নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটিছৰ যুগৰ স্কুল নির্মাণৰ বাবে ১২.৭৫ কোটিকৈ টকা

ঐতিহ্যমণ্ডিত উঃ মাঃ বিদ্যালয় উন্নয়নৰ আঁচনি ড’নাৰৰ

নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ ব্রিটিছ যুগৰ ৮খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নয়নৰ বাবে এক বিশেষ আঁচনি প্রস্তুত কৰিছে কেন্দ্রীয় ড’নাৰ মন্ত্রালয়ে৷ ব্রিটিছ যুগৰ দিনৰে পৰা ঐতিহ্য তথা চানেকি বহন কৰি অহা এই উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ড’নাৰ মন্ত্রালয়ে ব্যয় কৰিব ১২.৭৫ কোটি টকা৷ শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা আন্তঃমন্ত্রালয় কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ ড’নাৰ মন্ত্রালয়ে নর্থ–ইষ্ট স্পেচিয়েল ইনফ্রাষ্ট্রাকচাৰ ডেভেলপমেণ্ট স্কীম (এন ইএচ আই ডি)ৰ অধীনত নির্মাণ হ’বলগীয়া এই ৮খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভিতৰত আছে গুৱাহাটী মহানগৰীৰ ঐতিহ্যমণ্ডিত কটন কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়৷ এই বিদ্যালয়খনৰ বাবে ব্যয় কৰা হ’ব ৩ কোটি টকা৷

একেদৰে ডিব্রুগড় আৰু ধুবুৰীৰ দুখনকৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ব্যয় কৰা হ’ব ১.৭৫ কোটি টকা৷ একেদৰে গোলাঘাট, শিলচৰ, কাছাৰ, শোণিতপুৰ, লখিমপুৰ আৰু কৰিমগঞ্জত থকা চৰকাৰী উচ্চতৰ মাধ্যমিক প্রতিখন বিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা হ’ব ১.২৫ কোটি টকাকৈ৷ উল্লেখ্য যে দিল্লীত অনুষ্ঠিত আন্তঃমন্ত্রালয়ৰ কমিটীৰ বৈঠকত ১৮৬০ চনৰ পিছত নির্মিত ৰাজ্যৰ এই ৮খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনিৰ দিশটোৰ ওপৰত বিস্তৃত প্রতিবেদন দাখিল কৰিছিল ৰাজ্য চৰকাৰে৷ ইতিমধ্যে প্রায় বিধ্বস্ত ৰূপ ধৰা বিদ্যালয়কেইখনৰ ক্ষিপ্রতাৰে নির্মাণকার্য আৰম্ভ কৰাৰ বাবেও এই বৈঠকত ৰাজ্য চৰকাৰে প্রস্তাৱ দাখিল কৰে৷ উল্লেখ্য যে এই আঁচনিৰ বাবে কেন্দ্রীয় চৰকাৰে ১০০ শতাংশ পুঁজি যোগান ধৰিব৷

You might also like