নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যুৎসাহতে হেনো শংকৰদেৱৰ নামত দিছিল জিন্দাবাদ ধ্বনি

আজমলক ৰক্ষণাবেক্ষণৰ চেষ্টা ৰিপুণৰ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে কালি বটদ্রৱাত এখন দলীয় ৰাজনৈতিক সমাৱেশত জগতগুৰু শ্রীমন্ত শংকৰদেৱক ‘গুৰু মহাদেউ শংকৰ চাহাব’ বুলি সম্বোধন কৰাৰ লগতে দলীয় কর্মী–সমর্থকসকল্ বদৰুদ্দিন আজমল জিন্দাবাদ, তলা–চাবি জিন্দাবাদ ধ্বনি দিয়াৰ সমান্তৰালভাৱে শংকৰদেৱ জিন্দাবাদ ধ্বনি দি গুৰুতজনাক অপমান কৰে৷ আজমল আৰু এআইইউডিএফৰ তেনে আচৰণক লৈ ৰাজ্যজুৰি বিৰূপ প্রতিক্রিয়া সৃষ্টি হৈছে৷ পিছে আজমলৰ বোকোচাত উঠি এইবাৰ ৰাজ্যৰ শাসনভাৰ দখলৰ সপোনত বিভোৰ হৈ থকা প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কালিৰ সেই ঘটনাৰ বাবে আজমলক গৰিহণা বা সকীয়নি দিয়াতো বাদেই বৰং এআইইউডিএফৰ সভাপতিগৰাকীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেহে উঠিপৰি লগা পৰিলক্ষিত হৈছে৷ আজি সংবাদ মাধ্যমৰ আগত এই সম্পর্কত প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ সকলোৰে ওপৰত৷ তেওঁৰ সকলো চিন্তা–চর্চা ৰাজনীতিৰ ওপৰত৷ অসমৰ সকলো ৰাইজে তেওঁক এগৰাকী গুৰু হিচাপে শ্রদ্ধা কৰে৷ সেয়ে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱক ঠেক পৰিসৰলৈ আনিব নালাগে৷

ৰাজনৈতিক মঞ্চত তেওঁৰ আদর্শৰ কথা ক’ব পাৰে যদিও জিন্দাবাদ আদি ধ্বনি দি ৰাজনীতিৰ লগত জড়িত কৰিব নালাগে৷ কালিৰ ঘটনাৰ বাবে কংগ্রেছে আজমলক ক্ষমা খোজাৰ আহ্বান জনাব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত অতি কৌশলেৰে বৰাই কয় যে সেই বিষয়ে তেওঁ একো নকয়৷ সত্রাধিকাৰ বা বাকীসকলেহে ক’ব৷ কিন্তু বৰাৰ ধাৰণা মহাপুৰুষজনাৰ বিষয়ে ভালকৈ নাজানি বা অত্যুৎসাহী হৈও তেনেদৰে ক’ব পাৰে৷ সভাপতি বৰাই আৰু জানিবলৈ দিয়া মতে, আজি সন্ধিয়াৰ ভাগত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটৰ বৈঠক অনুষ্ঠিত হ’ব৷ সেই বৈঠকত মহাজোঁটৰ অংশীদাৰ দলসমূহে কৰিবলগীয়া আৰু নকৰিবলগীয়া গাইডলাইন প্রস্তুত কৰিব৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে কিছুদিন পূর্বে ধুবুৰীৰ এখন ৰাজহুৱা সভাত আজমলে উগ্র সাম্প্রদায়িক–প্রৰোচ মন্তব্য কৰাৰ পিছতো কংগ্রেছে অতি কৌশলেৰে তেওঁক ৰক্ষণাবেক্ষণ দি আহিছিল৷ এইবাৰো একমাত্র ক্ষমতাকেন্দ্রিক ৰাজনীতিৰ স্বার্থতে মহাপুৰুষজনাক অপমান তথা তাচ্ছিল্য কৰাৰ পিছতো প্রদেশ কংগ্রেছৰ সভাপতিগৰাকীয়ে আজমলক গৰিহণা বা সকীয়নি দিবলৈ সাহস কৰা নাই৷

You might also like