সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ছাত্রীক আত্ম সুৰক্ষাৰ প্রশিক্ষণ
নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ কামৰূপ মহানগৰ জিলা প্রশাসন, জিলা সমাজ কল্যাণ বিভাগ আৰু জিলা মহিলা শক্তি কেন্দ্রৰ যৌথ উদ্যোগত বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত আত্মসুৰক্ষাৰ এক সপ্তাহজোৰা প্রশিক্ষণ কার্যসূচী আৰম্ভ কৰা হয়৷ মহাবিদ্যালয়খনৰ এন এছ এছ গোটৰ সহযোগিতাত যোৱা ১ ফেব্রুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা আত্ম সুৰক্ষাৰ এই প্রশিক্ষণ কার্যসূচীত মহাবিদ্যালয়খনৰ ৪০গৰাকী ছাত্রীয়ে অংশগ্রহণ কৰে৷ ছাত্রীসকলৰ মনত গভীৰ আত্মবিশ্বাস গঢ়ি তোলাই এই প্রশিক্ষণৰ প্রধান উদ্দেশ্য, যাতে জীৱনৰ বাটত সন্মুখীন হোৱা যিকোনো প্রত্যাহ্বান সহজতে অতিক্রম কৰিব পাৰে৷ প্রশিক্ষণৰ সামৰণী অনুষ্ঠানত উপস্থিত থাকি জিলা সমাজ কল্যাণ বিষয়া কুঞ্জলতা লাচনে বেটী বচাও বেটী পঢ়াও আঁচনিৰ অধীনত জিলাখনত ৰূপায়ণ কৰা বিভিন্ন কার্যসূচীৰ বিষয়ে উল্লেখ কৰাৰ লগতে ছাত্রীসকলৰ আত্মসুৰক্ষাৰ প্রশিক্ষণে প্রতিগৰাকী ছাত্রীকে প্রবল আত্মবিশ্বাসী কৰি গঢ়ি তুলিব বুলি উল্লেখ কৰে৷ মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ উৎপল দত্তই বেটী বচাও বেটী পঢ়াও আঁচনিৰ এনেধৰণৰ প্রচেষ্টাই কন্যা সন্তানসকলৰ ভৱিষৎ সুৰক্ষিত কৰাত অধিক অৰিহণা যোগাব বুলি উল্লেখ কৰে৷ প্রশিক্ষণৰ সামৰণী অনুষ্ঠানত জিলা সমাজ কল্যাণ আৰু জিলা মহিলা শক্তি কেন্দ্রৰ বিষয়াসকল উপস্থিত থাকি অংশগ্রহণকাৰী ছাত্রীসকলক প্রশিক্ষণৰ প্রমাণ–পত্র প্রদান কৰে৷ মহাবিদ্যালয়খনৰ প্রবক্তাসকলৰ লগতে এনএছএছৰ সদস্যাসকলো অনুষ্ঠানত উপস্থিত থাকে৷