নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত এনজিঅ’ৰ নামত ব্লেকমেইলিং মহিলাৰ

নিয়মীয়া বার্তা, ৮ ফেব্রুৱাৰীঃ দৰঙত চৰকাৰী বিভিন্ন আঁচনিৰ যোগেদি হিতাধিকাৰীক প্রদান কৰিবলগীয়া ধন বিভাগীয় মুৰব্বীক জালত পেলাই আত্মসাৎ কৰা এটা চক্রৰ বিষয়ে পোহৰলৈ আহিছে৷ অভিযোগ মতে ইতিমধ্যে ৫০ লাখতকৈ অধিক ধন বিভিন্ন বিভাগৰ পৰা আত্মসাৎ কৰিছে চক্রটোৱে৷ লক্ষণীয় যে দৰঙৰ বিভিন্ন বিভাগৰ যোগেদি চৰকাৰে গ্রহণ কৰা কেইবাখনো জনহিতকৰ আঁচনি চলি আছে৷

তদুপৰি কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা প্রকল্পও ৰূপায়িত হৈছে কলাইগাঁও, ছিপাঝাৰ, দলগাঁও আৰু পূব মঙলদৈ, পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ এলেকাত৷ কেইবাশ কোটি টকীয়া এনেবোৰ আঁচনিত বেচৰকাৰী সংস্থাকো ভিন্ন দিশত জডিত কৰোৱা হৈছে৷ পিছে, বেচৰকাৰী সংস্থাৰ নামত পোনতে প্রৱেশ কৰা এই চক্রটোৱে লাহে লাহে বিভাগীয় বৰমূৰীয়াক হাত কৰি ঘনিষ্ঠ হৈ লয় আৰু নিবিড় মুহূর্তৰ আলোকচিত্র কৌশলেৰে গ্রহণ কৰি আৰম্ভ কৰে ব্লেকমেইলিং৷

মঙলদৈৰ পূব প্রান্তৰ এনে এগৰাকী মহিলাৰ নেতৃত্বত চলা ছিণ্ডিকেটে ইতিমধ্যে দৰঙৰ কেইবাটাও বিভাগৰ পৰা প্রকল্প বা আঁচনিত তৃণ কূটা এডাল নলৰোৱাকৈ লুটি নিছে হিতাধিকাৰীৰ প্রাপ্য কেইবালাখ টকা৷ কলাইগাঁৱৰ এগৰাকী ভদ্র মহিলাই নিজৰ চাকৰিয়াল স্বামীক এৰি গুৱাহাটীত ফ্লেট ক্রয় কৰি চলাই গৈছে লুণ্ঠন৷

লুণ্ঠনৰ ক্ষেত্রখন ইমানেই পৰিব্যাপ্ত যে বিভাগীয় ট্ৰেক্টৰখনো কাঢ়ি নিছে মহিলাৰ মাতৃগৃহই৷ মহিলাগৰাকীয়ে ব্লেকমেইলিঙত ব্যৱহাৰ কৰা ঘনিষ্ঠ মুহূর্তৰ কেইবাখনো আলোকচিত্র লাভ কৰা হৈছে যদিও থানাত গোচৰ ৰুজু নোহোৱাপর্যন্ত সেয়া ৰাজহুৱা কৰাৰ পৰা বিৰত থকা হৈছে৷ কিন্তু মহিলাগৰাকীৰ হাতোৰাত সোমাই বিভাগীয় বিষয়াই অবৈধভাৱে ধন উলিয়াই দিয়াৰ বাবে দৰঙৰ ৪০০টাকৈ পৰিয়াল এতিয়া বিপাঙত পৰাটো নিশ্চিত হৈছে৷

তাৎপর্যপূর্ণ যে ৱ’মেন ব্লেকমেইলিং গেঙৰ পৰা দৰঙৰ আৰক্ষী বিষয়াও হাত সাৰি যাব পৰা নাই৷ পৰিবহণ বিভাগৰ আন এগৰাকী বিষয়ায়ো ত্রাহি মধুসূদন সুঁৱৰিছে এই চক্রটোৰ ওচৰত৷ কিন্তু হয় বদলি নহয় বিশাল ৰাশিৰ ধন মোকলাই দিহে এৰিছে দৰং৷ ‘নিয়মীয়া বার্তা’ৰ হাতত পৰা তথ্য অনুসৰি দৰঙৰ এক বিশেষ বিভাগৰ প্রকল্পৰ কাম ২০১৫–১৬ চনৰ পৰা ৫ বছৰৰ বাবে চলি আছে আৰু আগন্তুক ৩১ মার্চত অন্ত পৰিব৷

বিগত ৪/৫ বছৰে এই প্রকল্পত প্রায় এহেজাৰ হিতাধিকাৰীক অন্তর্ভুক্ত কৰা হৈছিল যদিও ৰহস্যময়ী নাৰীৰ লুণ্ঠনৰ বাবে এতিয়া বুমেৰাং হোৱাৰ দিশে কেন্দ্রীয় চৰকাৰৰ বহু কোটি টকীয়া এই প্রকল্প৷ প্রকল্পটোৰ বিগত ৪/৫ বছৰে জমা হোৱা ধনৰ ওপৰত পোৱা সুতৰ পৰিমাণেই আছিল ৭৫ লাখ টকা৷ পিছে সুতৰ টকা বাদেই মূল আঁচনিৰ আবণ্টিত ধনেই হিতাধিকাৰীৰ সলনি অবৈধভাৱে ৰহস্যময়ী নাৰী, ঠিকাদাৰক কৌশলেৰে প্রদান কৰা হৈছে৷ প্রকল্পৰ সজাগতা সভা, প্রচাৰ আদিবোৰ কাগজে–কলমে দেখুৱাই এনেদৰে লুট কৰা হৈছে৷ 

You might also like