উত্তৰাখণ্ডৰ জলপ্রলয়ত সন্ধানহীন হ’ল অসমৰ দুই ভাতৃ
নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ উত্তৰাখণ্ডৰ জলপ্রলয়ত সন্ধানহীন হৈছে অসমৰ দুজন যুৱক৷ নগাঁও জিলাৰ কামপুৰ আৰক্ষী চকীৰ অন্তর্গত উত্তৰ চাংচকীৰ দুই ভাতৃ অমৰজ্যোতি দাস আৰু কমল দাস জীৱিকাৰ সন্ধানত গৈছিল উত্তৰাখণ্ডলৈ৷ তাতেই এটা ব্যক্তিগত উদ্যোগত নিৰাপত্তাৰক্ষী হিচাপে কর্মৰত আছিল যুৱক দুজন৷ কিন্তু হঠাৎ হোৱা হিমস্খলনৰ পাছত উত্তৰাখণ্ডত ভয়ংকৰ জলপ্রলয়ৰ সূচনা হয়৷ এই ঘটনাৰ পাছৰে পৰা অমৰজ্যোতি আৰু কমল নিখোজ হৈ আছে৷ পিতৃহীন দুই যুৱকৰ মাতৃয়ে কামপুৰৰ ঘৰত অকলে বাস কৰে৷ তেওঁৰ দুই পুত্র উত্তৰাখণ্ডৰ কোন প্রতিষ্ঠানত কর্মৰত হৈ আছে, সেই বিষয়েও ভালদৰে অৱগত নহয়৷
কালি দুপৰীয়া উত্তৰাখণ্ডৰ পৰা অহা এটা ফোনকলৰ জৰিয়তে ভয়ংকৰ দুর্ঘটনাটোৰ বিষয়ে অৱগত হয় আৰু দুই পুত্র নিখোজ হৈ থকাৰ খবৰ লাভ কৰে৷ ইয়াৰ পাছত সমগ্র কামপুৰ অঞ্চলত শোকাকুল পৰিৱেশ সৃষ্টি হৈছে৷ চাংচকী গাঁৱৰ প্রয়াত নিখিল দাসৰ দুই পুত্র বিগত কেইবাবছৰ ধৰি উত্তৰাখণ্ডৰ ব্যক্তিগত প্রতিষ্ঠানত কর্মৰত হৈ আছে৷ দৰিদ্র ঘৰৰ দুই সন্তান সন্ধানহীন হোৱাৰ খবৰে তেওঁলোকৰ পৰিয়ালত হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে৷