহুৱা সম্পত্তি বিক্রী কৰে৷ সেয়েহে যোৱা ৭০ বছৰে কংগ্রেছে কি কৰিলে বুলি বিজেপিয়ে প্রশ্ণ কৰাৰ অধিকাৰ নাই৷ – শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টি কংগ্রেছৰ উদ্যোগত ইয়াৰ আউনীআটীয় হেমচন্দ্র দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এখন বিশাল সভাত এনেদৰে মন্তব্য কৰে ছত্তিশগডৰ মুখ্যমন্ত্রী ভূপেশ ৱাঘেলাই৷ তেওঁ ভাৰতৰ কৃষক–মজদুৰৰ প্রতি বিজেপিৰ কোনো দায়িত্ববোধ নাই বুলি ক্ষোভ উজাৰি বিজেপিয়ে দেশত কেৱল বিভাজনৰ ৰাজনীতিৰ বীজ ৰোপণ কৰা বুলি অভিযোগ কৰে৷ বিজেপিৰ এনে কার্যৰ বিৰুদ্ধে অহা ২০২১ৰ অসমৰ বিধানসভা নির্বাচনত বিজেপিৰ বিৰুদ্ধে নতুন প্রজন্মৰ লগতে কৃষক–মজদুৰৰ যুঁজ হ’ব বুলি কয়৷
দেশৰ অখণ্ডতাৰ লগতে দেশৰ কৃষক–মজদুৰৰ হিতৰ বাবে অহা নির্বাচনত সকলোকে কংগ্রেছ দলক সহায় কৰিবলৈ তেওঁ আহ্বান জনায়৷ সভাত অসম প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই অসম তথা অসমীয়া ৰাইজক বিজেপিয়ে শাসনৰ নামত আক্রমণ কৰা বুলি মন্তব্য কৰি বিজেপি আৰু আৰ এছ এছে অসমৰ ভাষা–সংস্কৃতি, ধর্ম আদি সকলোতে আক্রমণ চলোৱা বুলি অভিযোগ কৰি বিজেপিৰ আক্রমণৰ পৰা পৰিত্রাণ পাবলৈ ৰাইজক অধিক সজাগ হ’বলৈ আহ্বান জনায়৷ অসমৰ বানপানী সমস্যা সামাধানৰ বাবে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে কোনো পুঁজিৰ যোগান নধৰাৰ লগতে বর্তমানৰ কেন্দ্রীয় চৰকাৰে অসমে পাব লগা পুঁজিও আদায় নিদিয়া বুলি অভিযোগ কৰি এই চৰকাৰে এটা এটাকৈ ৰাজহুৱা সম্পদ বিক্রী কৰাৰ অভিযোগ কৰে৷
অসমৰ ৰাইজক বিজেপিয়ে সকলো দিশৰ পৰা কৰা আক্রমণৰ প্রতি লক্ষ্য ৰাখি অহা ২০২১ৰ নির্বাচনক বিজেপিৰ বিৰুদ্ধে দ্বিতীয় স্বাধীনতা সংগ্রাম হিচাপে লৈ ইংৰাজ খেদাৰ দৰে বিজেপিক উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনায়৷ আমগুৰি সমষ্টি কংগ্রেছৰ নেত্রী তথা অসম প্রদেশ যুৱ কংগ্রেছৰ উপ–সভানেত্রী ড০ অংকিতা দত্তই আদৰণী ভাষণত পৰিৱর্তনৰ নামত বিজেপি–গপ মিত্রজোঁটে ৰাজ্যখনৰ সকলো দিশতে চূডান্ত অশান্তি সৃষ্টি কৰা বুলি অভিযোগ কৰি ৰাইজে এতিয়া শান্তি বিচৰা বুলি দাবী কৰে৷ জাতি–মাটিৰ আভুৱা ভাঁৰা কথা কৈ এই মিত্রজোঁটৰ চৰকাৰখনে এতিয়া ৰাজহুৱা সম্পদ বিক্রীত হাত উজান দিয়া বুলিও তেওঁ কটাক্ষ কৰে৷ আঞ্চলিকতাবাদৰ নামত অগপই মেৰুদণ্ডহীন কামেৰে ৰাইজক বিভ্রান্ত কৰা বুলি দাবী কৰি ‘কা’ বাতিলক লৈ অগপই দেখুওৱা দুমুখীয়া নীতিৰ কথা অসমীয়া ৰাইজৰ জ্ঞাত বুলি দত্তই মন্তব্য কৰে৷ সাংসদ প্রদ্যুৎ বৰদলৈয়ে নাগপুৰীয়াসকলে অসমীয়া ধর্ম–সংস্কৃতি, ভাষাৰ নামত যি বিভাজন সৃষ্টি কৰিছে, তাৰ বাবে এইসকলক বিদায় দিয়াৰ বাবে সকলোকে ঐক্যবদ্ধ হ’বলৈ তেওঁ আহ্বান জনায়৷
বিৰোধী দলৰ উপ–দলপতি তথা প্রাক্তন মন্ত্রী ৰকিবুল হুছেইনে আমগুৰিৰ প্রাক্তন বিধায়ক তথা প্রাক্তন মন্ত্রী প্রয়াত অঞ্জন দত্তই অসম ৰাজ্যিক পৰিবহণ নিগমক ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰি দেশৰ ভিতৰতে সুনাম কৰাৰ কথা সোঁৱৰণ কৰি আমগুৰি কংগ্রেছৰ নেত্রী অংকিতা দত্তক পিতৃ অঞ্জন দত্তৰ আধৰুৱা সপোন পূৰণ কৰাৰ বাবে সুবিধা দিবলৈ ৰাইজৰ সহযোগিতা কামনা কৰে৷ সভাৰ পূর্বে এক বৃহৎ বাইক ৰেলীৰে কংগ্রেছ নেতৃত্বক জাঁজীৰ পৰা আগবঢ়াই অনা হয়৷ সভাত বিশিষ্ট গায়ক বাবু বৰুৱাই পৰিৱেশন কৰা গীতে ৰাইজক আপ্লুত কৰে৷