বৰঝাৰ বিমান কোঠত উত্তাল প্রতিবাদঃ সঞ্চালকক স্মাৰক–পত্র প্রদান
নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় চৰকাৰে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰকে ধৰি দেশৰ কেইবাটাও লাভজনক বিমানবন্দৰক ব্যক্তিগতকৰণৰ বাবে গ্রহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে তীব্র বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদ দলে৷ কেন্দ্র আৰু ৰাজ্যত শাসনাধিষ্ঠিত বিজেপি চৰকাৰে পুঁজিপতিৰ স্বার্থ ৰক্ষাৰ বাবে বিগত সময়ছোৱাত অতি নির্লজ্জভাৱে সমগ্র দেশখনৰ সমান্তৰালকৈ অসমতো এটাৰ পাছত আন এটা ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডৰ হাতত গতাবলৈ উঠিপৰি লাগিছে৷ –এই অভিযোগ অসম জাতীয় পৰিষদ দলৰ৷
অসম জাতীয় পৰিষদ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক গুৰুতৰ অভিযোগ তুলি কয় যে ৰাজ্যখনৰ ৰাজহুৱা খণ্ডৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটো শেহতীয়াভাৱে প্রায় ১৩৮৩ কোটি টকা ব্যয় সাপেক্ষে আন্তঃগাঁথনিৰ ব্যাপক উন্নয়ন কৰাৰ পিছতো বৰঝাৰ বিমানবন্দৰটো আদানি গ্রুপক ৫০ বছৰৰ বাবে গতাই দিবলৈ কেন্দ্রীয় চৰকাৰে ইতিমধ্যে যাৱতীয় ব্যৱস্থা সম্পূর্ণ কৰি তুলিছে৷ কিন্তু ইয়াৰ পিছতো জাতি–মাটি–ভেটিৰ শ্ল’গানেৰে ক্ষমতাত অধিষ্ঠিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে নির্বিকাৰ ভূমিকা গ্রহণ কৰাটো স্বাভাৱিকতে লজ্জাজনক৷ উল্লেখনীয় যে উত্তৰ–পূর্বাঞ্চলৰ একমাত্র আন্তর্জাতিক বিমানবন্দৰ হিচাপে পৰিগণিত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰটো ব্যক্তিগতকৰণক কেন্দ্র কৰি কেন্দ্রীয় চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি অসম জাতীয় পৰিষদ দলৰ লগতে ভাতৃ–ভগ্নী সংগঠন মহিলা শক্তি, যুৱ শক্তি আৰু জাতীয় শ্রমিক শক্তিয়ে বৰঝাৰ বিমানবন্দৰ চৌহদত এক বিশাল প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ উক্ত কার্যসূচীত অসম জাতীয় পৰিষদ দলৰ কেন্দ্রীয় উপ–সভাপতি দুলু আহমেদে অংশগ্রহণ কৰি বৰঝাৰ বিমানবন্দৰৰ ব্যক্তিগতকৰণক কেন্দ্র কৰি দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি বৰঝাৰ বিমানবন্দৰৰ ব্যক্তিগতকৰণৰ হঠকাৰী সিদ্ধান্ত তৎকালে কার্যকৰী হোৱাকৈ প্রত্যাহাৰ কৰিবলৈ দাবী জনায়৷
উল্লেখ্য যে আজি দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত দুঘণ্টীয়া প্রতিবাদী কার্যসূচীত নলবাৰী জিলা সমিতিকে ধৰি অসম জাতীয় পৰিষদ দলৰ বিভিন্ন জিলা পৰিষদৰ নেতা–কর্মীসকলে অংশগ্রহণ কৰি আদানি–আম্বানিৰ মতে দেশ নচলিব, নৰেন্দ্র মোদী হুচিয়াৰ, সর্বানন্দ সোণোৱাল মুর্দাবাদ, বিজেপি চৰকাৰ হায় হায়, বণিক গোষ্ঠীৰ দপদপনি নচলিব, আদানি গ্রুপ হুচিয়াৰ, ৰাজহুৱা সম্পদৰ ব্যক্তিগতকৰণ বন্ধ কৰক আদি প্রতিবাদী কার্যসূচীৰ সমান্তৰালকৈ এয়াৰপ’ট অথৰিটী এমপ্লয়ীজ ইউনিয়নৰ নেতা পৱিত্র দাসেও ব্যক্তিগতকৰণৰ বিৰুদ্ধে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীৰ অন্তত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই ভাৰতীয় বিমানবন্দৰ প্রাধিকৰণৰ উত্তৰ–পূব মণ্ডলৰ ক্ষেত্রীয় কার্যবাহী সঞ্চালকৰ হাতত বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণৰ চুক্তি বাতিল কৰিবলৈ এখন স্মাৰক–পত্র প্রদান কৰে৷